ভাৰতীয় নিৰ্বাচন আয়োগ

চতুৰ্থ পৰ্যায়ত ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা সংসদীয় সমষ্টিত শান্তিপূৰ্ণ ভোটগ্ৰহণ

নিশা ৮ বজালৈকে ভোটাৰৰ ভোটদানৰ হাৰ ৬২.৮৪%; নিশা ১১:৪৫ বজাত আন এক আপডেট

২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ বাবে ২৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৩৭৯টা সংসদীয় সমষ্টিত ভোটগ্ৰহণ সম্পূৰ্ণ

অন্ধ্ৰ প্ৰদেশ, ছিকিম আৰু অৰুণাচল প্ৰদেশত ৰাজ্য বিধানসভা নিৰ্বাচনত ভোটগ্ৰহণ সম্পূৰ্ণ

দশকৰ ভিতৰত শ্ৰীনগৰত ভোটদানৰ হাৰ সৰ্বাধিক

অধিক স্বচ্ছতাৰ বাবে এণ্ড্ৰইড সংস্কৰণত ভিটিআৰ এপৰ স্ক্ৰীণশ্বটসমূহো সক্ষম কৰা হৈছে

Posted On: 13 MAY 2024 8:38PM by PIB Guwahati

আজি পুৱা ৭ বজাৰ পৰা ৯৬টা সংসদীয় সমষ্টিত একেলগে আৰম্ভ হোৱা সাধাৰণ নিৰ্বাচন, ২০২৪ৰ চতুৰ্থ পৰ্যায়ত ভোটগ্ৰহণত নিশা ৮ বজাৰ ভিতৰত আনুমানিক ৬২.৮৪% ভোটদানৰ তথ্য পোৱা গৈছে। সন্ধিয়া ৬ বজাত ভোটগ্ৰহণ অন্ত পৰে যদিও ভোটগ্ৰহণ কেন্দ্ৰত তেতিয়াও বৃহৎ সংখ্যক ভোটাৰ শাৰী পাতি থকাৰ তথ্য আহিছে।

এতিয়াও আপডেট হৈ থকা ভোটাৰৰ ভোটদানৰ পৰিসংখ্যা ভাৰতৰ নিৰ্বাচন আয়োগ ভোটাৰ ভোদদান এপত উপলব্ধ হ’ব। ইয়াৰ দ্বাৰা ৰাজ্য/সংসদীয় সমষ্টি/বিধানসভা সমষ্টিভিত্তিক পৰিসংখ্যাৰ উপৰি সৰ্বমুঠ পৰ্যায়ভিত্তিক পৰিসংখ্যা পোৱা যাব। আয়োগে অতিৰিক্তভাৱে অংশীদাৰসকলৰ সুবিধাৰ বাবে ভোটাৰৰ ভোটদানৰ পৰিসংখ্যাৰ আন এক প্ৰেছ বিজ্ঞপ্তি ২৩.৪৫ বজাত জাৰি কৰিব।

চতুৰ্থ পৰ্যায়ত ৰাজ্যভিত্তিক আনুমানিক ভোটদানৰ হাৰ (৮বজালৈকে)

 

ক্ৰ.নং

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

সংসদীয় সমষ্টিৰ সংখ্যা

Approximate Voter Turnout %

অন্ধ্ৰপ্ৰদেশ

২৫

৬৮.১২

বিহাৰ

৫৫.৯০

জম্মু আৰু কাশ্মীৰ

৩৬.৫৮

ঝাৰখণ্ড

৬৩.৩৭

মধ্যপ্ৰদেশ

৬৮.৬৩

মহাৰাষ্ট্ৰ

১১

৫২.৭৫

ওড়িশা

৬৩.৮৫

তেলেংগানা

১৭

৬১.৩৯

উত্তৰপ্ৰদেশ

১৩

৫৭.৮৮

১০

পশ্চিমবংগ

৭৫.৯৪

সংশ্লিষ্ট ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল (৯৬ সংসদীয় সমষ্টি)

৯৬

৬২.৮৪

 

শান্তিপূৰ্ণ আৰু সুচাৰুৰূপে ভোটগ্ৰহণ অনুষ্ঠিত হয়। মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী ৰাজীৱ কুমাৰৰ নেতৃত্বত আয়োগে নিৰ্বাচন শ্ৰী জ্ঞানেশ কুমাৰ আৰু শ্ৰী সুখবীৰ সিং সান্ধুৰ সৈতে সকলো পৰ্যায়তে নিৰ্বাচন প্ৰক্ৰিয়াৰ প্ৰতিটো দিশৰ ওপৰত নিয়মীয়াকৈ তীক্ষ্ণ দৃষ্টি ৰাখিছিল আৰু য’তেই প্ৰয়োজন হৈছিল, নিৰ্দেশনা জাৰি কৰিছিল। কঠোৰ নিৰাপত্তা ব্যৱস্থাৰে ভোটাৰসকলে ভয় বা ভয়-ভাবুকি নোহোৱাকৈ ভোটদানৰ অনুকূল পৰিৱেশ সৃষ্টি কৰে। চতুৰ্থ পৰ্যায়ৰ সামৰণি পৰাৰ লগে লগে সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণৰ আধা অতিক্ৰম কৰি ২৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৩৭৯খন সংসদীয় সমষ্টিত ভোটগ্ৰহণ সম্পূৰ্ণ হৈছে। অৰুণাচল প্ৰদেশ, ছিকিম, অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যিক বিধানসভা আৰু ওড়িশা ৰাজ্যিক বিধানসভাৰ ২৮খন বিধানসভাৰ আসনৰ বাবে সাধাৰণ নিৰ্বাচনত ভোটগ্ৰহণো সম্পূৰ্ণ হৈছে।

                                                                            

কাশ্মীৰ উপত্যকাত আজি শ্ৰীনগৰ সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হয়। যথেষ্ট নিৰাপত্তাৰ মাজত ভোটাৰসকলে শ্ৰীনগৰৰ বিভিন্ন ভোটকেন্দ্ৰত ভোটদানৰ বাবে শান্তিপূৰ্ণভাৱে শাৰী পাতি থকা দেখা গ’ল। তেলেংগানাৰ ১৭টা সংসদীয় সমষ্টিৰ কিছুমান বিধানসভা খণ্ডত ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে আয়োগে (পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে) ভোটগ্ৰহণৰ সময় বৃদ্ধি কৰিছিল।

স্বচ্ছতা আৰু অধিক বৃদ্ধিৰ বাবে এতিয়া ভোটাৰ টাৰ্ণআউট এপটো উন্নীত কৰা হৈছে যাতে এপটোৰ এণ্ড্ৰইড ব্যৱহাৰকাৰীসকলে স্ক্ৰীণশ্বট ল’ব পাৰে। এই ব্যৱস্থাটো আয়োগে গ্ৰহণ কৰা স্বচ্ছতা ব্যৱস্থাৰ অন্যতম।

নিৰ্ধাৰিত পদ্ধতি অনুসৰি নিৰ্বাচনৰ দিনটোৰ এদিন পিছত প্ৰাৰ্থী বা তেওঁলোকৰ অনুমোদিত ভোটগ্ৰহণ এজেণ্টৰ উপস্থিতিত নিৰ্বাচনী কাগজৰ তদন্ত কৰা হয়। যদি আছে তেন্তে পুনৰ ভোটদানৰ সিদ্ধান্তও তাৰ পিছত লোৱা হয়। ভৌগোলিক/লজিষ্টিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান ভোটগ্ৰহণকাৰী দলে ভোটগ্ৰহণৰ পিছদিনাহে উভতি আহে। আয়োগে পৰীক্ষণৰ পিছত আৰু পুনৰ ভোটদানৰ সংখ্যা/সময়সূচীৰ ওপৰত নিৰ্ভৰ কৰি ১৭.৫.২০২৪ৰ ভিতৰত লিংগভিত্তিক বিভাজনৰ লগতে ভোটাৰৰ ভোটদানৰ আপডেট প্ৰকাশ কৰিব।

আজি বতৰটো যথেষ্ট অনুকূল আছিল। ভোটাৰসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে আৰু চতুৰ্থ পৰ্যায়ত ভোটগ্ৰহণলৈ যোৱা ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা উজ্জ্বল নীলাৰ পৰা মেঘাছন্ন আকাশৰ তলত ভোটদানৰ দৃশ্যপট ওলাই আহিছিল। এই পৰ্যায়ত ভোটগ্ৰহণ কৰা ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল অন্ধ্ৰপ্ৰদেশ, বিহাৰ, জম্মু-কাশ্মীৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িশা, তেলেংগানা, উত্তৰপ্ৰদেশ আৰু পশ্চিমবংগ। এই পৰ্যায়ত মুঠ ১,৭১৭ জন প্ৰাৰ্থীয়ে নিৰ্বাচনী খেলপথাৰত অংশ লৈছিল।

হাই ৰিজ’লিউচনৰ ভোটদানৰ ফটো ইয়াত চাব পাৰিব: https://www.eci.gov.in/ge-2024-photogallery। এক শোকাবহ ঘটনাত তেলেংগানাৰ চম্পেটত এজন ভোটগ্ৰহণকাৰী বিষয়াৰ কৰ্তব্যৰত অৱস্থাত মৃত্যু হয়। এই মৰ্মান্তিক ঘটনাৰ পাছতে ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি আয়োগে মৃত ভোটগ্ৰহণকাৰী বিষয়াগৰাকীৰ পৰিয়ালক এককালীন সাহাৰ্য তৎকালীনভাৱে প্ৰদান কৰিবলৈ তেলেংগানাৰ মুখ্য নিৰ্বাচনী বিষযাক নিৰ্দেশ দিয়ে।

                                                                         

উত্তৰপ্ৰদেশৰ বাহৰেইচৰ ভোটগ্ৰহণ কেন্দ্ৰত পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি থাৰু জনজাতি

 

পৰৱৰ্তী পৰ্যায়ৰ (পঞ্চম পৰ্যায়) ভোটগ্ৰহণ ২০২৪ চনৰ ২০ মে’ত ৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯খন সংসদীয় সমষ্টিত অনুষ্ঠিত হ’ব।

***************

DK/RP/DB



(Release ID: 2020548) Visitor Counter : 32