প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ঐতিহাসিক তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জনাবলৈ ফোন কৰে নেপালৰ প্ৰধানমন্ত্ৰীয়ে

যোৱা বছৰ নেপালী প্ৰধানমন্ত্ৰীৰ ফলপ্ৰসূ ভ্ৰমণৰ কথা স্মৰণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে

ভাৰতৰ ‘চুবুৰীয়া প্ৰথম’ নীতিত এক বিশেষ অংশীদাৰ হৈ আছে নেপাল

प्रविष्टि तिथि: 05 JUN 2024 10:16PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী মাননীয় পুষ্প কমল দাহাল 'প্ৰচণ্ড'ৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰী প্ৰচণ্ডই প্ৰধানমন্ত্ৰী মোদীক ভাৰতৰ শেহতীয়াকৈ সামৰণি পৰা সাধাৰণ নিৰ্বাচনত তৃতীয়টো কাৰ্যকালৰ বাবে ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰত-নেপালৰ সম্পৰ্ক অধিক শক্তিশালী হৈ থাকিব বুলিও তেওঁ দৃঢ় বিশ্বাস ব্যক্ত কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী 'প্ৰচণ্ড'ক শুভেচ্ছা জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ যোৱা বছৰ নেপালৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ কথা আনন্দেৰে স্মৰণ কৰি কয় যে তেওঁলোকে তেতিয়া দুয়োখন দেশৰ মাজত পৰম্পৰাগত, বন্ধুত্বপূৰ্ণ আৰু বহুমুখী অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে কেবাটাও পদক্ষেপ গ্ৰহণ কৰিছিল।

নেপালে ভাৰতৰ সৈতে গভীৰ সাংস্কৃতিক আৰু সভ্যতাপ্ৰসূত সম্পৰ্ক অব্যাহত ৰাখি আহিছে আৰু ভাৰতৰ 'চুবুৰীয়া প্ৰথম' নীতিত এক বিশেষ অংশীদাৰ হৈ আছে। টেলিফোনযোগে হোৱা এই বাৰ্তালাপেও দুয়োখন দেশৰ মাজত চলি অহা উচ্চ-পৰ্যায়ৰ মত বিনিময়ৰ পৰম্পৰা অব্যাহত ৰাখিছে।

 

***

DS/ST/KB


(रिलीज़ आईडी: 2023410) आगंतुक पटल : 96
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam