ভাৰতীয় নিৰ্বাচন আয়োগ

২১খন ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশৰ ১০২টা সংসদীয় সমষ্টি আৰু অৰুণাচল আৰু ছিক্কিমৰ ৯২টা বিধানসভা সমষ্টি ২০২৪ চনৰ ১৯ এপ্ৰিলত ভোটদানৰ বাবে সাজু

ইচিআইয়ে ২০২৪ চনৰ ১৯ এপ্ৰিলত সুচাৰু, মুক্ত আৰু নিকা ভোটগ্ৰহণ সুনিশ্চিত কৰিবলৈ ৩৫০ জনতকৈ অধিক পৰ্যবেক্ষকক নিৰ্দেশ দিয়ে

ভোটগ্ৰহণ কেন্দ্ৰত বিশেষকৈ গৰমৰ সৈতে মোকাবিলা কৰাৰ লগতে সম্ভাব্য সকলো সুবিধা উপলব্ধ কৰাবলৈ নিৰ্দেশ দিয়া হৈছে

Posted On: 12 APR 2024 5:50PM by PIB Guwahati

২০২৪ চনৰ ১৯ এপ্ৰিলত ২১খন ৰাজ্যৰ ১০২টা সংসদীয় সমষ্টিত ভোটদান হ'বলৈ ওলাইছে, যাৰ বাবে ১২৭জন সাধাৰণ পৰ্যবেক্ষক, ৬৭জন আৰক্ষী পৰ্যবেক্ষক আৰু ১৬৭জন ব্যয় পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। তেওঁলোকৰ সকলোৱে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ অৰ্থাৎ ২০২৪ চনৰ ২৬ মাৰ্চৰ পূৰ্বে সমষ্টিসমূহত প্ৰতিবেদন দাখিল কৰিছে। মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী ৰাজীৱ কুমাৰে নিৰ্বাচন আয়ুক্ত শ্ৰী জ্ঞানেশ কুমাৰ আৰু নিৰ্বাচন আয়ুক্ত শ্ৰী সুখবীৰ সিং সন্ধুৰ লগতে সকলো পৰ্যবেক্ষকক কঠোৰভাৱে এই কথা সুনিশ্চিত কৰিবলৈ কৈছে যে ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটাৰসকলৰ বাবে বিশেষকৈ গৰমৰ সৈতে মোকাবিলা কৰিবলৈ সম্ভৱপৰ সকলো সুবিধা যাতে উপলব্ধ হয়, প্ৰথম পৰ্যায়ৰ ভোটদানৰ ওচৰত কোনো ধৰণৰ প্ৰৰোচনা দিয়া নহয়, বাহিনীৰ অনুকূল ব্যৱহাৰ কৰা হয় আৰু আইন-শৃংখলাৰ ওপৰত কঠোৰ দৃষ্টি ৰখা হয়।

                                                                          

কেন্দ্ৰীয় তত্বাৱধায়কসকলক অন্যান্য বিষয়ৰ লগতে এই কথা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে:

I.   সকলো সমষ্টিতে ভোটদানৰ বাবে আগতীয়াকৈ প্ৰস্তুতি চলোৱা আৰু সকলো অংশীদাৰ অৰ্থাৎ প্ৰাৰ্থী আৰু ৰাজনৈতিক দলৰ বাবে সমতাপূৰ্ণ অৱসৰ সুনিশ্চিত কৰা।

II.   সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ সময়ছোৱাত আৱণ্টিত সংসদীয় সমষ্টিৰ ভিতৰত স্বয়ং উপলব্ধ থকা।

III.  মোবাইল/লেণ্ডলাইন/ইমেইল/আৱাসগৃহৰ সবিশেষ ব্যাপক প্ৰকাশ কৰি একেখিনি প্ৰাৰ্থী আৰু ৰাজনৈতিক দলৰ মাজত প্ৰচাৰ কৰা, যাতে সেইবোৰ সাধাৰণ জনতা/প্ৰাৰ্থী আৰু ৰাজনৈতিক দলসমূহৰ বাবে নিৰ্দিষ্ট নম্বৰ/ঠিকনাত দৈনিক ভিত্তিত উপলব্ধ হয়।

IV.   তেওঁলোকৰ উপস্থিতিত বাহিনী নিয়োগৰ ৰেণ্ডমাইজেশ্যন।

V.  এয়ে যে কেন্দ্ৰীয় বাহিনী/ৰাজ্যিক আৰক্ষী বাহিনীক বিবেচনাপূৰ্ণভাৱে ব্যৱহাৰ কৰা হৈছে আৰু নিৰপেক্ষতা বজাই ৰখা হৈছে আৰু তেওঁলোকৰ নিয়োগ কোনো ৰাজনৈতিক দল/প্ৰাৰ্থীৰ পক্ষত নহয়।

VI.  তেওঁলোকৰ উপস্থিতিত ইভিএম/ভিভিপেট আৰু ভোটগ্ৰহণ কৰ্মীৰ ৰেণ্ডমাইজেশ্যন কৰা।

VII.  ৮৫ বছৰৰ ওপৰৰ লোক আৰু বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে ঘৰতে ভোটদানৰ মসৃণ প্ৰক্ৰিয়া আৰু নিৰ্বাচনী কৰ্তব্য, অত্যাৱশ্যকীয় কৰ্তব্য আৰু সেৱা ভোটাৰৰ বাবে পোষ্টেল বেলট।

VIII.  এয়ে যে ৰাজনৈতিক দল আৰু প্ৰতিদ্বন্দ্বিতাকাৰী প্ৰাৰ্থীক ভোটাৰ তালিকা প্ৰদান কৰা হয়।

IX.   জিলা প্ৰশাসনৰ দ্বাৰা বস্তুনিষ্ঠভাৱে দুৰ্বলতা মেপিং কৰা হৈছে আৰু সেই অনুসৰি পৰিবহণ আৰু যোগাযোগৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে।

X. মাইক্ৰ’ ছুপাৰভাইজাৰ নিয়োগ কৰা।

XI. সকলো প্ৰাৰ্থী/তেওঁলোকৰ প্ৰতিনিধিৰ আগত ইভিএম/ভিভিপেট কমিচন কৰা।

XII. ইভিএম ষ্ট্ৰং ৰুমত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা আৰু সকলো প্ৰাৰ্থীৰ অনুমোদিত এজেণ্টৰ উপস্থিতি নিশ্চিত কৰা।

XIII. অভিযোগ নিৰাময়ৰ সকলো ব্যৱস্থা ঠাইত ৰখা।

XIV. সময়মতে সংশোধনী ব্যৱস্থা গ্ৰহণৰ বাবে কৰ্তৃত্বপ্ৰাপ্ত বিষয়াৰ সামগ্ৰিক দায়িত্বত জিলাসমূহৰ ভিতৰত সংহত নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে।

XV. ভোটাৰ তথ্য তালিকা ১০০% বিতৰণ ভোটদানৰ দিন হোৱাৰ আগতেই কৰা হৈছে।

XVI. C-Vigil, Voter Helpline App, Saksham App, Encore, Suvidha App আদি সকলো আইটি এপ্লিকেচন নিৰ্বাচনী কৰ্মচাৰীয়ে ব্যৱহাৰ কৰি আছে আৰু এই এপসমূহ ব্যৱহাৰ কৰিবলৈ তেওঁলোকক সঠিকভাৱে প্ৰশিক্ষণ দিয়া হৈছে।

XVII. গণনা কৰ্মী, ক্ষুদ্ৰ পৰ্যবেক্ষক আদিকে ধৰি সকলো ভোটগ্ৰহণ কৰ্মীৰ প্ৰশিক্ষণ পদ্ধতিগতভাৱে সংগঠিত/পৰিচালনা কৰা হৈছে।

XVIII. সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰি সকলো ভোটকেন্দ্ৰতে নূন্যতম সুবিধা থকাটো নিশ্চিত কৰা।

XIX. ভোটাৰৰ সুবিধাৰ্থে সকলো ভোটকেন্দ্ৰত ভোটাৰ সাহায্য বুথ স্থাপন, বিশেষ সুবিধা, বিশেষভাৱে সক্ষম, শাৰীৰিকভাৱে অক্ষম, মহিলা, বৃদ্ধ আৰু কুষ্ঠ ৰোগত আক্ৰান্ত ভোটাৰ আদিৰ বাবে বিশেষ সুবিধা।

XX. ভোটগ্ৰহণৰ সময়ত ভোটগ্ৰহণ কেন্দ্ৰৰ বাহিৰত শাৰী পাতি ৰৈ থকা ভোটাৰসকলৰ খোৱাপানী, ছেড/চাঁদৰ সুবিধা আৰু আসনৰ উপযুক্ত ব্যৱস্থা কৰা।

XXI. ফ্লাইং স্কোযৱাড, পৰিসংখ্যা নিৰীক্ষণ দল, ভিডিঅ’ চোৱা দল, সীমান্ত চেক প’ষ্ট, চেকপইণ্ট আদিয়ে ২৪ ঘণ্টাই কাম কৰি আছে আৰু নগদ ধন, সুৰা, বিনামূলীয়া সামগ্ৰী, ড্ৰাগছ/মাদক দ্ৰব্যৰ চলাচল আৰু বিতৰণ ৰোধ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে।

XXII. ৰাজনৈতিক বিজ্ঞাপন আৰু পেইড বাতৰিৰ পূৰ্ব প্ৰমাণীকৰণৰ বাবে মিডিয়া প্ৰমাণীকৰণ আৰু নিৰীক্ষণ সমিতিৰ দ্বাৰা সঠিক কাৰ্যকলাপ।

XXIII. ভুৱা বাতৰি/ভুল তথ্য ৰোধ কৰা, আৰু সঠিক সময়ত ইতিবাচক ধাৰণা সৃষ্টি কৰিবলৈ তথ্যৰ সক্ৰিয় প্ৰচাৰ।

**********

DK/RP



(Release ID: 2018223) Visitor Counter : 41