ভাৰতীয় নিৰ্বাচন আয়োগ

এতিয়ালৈকে সৰ্বাধিক বৈশ্বিক প্ৰতিনিধি ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ সাক্ষী হ’ব

ভাৰতীয় নিৰ্বাচনী ক্ষেত্ৰ, প্ৰক্ৰিয়াআৰু ইয়াৰদ্বাৰা সৃষ্ট সামৰ্থ্যৰ অৱদানেবিশ্বৰ বাবে বিশাল ‘গণতান্ত্ৰিক ব্যাপকতা’ৰ সৃষ্টি কৰেঃমুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ

প্ৰতিবাৰেইনিৰ্বাচনৰ ফলাফলৰ প্ৰতিজনতাৰ আস্থা প্ৰকাশে ভাৰতৰ শক্তিশালী গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ সাক্ষ্য বহন কৰে

Posted On: 05 MAY 2024 4:01PM by PIB Guwahati

বিশ্বৰ গণতান্ত্ৰিক ৰাষ্ট্ৰসমূহৰ মাজতনিৰ্বাচনী পৰম্পৰাতস্বচ্ছতাৰ সংস্কৃতি গঢ়ি তোলা আৰু উচ্চ মানদণ্ডৰ প্ৰতি স্বকীয় দায়বদ্ধতাৰ কথা পুনৰবাৰ প্ৰতিফলনেৰে ভাৰতৰ নিৰ্বাচন আয়োগৰ (ECI)পৰম্পৰা অনুসৰি, আন্তঃৰাষ্ট্ৰীয় নিৰ্বাচন দৰ্শনাৰ্থী কাৰ্য্যক্ৰমৰ (IEVP) অংশস্বৰূপে ২৩খন দেশক প্ৰতিনিধিত্বকৰণেৰে ৭৫ গৰাকী প্ৰতিনিধিয়েসম্প্ৰতি ভাৰতৰ সাধাৰণ নিৰ্বাচন প্ৰত্যক্ষ কৰিবলৈ ভাৰতত বাহৰ পাতিছে। আজি নতুন দিল্লীত মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী ৰাজীৱ কুমাৰ তথানিৰ্বাচন আয়ুক্তদ্বয় শ্ৰী জ্ঞানেশ কুমাৰ আৰু শ্ৰী সুখবীৰ সিং সন্ধুৰ উপস্থিতিত এই কাৰ্য্যসূচী উদ্বোধন কৰা হয়।

                                                                              

এই কাৰ্য্যসূচীত মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী ৰাজীৱ কুমাৰে প্ৰতিনিধিসকলক সম্বোধনেৰে কয় যে ভাৰতীয় নিৰ্বাচনী ক্ষেত্ৰৰ অৱদান আৰু ভাৰতৰ নিৰ্বাচন আয়োগে কৰা কামে, বিশ্বৰ গণতান্ত্ৰিক ক্ষেত্ৰখনৰ এক উল্লেখযোগ্য অংশ আৱৰি ৰাখিছে। ইয়াৰদ্বাৰা সৃষ্ট প্ৰক্ৰিয়া আৰু সামৰ্থ্যক ‘গণতান্ত্ৰিক ব্যাপকতা’ (democratic surpluses) বুলিব পাৰি। বিশ্বজুৰি গণতান্ত্ৰিক ক্ষেত্ৰখনৰ সংকোচন ঘটা বা অৱনতি হোৱাৰ সময়তে ইয়াৰ এক বিশাল তাৎপৰ্য্য আছে।

শ্ৰী কুমাৰে আৰু কয় যে ভাৰতীয় নিৰ্বাচনী ক্ষেত্ৰখন অনন্য।কিয়নো নিৰ্বাচনী পঞ্জীয়ন বাধ্যতামূলক নহয় বা ভোটদানো বাধ্যতামূলক নহয়। গতিকে,আয়োগেপূৰ্ণ সন্তুলনেৰে কাম কৰিব লাগে।দেশৰ নাগৰিকসকলক স্বেচ্ছাই নিৰ্বাচনী তালিকাতপঞ্জীয়নভুক্ত হ’বলৈ আমন্ত্ৰণ জনাই আৰু পৰৱৰ্তী পদ্ধতিগত ভোটাৰ সজাগতা কাৰ্য্যসূচীৰ জৰিয়তে তেওঁলোকক নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ প্ৰেৰণা যোগাব লাগে। তেওঁ কয়,“আমি গ্ৰহণ কৰা প্ৰক্ৰিয়াসমূহৰ বিশ্বাসযোগ্যতাৰ নিৰ্বাচনত আগ্ৰহপূৰ্ণ ভোটদান আৰু ভোটাৰ-জনসংখ্যাৰ অনুপাতৰ ক্ষেত্ৰত নিৰ্বাচনী তালিকাৰ প্ৰায় পৰিপূৰ্ণতাৰ (saturation) জৰিয়তে প্ৰতিফলিত হয়।“

                                                                       

ভাৰতৰ নিৰ্বাচনী পৰম্পৰাৰ মাত্ৰা সন্দৰ্ভত বক্তব্য প্ৰদানেৰে তেওঁ কয় যে দেশৰ ১ নিযুতৰো অধিক ভোটগ্ৰহণ কেন্দ্ৰত ৯৭০ নিযুত ভোটাৰক ১৫ নিযুতৰো অধিক নিৰ্বাচনী বিষয়া-কৰ্মচাৰীয়ে ইতিমধ্যে আদৰণি জনাইছে বা জনাব। শ্ৰী কুমাৰে লগতে কয় যে এইসকল প্ৰতিনিধিয়ে দেশৰ ভোটাৰসকলৰ বৈচিত্ৰ্যতাক ভোটগ্ৰহণ কেন্দ্ৰসমূহত পূৰ্ণৰূপে প্ৰত্যক্ষ কৰিব পাৰে। তেওঁ লগতে কয় যে ভাৰত এখনি উৎসৱৰ দেশ আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁ প্ৰতিনিধিসকলক গণতন্ত্ৰৰ উৎসৱৰ প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰিবলৈ আহ্বান জনায়।

এই অনুষ্ঠানৰ আঁৰত আয়োগে কাজাখাস্তান, উজবেকিস্তানআৰু নেপালৰ মুখ্য নিৰ্বাচন আয়ুক্তসকলকে প্ৰমুখ্য কৰি তেওঁলোকৰ প্ৰতিনিধি দলৰ সৈতে দ্বিপাক্ষিক মত-বিনিময়ো কৰে।

ইয়াৰ পূৰ্বে প্ৰতিনিধিসকলক ইভিএম-ভিভিপিএটি, আইটিৰ পদক্ষেপ, সংবাদ মাধ্যম তথা সামাজিক মাধ্যমৰ ভূমিকাকে প্ৰমুখ্য কৰি ভাৰতৰ সাধাৰণ নিৰ্বাচন-২০২৪ৰ ভিন্ন দিশ সম্পৰ্কে অৱগত কৰা হয়। এই অধিৱেশনত জ্যেষ্ঠ উপ-নিৰ্বাচন আয়ুক্ত শ্ৰী ধৰ্মেন্দ্ৰ শৰ্মাই অধ্যক্ষতা কৰে। ইয়াত নিৰ্বাচনৰ এক আভাস দাঙি ধৰেউপ-নিৰ্বাচন আয়ুক্ত শ্ৰী আৰ.কে. গুপ্তাই।ইয়াৰ পিছতে ইভিএম-ভিভিপিএটি সন্দৰ্ভত প্ৰেজেনটেচন আগবঢ়াইজ্যেষ্ঠ উপ-নিৰ্বাচন আয়ুক্তশ্ৰী নিতেশ কুমাৰে। ইচিআইৰ আইটিৰপদক্ষেপৰাজি সন্দৰ্ভত এক প্ৰেজেনটেচন আগবঢ়াইসঞ্চালক প্ৰধান (আইটি)শ্ৰীমতী নীতা বাৰ্মাইআৰু যুটীয়া সঞ্চালক (মিডিয়া)শ্ৰী অনুজ চান্দকেসংবাদ মাধ্যমআৰু সামাজিক মাধ্যমৰ ভূমিকা সম্পৰ্কে প্ৰেজেনটেচনৰ জৰিয়তে অৱগত কৰে।

এই প্ৰতিনিধিসকলে ভিন্ন গোটত বিভক্ত হৈ ছখন ৰাজ্য— মহাৰাষ্ট্ৰ, গোৱা, গুজৰাট, কৰ্ণাটক, মধ্যপ্ৰদেশআৰু উত্তৰ প্ৰদেশ ভ্ৰমণেৰে ভিন্ন সমষ্টিত নিৰ্বাচন আৰু আনুষংগিক প্ৰস্তুতি পৰ্য্যবেক্ষণ কৰিব। ৯ মে’, ২০২৪তএই কাৰ্য্যসূচীৰ অন্ত পৰিব।এই কাৰ্য্যসূচীৰ জৰিয়তে বিদেশী প্ৰতিনিধিসকলে ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাৰ গূঢ়াৰ্থৰ লগতে ভাৰতীয় নিৰ্বাচনৰ উত্তম পদ্ধতিৰাজিসম্পৰ্কে অৱগত হ’ব।

চলিত লোকসভা নিৰ্বাচন-২০২৪ৰ পৰিসৰ আৰু মৰ্য্যাদাৰ সমানুপাতিকভাৱে এইবাৰ ২৩খন দেশ যথা - ভূটান, মংগোলিয়া, অষ্ট্ৰেলিয়া, মাদাগাস্কাৰ, ফিজি, কিৰ্গিজ ৰিপাব্লিক, ৰাছিয়া, মলদোভা, টিউনিছিয়া, ছিচেলছ, কম্বোডিয়া, নেপাল, ফিলিপাইনছ, শ্ৰীলংকা, জিম্বাবুৱে, বাংলাদেশ, কাজাখাস্তান, জৰ্জিয়া, চিলি, উজবেকিস্তান, মালদ্বীপ, পাপুয়া নিউগিনি আৰু নামিবিয়াৰ ভিন্ন নিৰ্বাচন পৰিচালনা সংস্থা (EMB) আৰু সংস্থাক প্ৰতিনিধিত্ব কৰা এতিয়ালৈকে সৰ্বাধিক প্ৰতিনিধিয়েএই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। আন্তঃৰাষ্ট্ৰীয় নিৰ্বাচনী ব্যৱস্থাৰ ফাউণ্ডেচন (IFES)তথা ভূটান আৰু ইজৰাইলৰ সংবাদ মাধ্যমেওইয়াত অংশগ্ৰহণ কৰে।

***

DK/RP/SB
 



(Release ID: 2019690) Visitor Counter : 57