প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘যোগ’-ক জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তুলিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে

বিভিন্ন আসন আৰু সেইবোৰৰ বিধি-নিৰ্দেশনা তথা লাভালাভৰ ব্যাখ্যা সম্বলিত ভিডিঅ'ৰ এটা ছেট শ্বেয়াৰ কৰে

Posted On: 11 JUN 2024 11:03AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘যোগ’-ক জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তুলিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। তেওঁ লগতে কয় যে ‘যোগ’-য়ে এক প্ৰশান্তি প্ৰদান কৰে, যাৰ ফলত আমি জীৱনৰ প্ৰত্যাহ্বানসমূহ প্ৰশান্ত মনেৰে আৰু ধৈৰ্য্যৰে মোকাবিলা কৰিব পাৰো।

আগন্তুক যোগ দিৱস-ৰ উপলক্ষে শ্ৰী মোদীয়ে বিভিন্ন আসন আৰু সেইবোৰৰ বিধি-নিৰ্দেশনা তথা লাভালাভৰ ব্যাখ্যা সম্বলিত ভিডিঅ'ৰ এটা ছেট শ্বেয়াৰ কৰে

‘এক্স’-ত প্ৰেৰণ কৰা ‘পোষ্ট’-ৰ এটা শৃংখলাত প্ৰধানমন্ত্ৰীয়ে কয়;

"আজিৰ পৰা দহ দিনৰ ভিতৰত বিশ্বই একতা আৰু সম্প্ৰীতি উদযাপন কৰা এক কালজয়ী প্ৰথা হিচাপে ‘দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ উদযাপন কৰিব। ‘যোগ’-য়ে সাংস্কৃতিক আৰু ভৌগোলিক সীমা অতিক্ৰম কৰিছে আৰু সামগ্ৰিক কল্যাণৰ বাবে সমগ্ৰ বিশ্বৰ লাখ লাখ লোকক সমাৱেশিত কৰিছে।"

"আমি এই বছৰৰ যোগ দিৱসৰ কাষ চাপি অহাৰ লগে লগে যোগ-ক আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তোলাৰ বাবে আমাৰ প্ৰতিশ্ৰুতি দোহৰাৰ লগতে আনকো এনে কৰাৰ বাবে উৎসাহিত কৰাটো অপৰিহাৰ্য হ’ব। ‘যোগ’-য়ে এক প্ৰশান্তি প্ৰদান কৰে, যাৰ ফলত আমি জীৱনৰ প্ৰত্যাহ্বানবোৰ শান্ত আৰু ধৈৰ্য্যৰে মোকাবিলা কৰিবলৈ সক্ষম হওঁ।"

"যোগ দিৱস ওচৰ চাপি অহাৰ মুহূৰ্তত মই ভিডিঅ'ৰ এটা ছেট শ্বেয়াৰ কৰিছো, ই বিভিন্ন আসন আৰু সেইবোৰৰ বিধি-নিৰ্দেশনা তথা লাভালাভ সম্প্ৰকীয় ব্যাখা প্ৰদান কৰিব। মই আশা কৰোঁ যে এই ভিডিঅই আপোনালোক সকলোকে নিয়মীয়াকৈ যোগাভ্যাস কৰিবলৈ অনুপ্ৰাণিত কৰিব।"

 

***

DS/ST/KB



(Release ID: 2023974) Visitor Counter : 34