প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনি সন্দৰ্ভত আন্তৰ্জাতিক সন্মিলনৰ ষষ্ঠ সংস্কৰণৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভিডিঅ' বাৰ্তাৰ পাঠ

Posted On: 24 APR 2024 9:54AM by PIB Guwahati

মহামান্য, বন্ধুসকল,

নমস্কাৰ! মই আপোনালোক সকলোকে ভাৰতলৈ আদৰণি জনাইছো। দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনি সন্দৰ্ভত আন্তৰ্জাতিক সন্মিলনৰ ষষ্ঠ সংস্কৰণত আপোনালোকক লগ পাই আনন্দিত হৈছো। আপোনালোকৰ অংশগ্ৰহণে এই গুৰুত্বপূৰ্ণ বিষয়টোত বিশ্বব্যাপী আলোচনা আৰু সিদ্ধান্তসমূহ শক্তিশালী কৰিব।

বন্ধুসকল,

বিগত কেইটামান বছৰত, দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁটৰ বিকাশ আকৰ্ষণীয় হৈছে। ২০১৯ চনৰ পৰা দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁট আৰম্ভ হোৱালৈকে আমি বহুদূৰ আগবাঢ়িছো। এইটো এতিয়া ৩৯ খন দেশ আৰু ৭ টা সংগঠনৰ এটা গোলকীয় মিত্ৰজোঁট আৰু ভৱিষ্যতৰ বাবে ই এটা ভাল লক্ষণ।

বন্ধুসকল,

আমি সকলোৱে দেখিছো যে, আজিকালি প্ৰাকৃতিক দুৰ্যোগ অধিক সঘনাই দেখা যায় আৰু ই অধিক গুৰুতৰ হৈ পৰিছে। সেইসমূহে কৰা ক্ষতি সাধাৰণতে ডলাৰত হোৱা দেখিবলৈ পোৱা যায়। কিন্তু ব্যক্তি, পৰিয়াল আৰু সম্প্ৰদায়ৰ ওপৰত সেইসমূহৰ প্ৰকৃত প্ৰভাৱ কেৱল সংখ্যাতকৈ বহু বেছি। ভূমিকম্পই ঘৰবোৰ ধ্বংস কৰে, হাজাৰ হাজাৰ লোকক গৃহহীন কৰি তোলে। প্ৰাকৃতিক দুৰ্যোগে জল আৰু নৰ্দমা প্ৰণালী ব্যাহত কৰিব পাৰে, যাৰ ফলত মানুহৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি দেখা দিব পাৰে। কেতবোৰ দুৰ্যোগে শক্তি প্ৰকল্পবোৰক প্ৰভাৱিত কৰিব পাৰে, যাৰ ফলত সম্ভাৱ্য বিপদজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। মানৱ জীৱনতো ইয়াৰ প্ৰভাৱ পৰে।

বন্ধুসকল,

উন্নত ভৱিষ্যতৰ বাবে বৰ্তমান আমি স্থিতিস্থাপক আন্তঃগাঁথনিত বিনিয়োগ কৰা উচিত। ইয়াৰ উপৰি, দুৰ্যোগৰ পৰৱৰ্ত্তী সময়ত ই পুনৰ্নিৰ্মাণৰ এটা অংশ হোৱা উচিত। দুৰ্যোগৰ পাছত তাৎক্ষণিক সাহায্য আৰু পুনৰ্সংস্থাপনৰ ওপৰত গুৰুত্ব দিয়া হয়। প্ৰাৰম্ভিক সঁহাৰিৰ পিছত, আন্তঃগাঁথনিৰ স্থিতিস্থাপকতাতো গুৰুত্ব দিয়া উচিত।

বন্ধুসকল,

প্ৰকৃতি আৰু দুৰ্যোগৰ কোনো সীমা নাই। এখন অত্যাধিক আন্তঃসংযোগযুক্ত পৃথিৱীত, দুৰ্যোগ আৰু বাধা-বিঘিনিয়ে ব্যাপক প্ৰভাৱ পেলায়। পৃথিৱীখন সামূহিকভাৱে স্থিতিস্থাপক হ'ব পাৰে, কেৱল তেতিয়াহে যেতিয়া প্ৰতিখন দেশ ব্যক্তিগতভাৱে স্থিতিস্থাপক হয়। অংশীদাৰী বিপদাশংকাৰ বাবে অংশীদাৰী স্থিতিস্থাপকতা গুৰুত্বপূৰ্ণ। দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁট (চিডিআৰআই) আৰু এই সন্মিলনে আমাক এই সামূহিক অভিযানৰ বাবে একত্ৰিত হোৱাত সহায় কৰে।

বন্ধুসকল,

অংশীদাৰী স্থিতিস্থাপকতা প্ৰাপ্ত কৰাৰ বাবে আমি আটাইতকৈ দুৰ্বল লোকসকলক সহায় কৰিব লাগিব। উদাহৰণ স্বৰূপে, ক্ষুদ্ৰ দ্বীপ উন্নয়নশীল ৰাজ্যসমূহত দুৰ্যোগৰ অধিক আশংকা থাকে। চিডিআৰআইৰ এটা কাৰ্যসূচী আছে যিয়ে এনে ১৩টা স্থানত প্ৰকল্পৰ বাবে পুঁজিৰ যোগান ধৰিছে। ডমিনিকাত স্থিতিস্থাপক আৱাস, পাপুয়া নিউ গিনিত স্থিতিস্থাপক পৰিবহন নেটৱৰ্ক, আৰু ডমিনিকান গণৰাজ্য আৰু ফিজিত বৰ্ধিত আগতীয়া সতৰ্কবাণী প্ৰণালী হৈছে ইয়াৰ কেতবোৰ উদাহৰণ। আন এটা গুৰুত্বপূৰ্ণ দিশ এয়ে যে চিডিআৰআইয়ে গ্লোবেল চাউথৰ বিষয়তো গুৰুত্ব আৰোপ কৰিছে।

বন্ধুসকল,

ভাৰতৰ জি-২০ অধ্যক্ষতাৰ সময়ত, এক গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছিল। আলোচনাৰ কেন্দ্ৰবিন্দুত বিত্তীয় যোগানৰ সৈতে এটা নতুন দুৰ্যোগ বিপদাশংকা হ্ৰাস কাৰ্যকৰী গোট গঠন কৰা হৈছিল। চিডিআৰআইৰ বিকাশৰ লগতে, এনে পদক্ষেপে বিশ্বক এক স্থিতিস্থাপক ভৱিষ্যতলৈ লৈ যোৱাত সহায় কৰিব। মই নিশ্চিত যে পৰৱৰ্তী দুটা দিনত আইচিডিআৰআইত ফলপ্ৰসূ আলোচনা হ'ব। ধন্যবাদ। বহুত ধন্যবাদ!

*****

DS/TS/NB/BB



(Release ID: 2018690) Visitor Counter : 27