গৃহ মন্ত্ৰালয়

নতুন দিল্লীত আজি শ্ৰী অমৰনাথ জী যাত্ৰাৰ সুৰক্ষা আৰু যাৱতীয় ব্যৱস্থা পৰ্যালোচনাৰ বাবে এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

নিৰাপত্তা সংস্থাসমূহক সজাগ হৈ যাত্ৰাৰ বাবে নিৰাপত্তাৰক্ষীৰ পৰ্যাপ্ত নিয়োগ নিশ্চিত কৰিবলৈ নিৰ্দেশ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ

নিৰ্ধাৰিত মানক পৰিচালনা সঁহাৰি ব্যৱস্থাকে ধৰি ফলপ্ৰসূ সুৰক্ষা ব্যৱস্থাৰ বাবে নিখুঁত আন্তঃসংস্থা সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ গৃহমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে ভক্তসকলৰ বাবে সুবিধাজনক আৰু চাপমুক্ত অভিজ্ঞতা নিশ্চিত কৰাৰ লগতে শ্ৰী অমৰনাথ যাত্ৰা পৰিচালনাত পৰিৱেশ অনুকূল ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি ক’লে শ্ৰী অমিত শ্বাহে

২৯ জুনৰ পৰা অমৰনাথ যাত্ৰা আৰম্ভ হোৱাৰ লগতে যাত্ৰা সুচাৰুৰূপে পৰিচালিত কৰাৰ বাবে বিশদ ব্যৱস্থা লৈছে জম্মু-কাশ্মীৰ প্ৰশাসনে

শ্ৰী অমৰনাথ যাত্ৰাৰ ভক্তসকলে যাতে সহজে পবিত্ৰ দৰ্শন কৰিব পাৰে আৰু তেওঁলোকে কোনো অসুবিধাৰ সন্মুখীন নহয় নালাগে, সেয়া নিশ্চিত কৰাটো মোদী চৰকাৰৰ অগ্ৰাধিকাৰ

Posted On: 16 JUN 2024 8:21PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি নতুন দিল্লীত শ্ৰী অমৰনাথ জী যাত্ৰাৰ নিৰাপত্তা আৰু যাৱতীয় ব্যৱস্থা পৰ্যালোচনাৰ বাবে এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। সভাত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা শ্ৰী অজিত দোভাল, জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী মনোজ সিনহা, কেন্দ্ৰীয় গৃহ সচিব, চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক, সেনা মুৰব্বী জেনেৰেল মনোজ পাণ্ডে, সেনা মুৰব্বী (ডেজিগনেট) লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীকে ধৰি জ্যেষ্ঠ সেনা বিষয়া, চিএপিএফৰ সঞ্চালক প্ৰধান, জম্মু আৰু কাশ্মীৰৰ মুখ্য সচিব আৰু ডিজিপি আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

পৰ্যালোচনা বৈঠকৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নিৰাপত্তা সংস্থাসমূহক সজাগ হ’বলৈ আৰু অমৰনাথযাত্ৰাৰ বাবে নিৰাপত্তাৰক্ষীৰ পৰ্যাপ্ত নিয়োগ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ নিৰ্ধাৰিত মানক পৰিচালন সঁহাৰি ব্যৱস্থাপনাকে ধৰি ফলপ্ৰসূ সুৰক্ষা ব্যৱস্থাৰ বাবে নিখুঁত আন্তঃসংস্থা সমন্বয় স্থাপন কৰাৰ নিৰ্দেশ দিয়ে। শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে ভক্তসকলৰ বাবে সুবিধাজনক আৰু চাপমুক্ত অভিজ্ঞতা নিশ্চিত কৰাৰ লগতে শ্ৰী অমৰনাথ যাত্ৰা পৰিচালনাত পৰিৱেশ অনুকূল ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে শ্ৰী অমৰনাথ যাত্ৰাৰ ভক্তসকলে যাতে সহজে পবিত্ৰ কৰিব পাব পাৰে আৰু তেওঁলোকে কোনো অসুবিধাৰ সন্মুখীন নহয়, সেই ক্ষেত্ৰত মোদী চৰকাৰে অগ্ৰাধিকাৰ দিছে।

                                                                       C:\Users\admin\Desktop\HM\16.06.2024\1.JPG

কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰে অমৰনাথ যাত্ৰাক ভক্তসকলৰ বাবে সুৰক্ষিত আৰু আৰামদায়ক কৰি তোলাৰ বাবে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। যোৱা বছৰ ৪.৫ লাখৰো অধিক ভক্তই পবিত্ৰ দৰ্শনৰ বাবে আহিছিল। এইবাৰ ২৯ জুনত যাত্ৰা আৰম্ভ হ’ব। নিৰৱচ্ছিন্ন পঞ্জীয়ন, কনভয় চলাচল, কেম্পিং সুবিধা, চিকিৎসাৰ সুবিধা, পথ উন্নীতকৰণ, বিদ্যুৎ আৰু পানী যোগান আৰু মোবাইল ফোন সংযোগৰ ব্যৱস্থাকে ধৰি যাত্ৰাৰ সুকলমে পৰিচালনাৰ বাবে বিশদ ব্যৱস্থা গ্ৰহণ কৰিছে জম্মু-কাশ্মীৰ প্ৰশাসনে।

                                                                     C:\Users\admin\Desktop\HM\16.06.2024\2.JPG

*****

RK / VV / RR / PR / PS/DB



(Release ID: 2025825) Visitor Counter : 23