গৃহ মন্ত্ৰালয়
নাগৰিকত্ব সংশোধনী আইন, ২০২৪ প্রকাশৰ পাছত প্রথমটো গোটক নাগৰিকত্ব প্রমাণ-পত্র প্রদান
আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহ সচিবে একাংশ আৱেদনকাৰীক নাগৰিকত্বৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে
Posted On:
15 MAY 2024 5:19PM by PIB Guwahati
নাগৰিকত্ব সংশোধনী আইন, ২০২৪ জাৰি কৰাৰ পিছত প্ৰথম গোটৰ নাগৰিকত্বৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। কেন্দ্ৰীয় গৃহ সচিব শ্ৰী অজয় কুমাৰ ভল্লাই আজি নতুন দিল্লীত একাংশ আবেদনকাৰীক নাগৰিকত্বৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে। আবেদনকাৰীসকলক অভিনন্দন জনাই কেন্দ্ৰীয় গৃহ সচিবগৰাকীয়ে নাগৰিকত্ব সংশোধনী আইনখনৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ বিষয়ে ব্যাখ্যা কৰে। এই বাৰ্তালাপত ডাক বিভাগৰ সচিব, চোৰাংচোৱা বিভাগৰ সঞ্চালক, দেশৰ মহাপঞ্জীয়ক আৰু চৰকাৰী উচ্চপদস্থ বিষয়াসকলো উপস্থিত থাকে।
ভাৰত চৰকাৰে চলিত বৰ্ষৰ ১১ মাৰ্চত নাগৰিকত্ব সংশোধনী আইন, ২০২৪ৰ অধিসূচনা জাৰি কৰিছিল। এই আইনখনত নাগৰিকত্বৰ আৱেদন, জিলা পৰ্যায়ত সমিতিৰ জৰিয়তে সেই আবেদনসমূহ প্ৰক্ৰিয়াকৰণৰ পদ্ধতি আৰু ৰাজ্যিক পৰ্যায়ৰ ক্ষমতাপ্ৰাপ্ত সমিতিসমূহৰ জৰিয়তে আবেদনসমূহ পৰীক্ষা কৰাৰ পিছত নাগৰিকত্ব প্ৰদানৰ পদ্ধতিৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে। পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ভাৰতলৈ পলায়ন কৰা হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টানসকলে এই আইনৰ অধীনত ৩১.১২.২০১৪ চনত ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিছিল।
জ্যেষ্ঠ অধীক্ষক/ডাক অধীক্ষকৰ অধ্যক্ষতাত জিলা পৰ্যায়ৰ সমিতিসমূহত নথি-পত্ৰ পৰীক্ষণৰ পিছত আবেদনকাৰীসকলক আনুগত্যৰ শপত গ্ৰহণ কৰা হয়। ইয়াৰ পিছত জিলা পৰ্যায়ৰ কমিটী(ডিএলচি)য়ে এই আবেদনসমূহ ৰাজ্যিক পৰ্যায়ৰ ক্ষমতাপ্ৰাপ্ত সমিতিলৈ প্ৰেৰণ কৰে। এই সমিতিৰ নেতৃত্বত আছে লোকপিয়ল বিষয়া। আবেদন প্ৰক্ৰিয়াকৰণ সম্পূৰ্ণৰূপে অনলাইন পৰ্টেলৰ জৰিয়তে কৰা হয়।
দিল্লীৰ লোকপিয়ল বিষয়াৰ নেতৃত্বত গঠিত তদৰ্থ সমিতিয়ে সকলো তন্ন তন্নকৈ পৰীক্ষা কৰি ১৪ গৰাকী আৱেদনকাৰীক নাগৰিকত্ব প্ৰদানৰ সিদ্ধান্ত লয়। সেই অনুসৰি লোকপিয়ল বিষয়াই এই আৱেদনকাৰীসকলক নাগৰিকত্বৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে।
*****
RK/VV/ASH/PS
(Release ID: 2020792)
Visitor Counter : 121
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Hindi_MP
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam