প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২১ এপ্ৰিলত ভগৱান মহাবীৰৰ ‘২৫৫০ সংখ্যক নিৰ্বাণ মহোৎসৱ’ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে স্মাৰক ডাকটিকট আৰু মুদ্ৰা মুকলি কৰিব

জৈন সম্প্ৰদায়ৰ সন্তসকলে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে সমবেতসকলক আশীৰ্বাদ প্ৰদান কৰিব

Posted On: 20 APR 2024 7:47PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ এপ্ৰিলৰ পুৱা ১০ বজাত নতুন দিল্লীৰ ‘ভাৰত মণ্ডপম’ত ‘মহাৱীৰ জয়ন্তী’ৰ পৱিত্ৰ উপলক্ষত ভগৱান মহাবীৰৰ ‘২৫৫০ সংখ্যক নিৰ্বাণ মহোৎসৱ’ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে এটা স্মাৰক ডাকটিকট আৰু মুদ্ৰা মুকলি কৰাৰ লগতে অনুষ্ঠানটোত সমবেত লোকসকলক সম্বোধন কৰিব।

‘চতুৰ্দশ তীৰ্থংক’ৰ ভগৱান মহাবীৰে অহিংসা (অহিংসা), সত্য (সত্যবাদ), অস্তেয়া (চুৰি নকৰা), ব্ৰহ্মচৰ্য (সংযম) আৰু অপৰিগ্ৰহ (অনাসক্তি)ৰ দৰে জৈনধৰ্মৰ নীতিসমূহৰ জৰিয়তে শান্তিপূৰ্ণ সহাৱস্থান আৰু সাৰ্বজনীন ভাতৃত্ববোধৰ পথ আলোকিত কৰিছিল।

জৈনসকলে মহাবীৰ স্বামী জীকে ধৰি প্ৰতিগৰাকী তীৰ্থংকৰৰ পাঁচোটাকৈ কল্যাণক (মুখ্য অনুষ্ঠান) উদযাপন কৰে: শ্ৰৱণা/গৰ্ভা (সংকল্পনা) কল্যাণক; জন্ম (জন্ম) কল্যাণক; দীক্ষা (ত্যাগ) কল্যাণক; কেৱলজ্ঞান (সৰ্বজ্ঞতা) কল্যাণক আৰু নিৰ্বাণ (মুক্তি/চূড়ান্ত পৰিত্ৰাণ) কল্যাণক। ২১ এপ্ৰিল ২০২৪ হৈছে ভগৱান মহাবীৰ স্বামীৰ ‘জন্ম কল্যাণ’ক আৰু চৰকাৰে জৈন সম্প্ৰদায়ৰ সন্তসকলৰ সৈতে ‘ভাৰত মণ্ডপম’ত এক সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰাৰ লগতে সমবেতসকলক আশীৰ্বাদ প্ৰদানৰ ব্যৱস্থা কৰিছে।

 

*****

DS/SKS/KB



(Release ID: 2018395) Visitor Counter : 17