কৃষি মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীয়ে ১৮ জুনত বাৰাণসীত পিএম-কিষাণৰ অধীনত প্ৰায় ২০,০০০ কোটি টকাৰ ১৭ সংখ্যক কিস্তিৰ ধন মুকলি কৰিব

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে সংবাদমেলযোগে জনালে

প্ৰধানমন্ত্ৰীয়েকৃষি সখী হিচাপে ৩০,০০০ ৰো অধিক আত্ম-সহায়ক গোটক প্ৰমাণ-পত্ৰ প্ৰদান কৰিব

Posted On: 15 JUN 2024 3:10PM by PIB Guwahati

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে আজি এখনি সংবাদমেল সম্বোধনেৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পিএম-কিষাণৰ অধীনত প্ৰায় ২০,০০০ কোটি টকাৰ ১৭ সংখ্যক কিস্তি মুকলি কৰিবলৈ আগবঢ়াৰ কথা অৱগত কৰে। সেই অনুসৰি, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮ জুনত বাৰাণসী ভ্ৰমণেৰেপিএম কিষাণ আঁচনিৰ ১৭ সংখ্যক কিস্তিৰ ধন কৃষকসকলৈ মুকলি কৰি দিয়াৰ লগতে ৩০,০০০ ৰো অধিক আত্ম-সহায়ক গোটক কৃষি সখী হিচাপে প্ৰমাণ-পত্ৰ প্ৰদান কৰিব। উত্তৰ প্ৰদেশ চৰকাৰৰ সহযোগত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে এই অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল, কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথকে প্ৰমুখ্য কৰি উত্তৰ প্ৰদেশ চৰকাৰৰ বহুকেইজন মন্ত্ৰী তথা সন্মানীয় ব্যক্তিসকলে অংশগ্ৰহণ কৰিব।

                                                                  

সংবাদমেলত তেওঁক কৃষিৰ দৰে এটি গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্ব প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে এখনি উন্নত ভাৰতৰ সংকল্প বাস্তৱায়িতকৰণৰ অৰ্থে কৃষি হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ ভিত্তি। তেওঁ আৰু কয় যে কৃষি ভাৰতীয় অৰ্থনীতিৰ ভেটি। আজিও কৃষিয়ে অধিকাংশ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰি আছে।

তেওঁ কয় যে আজি কৃষকসকলে দেশৰ শস্যৰ ভঁৰাল ভৰাইছে। তেওঁ লগতে কয় যে ইয়াৰ পূৰ্বেও প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি আৰু কৃষক-ৰাইজক সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছিল।ইয়াৰ অংশস্বৰূপেই কৃষকসকলৰ কল্যাণৰ বাবে একাধিক পদক্ষেপ গ্ৰহণ কৰা হৈছিল আৰু এতিয়াও কাৰ্য্যভাৰ গ্ৰহণ কৰিয়েই প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমে কিষাণ সন্মান নিধিৰ১৭সংখ্যক কিস্তি মুকলিৰ ফাইলত স্বাক্ষৰ কৰে আৰু সেয়া কৃষক-ৰাইজলৈ আগবঢ়াই দিবলৈ ওলাইছে। শ্ৰী চৌহানে কয় যে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত তেখেতৰ প্ৰথমটো কাৰ্য্যসূচীত ২০,০০০ কোটিৰো অধিক টকা পিএম কিষাণৰ ১৭ সংখ্যক কিস্তি হিচাপে মুকলি কৰি দিয়া হ’ব।প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰাণসীত এটা বুটামত ক্লিক কৰা মাত্ৰেকে৯.২৬ কোটিৰো অধিক হিতাধিকাৰী কৃষকে এই ধন  লাভ কৰিব।

তেওঁ কয় যে কিষাণ সন্মান নিধি হৈছে সকলো ধৰণৰ মাটি-ধাৰী কৃষকৰ আৰ্থিক প্ৰয়োজনীয়তা পৰিপূৰণৰ অৰ্থে ২০১৯ৰ ২৪ ফেব্ৰুৱাৰীত আৰম্ভ কৰা এখনি কেন্দ্ৰীয় খণ্ডৰ আঁচনি। তেওঁ কয় যে হিতাধিকাৰীসকলৰ পঞ্জীয়ন আৰু পৰীক্ষণৰ ক্ষেত্ৰত নিৰপেক্ষতাতথা স্বচ্ছতা অক্ষুণ্ণ ৰাখি ভাৰত চৰকাৰে এতিয়ালৈকে সমগ্ৰ দেশৰ ১১ কোটিৰো অধিক কৃষকক ৩.০৪ লাখ কোটি টকাৰো অধিক ধন প্ৰদান কৰিছে আৰু আগন্তুক মুকলিৰ জৰিয়তে হিতাধিকাৰীসকললৈ হস্তান্তৰ কৰা মুঠ ধনৰাশিৰ পৰিমাণে ৩.২৪ লাখ কোটি টকা অতিক্ৰম কৰিব।

তেওঁ কয় যে প্ৰধানমন্ত্ৰীগৰাকীয়ে তিনি কোটি লাখপতি বাইদেউগঢ়াৰ সংকল্প গ্ৰহণ কৰিছে।ইয়াৰে প্ৰায় এক কোটি লাখপতি বাইদেউক আমি ইতিমধ্যে দেখিছোঁআৰু ২ কোটি এনে বাইদেউক আগন্তুক সময়ত আমি দেখিবলৈ পাম। কৃষি সখী ইয়াৰ এক মাত্ৰা। শ্ৰী চৌহানে কয় যে কৃষকসকলক সহায় কৰিবলৈ বহু ভগ্নীক প্ৰশিক্ষণ প্ৰদান হৈছে যাতে তেওঁলোকে কৃষি-কাৰ্য্যৰ ভিন্ন কামৰ জৰিয়তে কৃষকসকলক সহায় কৰিব পাৰে আৰু বছৰি প্ৰায় ৬০-৮০ হাজাৰ টকা অতিৰিক্ত উপাৰ্জন কৰিব পাৰে। কেন্দ্ৰীয় মন্ত্ৰীজনে কয় যে অহা ১৮ জুনৰপৰা কৃষক-ৰাইজৰ সমৃদ্ধিৰ লগতে এখনি উন্নত ভাৰতৰ সংকল্পৰ বাস্তৱায়িতকৰণো আৰম্ভ হ’ব। কাৰণ এই দিনটোতে কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীয়ে ৫০টা কৃষি বিজ্ঞান কেন্দ্ৰলৈ (KVK)গৈ কৃষক-ৰাইজৰ সৈতে মত-বিনিময় কৰিব আৰু মন্ত্ৰালয়টোৰ ভিন্ন আঁচনিৰাজি সম্পৰ্কে তেওঁলোকৰ মাজত সজাগতাৰ সৃষ্টি কৰিব। তেওঁ কয় যে সমগ্ৰ দেশৰ প্ৰায় ২.৫ কোটি কৃষক-ৰাইজে এই অনুষ্ঠানত যোগদান কৰিব। কৃষকসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে সমগ্ৰ দেশৰ ৭৩২ টা কৃষি বিজ্ঞান কেন্দ্ৰ, ১.০ লাখৰো অধিক প্ৰাথমিক কৃষি সমবায় সমিতিআৰু ৫.০ লাখ সামূহিক সেৱা কেন্দ্ৰ (CSC)য়ো অংশগ্ৰহণ কৰিব।

কেন্দ্ৰীয় মন্ত্ৰীজনে কয় যে প্ৰধানমন্ত্ৰী কিষাণৰ কিস্তি মুকলিৰ কাৰ্য্যসূচীতে প্ৰধানমন্ত্ৰী মোদীয়ে ৩০,০০০ৰো অধিক আত্ম-সহায়ক গোটক কৃষি সখী হিচাপে প্ৰমাণ-পত্ৰ প্ৰদান কৰিব আৰু তেখেতে সেইদিনা মঞ্চত ৫ টা গোটক এনে প্ৰমাণ-পত্ৰ বিতৰণ কৰিব। ১ম পৰ্য্যায়ত এই কৃষি সখী কাৰ্য্যসূচী ১২খন ৰাজ্য যথাঃ গুজৰাট, তামিলনাডু, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ছত্তীশগড়, কৰ্ণাটক, মহাৰাষ্ট্ৰ, ৰাজস্থান, ওড়িশা, ঝাৰখণ্ড, অন্ধ্ৰপ্ৰদেশআৰু মেঘালয়ত আৰম্ভ কৰা হৈছে। আজিলৈকে ৭০,০০০ ৰ ভিতৰত ৩৪,০০০ ৰো অধিক কৃষি সখীয়ে পেৰা-এক্সটেনচন ৱৰ্কাৰ হিচাপে স্বীকৃতি লাভ কৰিছে।

শ্ৰী চৌহানে কয় যে কৃষি সখীসকলক কৃষি পেৰা-এক্সটেনচন কৰ্মী হিচাপে বাছনি কৰা হৈছে কিয়নো তেওঁলোক বিশ্বাসযোগ্য সামাজিক-সমল ব্যক্তি আৰু অভিজ্ঞ কৃষক। ইতিমধ্যে কৃষি সখীসকলে ভিন্ন কৃষি পদ্ধতি সম্পৰ্কে বিস্তৃত প্ৰশিক্ষণ লাভেৰে সহ-কৃষকসকলক ফলপ্ৰসূভাৱে সহায় আৰু পথ-প্ৰদৰ্শন কৰিবলৈ সমৃদ্ধ হৈ উঠিছে।

 

শ্ৰী শিৱৰাজ সিং চৌহানে কয় যে কৃষিক্ষেত্ৰত মহিলাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰতি লক্ষ্য ৰাখি কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়েএখনি বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। তেওঁ কয় যে পিএম-কিষাণৰ অধীনত প্ৰতি চাৰি মাহৰ মূৰে-মূৰে তিনিটা সমান কিস্তিত প্ৰতি বছৰে ৬,০০০/- টকাৰ আৰ্থিক সুবিধা আগবঢ়োৱা হয়। সমগ্ৰ দেশৰ কৃষক পৰিয়ালৰ বেংক একাউন্টলৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ (DBT) মাধ্যমেৰেধনৰাশি প্ৰেৰণ কৰা হয়। আনহাতে, প্ৰধানমন্ত্ৰী ফছল বীমা যোজনাৰ অধীনত ৪ কোটিৰো অধিক কৃষকৰ আৰ্থিক সুৰক্ষা নিশ্চিত হৈছে। শ্ৰী চৌহানে সন্তোষ প্ৰকাশেৰে কয় যে সমগ্ৰ বিশ্বতে মূল্যবৃদ্ধিৰ মাজতো ১১ লাখ কোটি টকাৰ ৰাজসাহায্য প্ৰদানেৰে কৃষকসকলক সস্তীয়া হাৰত সাৰ যোগানৰ প্ৰচেষ্টা অব্যাহত আছে।

তেওঁ কয় যে এই কাৰ্য্যসূচী ডিডি, ডিডি কিষাণ, মাই গভ,ইউটিউব, ফেচবুকযোগে লাইভ সম্প্ৰচাৰ কৰা হ’ব। তেওঁ কৃষকসকলক এনে যিকোনো এক মাধ্যম বা বিজ্ঞান কেন্দ্ৰ বা সেৱা কেন্দ্ৰৰ জৰিয়তে পোনপটীয়াকৈ এই কাৰ্য্যসূচীত অংশগ্ৰহণেৰে প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে সংযোগ স্থাপন কৰিবলৈ আহ্বান জনায়।

সংবাদমেলত কৃষি আৰু কৃষক কল্যাণ বিভাগৰ সচিব শ্ৰী মনোজ আহুজা আৰু ডিএআৰইৰ সচিব শ্ৰী হিমাংশু পাঠকে ভাগ লয়।

*******

SK/SS/SB
 



(Release ID: 2025542) Visitor Counter : 197