ভাৰতীয় নিৰ্বাচন আয়োগ

কাইলৈৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰতিটো ব্যৱস্থা যথাযথ

বিস্তাৰ: ৮৮খন লোকসভাৰ আসন, ~১৬ কোটি ভোটাৰ, ১.৬৭ লাখ ভোটকেন্দ্ৰ, ১৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনটোৰ বাবে বতৰৰ ভৱিষ্যদ্বাণী স্বাভাৱিক

Posted On: 25 APR 2024 5:38PM by PIB Guwahati

কাইলৈ আৰম্ভ হ’বলগীয়া লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে সাজু হৈছে ভাৰতৰ নিৰ্বাচন আয়োগ। বতৰৰ পৰিস্থিতি স্বাভাৱিক পৰিসৰৰ ভিতৰত হ’ব বুলি ভৱিষ্যদ্বাণী কৰা হৈছে, ভোটাৰসকলে আৰামত ভোট দিব পাৰিব। ভোটাৰৰ সুবিধাৰ বাবে বিভিন্ন ব্যৱস্থাকে ধৰি সকলো ভোটকেন্দ্ৰতে গৰম বতৰৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ নিখুঁত ব্যৱস্থা কৰা হৈছে।

১৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮টা সমষ্টিত ভোটগ্ৰহণৰ দিন ধাৰ্য কৰা হৈছে। স্মৰণীয় যে বহুজন সমাজ পাৰ্টিৰ এজন প্ৰাৰ্থীৰ মৃত্যুৰ বাবে মধ্যপ্ৰদেশত ২৯-বেতুল পিচিৰ ভোটগ্ৰহণ তৃতীয় পৰ্যায়ত পুনৰ নিৰ্ধাৰণ কৰা হৈছিল। বাকী ৫টা পৰ্যায়ৰ নিৰ্বাচন অহা জুনলৈকে চলিব আৰু জুনত ভোটগণনা হ’ব। প্ৰথম পৰ্যায়ৰ ১০২খন আসনৰ বাবে ১৯ এপ্ৰিলত মসৃণ আৰু শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পূৰ্ণ হয়।

নিৰ্বাচন আয়োগে ভোটগ্ৰহণ কেন্দ্ৰত অধিক সংখ্যক ভোটদানৰ লগতে দায়িত্ব আৰু গৌৰৱেৰে ভোটদান কৰিবলৈ আহ্বান জনাইছে।

২য় পৰ্যায়ৰ তথ্য

১। ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে ভোটগ্ৰহণ অৰ্থাৎ ২০২৪ চনৰ ২৬ এপ্ৰিলত ১৩খন ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮টা সংসদীয় সমষ্টি (সাধাৰণ- ৭৩; অনুসূচিত জনজাতি- ; অনুসূচিত জাতি-) বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ভোটদান পুৱা বজাৰ পৰা আৰম্ভ হ'ব আৰু সন্ধিয়া বজাত শেষ হ'ব (নিৰ্বাচন বন্ধ কৰাৰ সময় পিচি অনুসৰি পৃথক হ'ব পাৰে)।

২। বিহাৰৰ বাংকা, মাধেপুৰা, খগড়িয়া আৰু মুংগেৰ সমষ্টিৰ বহু ভোটকেন্দ্ৰত ভোটগ্ৰহণৰ সময় সন্ধিয়া বজা পৰ্যন্ত বৃদ্ধি কৰি গৰম বতৰত ভোটাৰক সুবিধা প্ৰদান কৰা হ'ব। অধিক বিৱৰণৰ বাবে:

https://www.eci.gov.in/eci-backend/public/api/download?url=LMAhAK6sOPBp%2FNFF0iRfXbEB1EVSLT41NNLRjYNJJP1KivrUxbfqkDatmHy12e%2Fzye%2BFD1PRcKxhOuiYZ2Ra38yzz3o0TY4laMGELkYwTaffXNh1flPiunL2kQsXmpWxyKzGsKzKlbBW8rJeM%2FfYFA%3D%3D

৩। ১৬ লাখৰো অধিক পলিং বিষয়াই ১.৬৭ লাখ ভোট কেন্দ্ৰত ১৫.৮৮ কোটিৰো অধিক ভোটাৰক আদৰণি জনাব।

৪। ভোটাৰৰ ভিতৰত আছে ৮.০৮ কোটি পুৰুষ; ৭.৮ কোটি মহিলা আৰু ৫৯২৯ গৰাকী তৃতীয় লিংগ নিৰ্বাচক।

৫। প্ৰথমবাৰৰ বাবে ভোটদানৰ বাবে পঞ্জীয়ন হৈছে ৩৪.৮ লাখ। ইয়াৰ উপৰিও ২০-২৯ বছৰ বয়সৰ ৩.২৮ কোটি যুৱ ভোটাৰ আছে।

৬। ১২০২জন প্ৰাৰ্থী (পুৰুষ - ১০৯৮; মহিলা-১০২; তৃতীয় লিংগ – ০২) যুঁজত আছে।

৭। ৮৫+ বছৰ বয়সৰ ১৪.৭৮ লাখৰো অধিক পঞ্জীয়নভুক্ত, ১০০ বছৰৰ ওপৰৰ ৪২,২২৬জন আৰু দ্বিতীয় পৰ্যায়ৰ বাবে ১৪.৭ লাখ পিডব্লিউডি ভোটাৰক ঘৰৰ পৰাই ভোটদানৰ বিকল্প প্ৰদান কৰা হৈছে। ইতিমধ্যে এই ঐচ্ছিক Home Voting সুবিধাই ব্যাপক প্ৰশংসা আৰু সঁহাৰি লাভ কৰিছে।

৮। পলিং আৰু নিৰাপত্তাৰক্ষীক নিবলৈ ৩খন হেলিকপ্টাৰ, ৪খন বিশেষ ৰে’ল আৰু প্ৰায় ৮০ হাজাৰ বাহন নিয়োগ কৰা হৈছে।

৯। সকলো ভোটকেন্দ্ৰতে মাইক্ৰ’-অবজাৰ্ভাৰ নিয়োগ কৰাৰ লগতে ৫০ শতাংশতকৈ অধিক ভোটকেন্দ্ৰত ৱেবকাষ্টিং কৰা হ’ব। লাখৰো অধিক ভোটকেন্দ্ৰত ৱেবকাষ্টিং কৰা হৈছে।

১০। নিৰ্বাচনৰ কিছুদিন পূৰ্বে ইতিমধ্যে ২৫১জন পৰ্যবেক্ষক (৮৯জন সাধাৰণ পৰ্যবেক্ষক, ৫৩জন আৰক্ষী পৰ্যবেক্ষক, ১০৯জন ব্যয় পৰ্যবেক্ষক) তেওঁলোকৰ সমষ্টিত উপস্থিত হৈছে। তেওঁলোকে আয়োগৰ চকু আৰু কাণ হিচাপে কাম কৰে যাতে তেওঁলোকে পৰম সতৰ্কতা অৱলম্বন কৰিব পাৰে। ইয়াৰ উপৰিও কিছুমান বিশেষ ৰাজ্যত বিশেষ পৰ্যবেক্ষক নিয়োগ কৰা হৈছে।

১১। ভোটাৰক কৰা যিকোনো ধৰণৰ প্ৰৰোচনাৰ সৈতে কঠোৰ আৰু ক্ষিপ্ৰতাৰে মোকাবিলা কৰিবলৈ মুঠ ৪৫৫৩টা ফ্লাইং স্কোৱাড, ৫৭৩১টা ষ্টেটিক ছাৰ্ভিলেন্স টিম, ১৪৬২টা ভিডিঅ’ ছাৰ্ভিলেন্স টিম আৰু ৮৪৪টা ভিডিঅ’ ভিউইং টিমে ২৪ ঘণ্টাই সতৰ্ক দৃষ্টি ৰাখিছে।

১২। মুঠ ১২৩৭খন আন্তঃৰাজ্যিক আৰু ২৬৩টা আন্তঃৰাষ্ট্ৰীয় সীমান্ত চেক পোষ্টে সুৰা, ড্ৰাগছ, নগদ ধন আৰু বিনামূলীয়া সামগ্ৰীৰ যিকোনো অবৈধ প্ৰবাহৰ ওপৰত কঠোৰ সতৰ্কতা অৱলম্বন কৰি আছে। সমুদ্ৰ আৰু বিমান পথত কঠোৰ দৃষ্টি ৰখা হৈছে।

১৩। ভোটাৰৰ অধিক ভোটদানৰ বাবে ভোটাৰ সজাগতা আৰু সুবিধা প্ৰদানৰ ব্যৱস্থা অধিক সাজু কৰা হৈছে।

১৪। নিশ্চিত নূন্যতম পানী, ছাদ, শৌচাগাৰ, ৰেম্প, স্বেচ্ছাসেৱক, হুইল চেয়াৰ, আৰু বিদ্যুতৰ দৰে সুবিধাসমূহ স্থাপন কৰা হৈছে যাতে বৃদ্ধ আৰু বিশেষভাৱে সক্ষম লোককে ধৰি প্ৰতিজন ভোটাৰে সহজেই ভোটদান কৰিব পাৰে। উষ্ণ বতৰৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ ব্যৱস্থাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে।

১৫। স্থানীয় থিমৰ সৈতে ৮৮টা পিচিত প্ৰায় ৪১৯৫টা মডেল ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। ৪১০০ৰো অধিক ভোটকেন্দ্ৰ সম্পূৰ্ণৰূপে নিৰাপত্তাৰক্ষীকে ধৰি মহিলাসকলে আৰু ৬৪০টাতকৈও অধিক ভোটকেন্দ্ৰত প্ৰতিবন্ধী ব্যক্তি (পিডব্লিউডি)ৰ দ্বাৰা পৰিচালিত হ’ব।

১৬। বিহাৰ আৰু কেৰালাৰ বাহিৰে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত গড় হিচাপত ১০০০তকৈ কম নিৰ্বাচক আছে। বিহাৰত ১০০৮জন আৰু কেৰালাত প্ৰতিটো ভোটকেন্দ্ৰত ১১০২জন নিৰ্বাচক।

১৭। পঞ্জীয়নভুক্ত সকলো ভোটাৰক ভোটাৰ ইনফৰমেশ্যন শ্লীপ বিতৰণ কৰা হৈছে। এই শ্লীপসমূহে সুবিধা প্ৰদানৰ ব্যৱস্থা হিচাপে কাম কৰে আৰু লগতে ওলাই আহি ভোটদানৰ বাবে আয়োগৰ পৰা আমন্ত্ৰণ হিচাপেও কাম কৰে।

১৮। এই লিংকৰ জৰিয়তে ভোটাৰসকলে তেওঁলোকৰ ভোটদান কেন্দ্ৰৰ সবিশেষ আৰু নিৰ্বাচনৰ তাৰিখ চাব পাৰে https://electoralsearch.eci.gov.in/

১৯। ভোটগ্ৰহণ কেন্দ্ৰত পৰিচয় পৰীক্ষণৰ বাবে ভোটাৰ আইডি কাৰ্ড (ইপিআইচি)ৰ বাহিৰেও ১২টা বিকল্প নথিও আয়োগে প্ৰদান কৰিছে। যদি কোনো ভোটাৰ নির্বাচনী তালিকাত পঞ্জীয়ন কৰা হয়, তেনেহ’লে এইবোৰৰ যিকোনো এটা নথি দেখুৱাই ভোটদান কৰিব পাৰিব৷ বিকল্প চিনাক্তকৰণ নথিপত্ৰৰ বাবে ইচিআই অৰ্ডাৰৰ লিংক:                              

https://www.eci.gov.in/eci-backend/public/api/download?url=LMAhAK6sOPBp%2FNFF0iRfXbEB1EVSLT41NNLRjYNJJP1KivrUxbfqkDatmHy12e%2FzBiU51zPFZI5qMtjV1qgjFsi8N4zYcCRaQ2199MM81QYarA39BJWGAJqpL2w0Jta9CSv%2B1yJkuMeCkTzY9fhBvw%3D%3D

******

DK/RP



(Release ID: 2018933) Visitor Counter : 30