গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

ঘেঁহুৰ বজাৰ মূল্যৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে কেন্দ্ৰই

২০২৪ চনত ঘেঁহুৰ উৎপাদন হৈছে ১১২ নিযুত মেট্ৰিক টন, মজুত আছে পৰ্যাপ্ত পৰিমাণৰ ঘেঁহু

ঘেঁহু আমদানিৰ ক্ষেত্ৰত শুল্কৰ গাঁথনি সলনি কৰাৰ কোনো প্ৰস্তাৱ নাই চৰকাৰৰ: খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগ

Posted On: 13 JUN 2024 4:50PM by PIB Guwahati

গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ অধীনস্থ খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগে ঘেঁহুৰ বজাৰ মূল্যৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। ইয়াৰ উপৰি অসাধু চক্ৰই যাতে কোনো ধৰণৰ অবৈধ মজুতকৰণ কৰিব নোৱাৰে  আৰু ঘেঁহুৰ মূল্য সুস্থিৰ হৈ থাকে তাৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰা হৈছে।

 

২০২৪ চনত বিভাগে ১১২ নিযুত মেট্ৰিক টন ঘেঁহু উৎপাদনৰ তথ্য লিপিবদ্ধ কৰিছে । ভাৰতীয় খাদ্য নিগমে ২০২৪ৰ সময়ছোৱাৰ ১১.০৬.২০২৪ তাৰিখলৈকে প্ৰায় ২৬৬ লাখ মেট্ৰিক টন ঘেঁহু ক্ৰয় কৰিছে।ৰাজহুৱা বিতৰণ ব্যৱস্থা (পি ডি এছ) আৰু অন্যান্য কল্যাণ আঁচনিৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ পিছত,  প্ৰায় ১৮৪ লাখ মেট্ৰিক টন ঘেঁহু যেতিয়াই প্ৰয়োজন হয় তেতিয়াই  বজাৰৰ চাহিদা পূৰণ কৰিব পৰাকৈ উপলব্ধ হৈ আছে।

 

বছৰৰ প্ৰতি ত্ৰিমাসিকৰ বাবে মজুতকৰণৰ মাত্ৰা বেলেগ বেলেগ হয়। ২০২৪ চনৰ ১ জানুৱাৰীলৈকে ঘেঁহুৰ মজুতৰ পৰিমাণ  আছিল ১৬৩.৫৩ লাখ মেট্ৰিক টন আৰু সেই সময়ত  নিৰ্ধাৰিত মজুতকৰণৰ মাত্ৰা আছিল ১৩৮ লাখ মেট্ৰিক টন। বিগত কোনো সময়তে ঘেঁহুৰ মজুতকৰণৰ পৰিমাণ  ত্ৰিমাসিক মজুতকৰণৰ পৰিমাণৰ নীতিৰ তললৈ অৱনমিত হোৱা নাই। তদুপৰি বৰ্তমান সময়ত ঘেঁহুৰ আমদানিৰ শুল্কৰ গাঁথনি সলনি কৰাৰো কোনো প্ৰস্তাৱ চৰকাৰৰ নাই।



(Release ID: 2025201) Visitor Counter : 27