ভাৰতীয় নিৰ্বাচন আয়োগ

আয়োগে দ্বিতীয় পৰ্যায়ৰ ২৫০ জনতকৈ অধিক পৰ্যবেক্ষকৰ সৈতে ভিডিঅ’ কনফাৰেন্স অনুষ্ঠিত কৰে, তেওঁলোকক মসৃণ, মুক্ত আৰু নিকা ভোটগ্ৰহণ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে

দ্বিতীয় পৰ্যায়ত ২০২৪ চনৰ ২৬ এপ্ৰিলত ১২খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮টা সংসদীয় সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব

ভোটগ্ৰহণ কেন্দ্ৰত সকলো সুবিধাৰ ব্যৱস্থা কৰাৰ নিৰ্দেশনা, বিশেষকৈ গৰমৰ সৈতে মোকাবিলা কৰিবলৈ

Posted On: 18 APR 2024 5:16PM by PIB Guwahati

২০২৪ চনৰ ২৬ এপ্ৰিলত ১২খন ৰাজ্যৰ ৮৮টা সংসদীয় সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব, য’ত ৮৯জন সাধাৰণ পৰ্যবেক্ষক, ৫৩জন আৰক্ষী পৰ্যবেক্ষক আৰু ১০৯জন ব্যয় পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। সকলোৱে মনোনয়নৰ অন্তিম তাৰিখ অৰ্থাৎ ২০২৪ চনৰ ৩ এপ্ৰিলৰ পূৰ্বে সমষ্টিসমূহক অৱগত কৰিছে। মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী ৰাজীৱ কুমাৰে নিৰ্বাচন আয়ুক্ত শ্ৰী জ্ঞানেশ কুমাৰ আৰু শ্ৰী সুখবীৰ সিং সন্ধুৰ লগতে সকলো পৰ্যবেক্ষকক কঠোৰভাৱে এই কথা নিশ্চিত কৰিবলৈ কয় যে ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ বাবে বিশেষকৈ গৰমৰ সৈতে মোকাবিলা কৰিবলৈ সকলো সুবিধা থকা দৰকাৰ, দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ ওচৰত কোনো প্ৰলোভন দিব নালাগে, নিৰাপত্তা বাহিনীক আশাপ্ৰদ ৰূপত ব্যৱহাৰ কৰিব লাগে আৰু আইন-শৃংখলা কঠোৰভাৱে নিৰীক্ষণ কৰিব লাগে।

                                                                     

                                                                            

কেন্দ্ৰীয় পৰ্যবেক্ষকসকলক অন্যান্য কথাৰ লগতে এয়া সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে:

  1. সকলো সমষ্টিতে ভোটদানৰ বাবে আগতীয়াকৈ প্ৰস্তুতি চলোৱা আৰু সকলো অংশীদাৰ অৰ্থাৎ প্ৰাৰ্থী আৰু ৰাজনৈতিক দলৰ বাবে সমান সুযোগ নিশ্চিত কৰা।
  2. সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াত সংসদীয় সমষ্টিৰ ভিতৰত নিজকে উপলব্ধ কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে।
  3. প্ৰাৰ্থী আৰু ৰাজনৈতিক দলৰ মাজত মোবাইল/লেণ্ডলাইন/ই-মেইল/বাসস্থান আৰু প্ৰসাৰৰ ব্যাপক প্ৰকাশ যাতে সেয়া সাধাৰণ জনতা/প্ৰাৰ্থী আৰু ৰাজনৈতিক দলসমূহৰ বাবে নিৰ্দিষ্ট নম্বৰ/ঠিকনাত দৈনিক উপলব্ধ হয়।
  4. তেওঁৰ উপস্থিতিত নিৰাপত্তা বাহিনীৰ ৰেণ্ডম পদ্ধতিৰে নিয়োগ কৰা।
  5. এয়ে যে কেন্দ্ৰীয় বাহিনী/ৰাজ্যিক আৰক্ষী বাহিনীক বিবেচনাপূৰ্ণভাৱে ব্যৱহাৰ কৰা হৈছে আৰু নিৰপেক্ষতা বজাই ৰখা হৈছে আৰু তেওঁলোকৰ নিয়োগ কোনো ৰাজনৈতিক দল/প্ৰাৰ্থীৰ পক্ষত নহয়।
  6. তেওঁৰ উপস্থিতিত ইভিএম/ভিভিপেট আৰু ভোটগ্ৰহণ কৰ্মীৰ ৰেণ্ডম পদ্ধতিৰে নিয়োগ কৰা।
  7.  ৮৫ বছৰৰ ওপৰৰ ব্যক্তি আৰু বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে ঘৰতে ভোটদানৰ মসৃণ প্ৰক্ৰিয়া আৰু নিৰ্বাচনী কৰ্তব্য, অত্যাৱশ্যকীয় কৰ্তব্য আৰু সেৱা ভোটাৰৰ বাবে ডাক বেলটৰ প্ৰক্ৰিয়া।
  8. এয়ে যে ভোটাৰ তালিকাখন ৰাজনৈতিক দল আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীক দিয়া হয়।
  9. জিলা প্ৰশাসনে বৰ্তমানৰ দুৰ্বলতাসমূহ চিনাক্ত কৰিবলৈ অঞ্চলটোৰ মানচিত্ৰ প্ৰস্তুত কৰি সেই অনুসৰি পৰিবহণ আৰু যোগাযোগৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে।
  10. মাইক্ৰো পৰ্যবেক্ষকৰ নিয়োগ।
  11. সকলো প্ৰাৰ্থী/তেওঁলোকৰ প্ৰতিনিধিৰ সন্মুখত ইভইএম/ভিভিপেট আৰম্ভ কৰা।
  12.  ইভিএম ষ্ট্ৰং ৰুমত শক্তিশালী নিৰাপত্তাৰ ব্যৱস্থা নিৰীক্ষণ কৰিব লাগে আৰু সকলো প্ৰাৰ্থীৰ অনুমোদিত এজেণ্টৰ উপস্থিতি নিশ্চিত কৰিব লাগে।
  13. সকলো অভিযোগ নিৱাৰণ তন্ত্ৰ উপস্থিত।
  14. সময়মতে সংশোধনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৰ্তৃত্বপ্ৰাপ্ত বিষয়াৰ সামগ্ৰিক তত্বাৱধানত জিলাসমূহত সংহত নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে।
  15.  ভোটদান দিৱসৰ আগতে ভোটদান তথ্য তালিকা ১০০% বিতৰণ কৰা হৈছে।
  16. সকলো আই টি এপ্লিকেচন যেনে C-Vigil, Voter Helpline App, Saksham App, Encore, Suvidha App আদি নিৰ্বাচনী কৰ্মচাৰীয়ে ব্যৱহাৰ কৰি আছে আৰু এই এপসমূহ ব্যৱহাৰ কৰিবলৈ তেওঁলোকক সঠিকভাৱে প্ৰশিক্ষণ দিয়া হৈছে।
  17. ভোটগণনা কৰ্মী, মাইক্ৰো অবজাৰ্ভাৰ আদিকে ধৰি সকলো ভোটগ্ৰহণ কৰ্মীৰ প্ৰশিক্ষণ পদ্ধতিগতভাৱে কৰি থকা/কৰা হৈছে।
  18. সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰা আৰু সকলো ভোটকেন্দ্ৰতে নিৰ্দিষ্ট নূন্যতম সুবিধা থকাটো নিশ্চিত কৰা।
  19. ভোটাৰৰ সুবিধাৰ্থে সকলো ভোটকেন্দ্ৰতে ভোটাৰ সাহায্য বুথ স্থাপন, দিব্যাংগ, শাৰীৰিকভাৱে অক্ষম, মহিলা, বয়োজ্যেষ্ঠ আৰু কুষ্ঠ ৰোগত আক্ৰান্ত ভোটাৰৰ বাবে বিশেষ সুবিধা আদি।
  20. ভোটগ্ৰহণৰ সময়ত ভোটগ্ৰহণ কেন্দ্ৰৰ বাহিৰত শাৰী পাতি ৰৈ থকা ভোটাৰৰ বাবে খোৱাপানী, ছাঁ/ছাদৰ সুবিধা আৰু উপযুক্ত বহাৰ ব্যৱস্থা।
  21. ফ্লাইং স্কোয়াড, পৰিসংখ্যা চোৱাচিতাকাৰী দল, ভিডিঅ’ চোৱা দল, সীমান্ত চেক প’ষ্ট, চেকপইণ্ট আদিয়ে ২৪ ঘণ্টাই কাম কৰি আছে আৰু নগদ ধন, সুৰা, বিনামূলীয়া উপহাৰ, ড্ৰাগছ/মাদক দ্ৰব্যৰ চলাচল আৰু বিতৰণ ৰোধ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে।
  22. ৰাজনৈতিক বিজ্ঞাপন আৰু পেইড বাতৰিৰ পূৰ্ব প্ৰমাণীকৰণৰ বাবে মিডিয়া চাৰ্টিফিকেশন আৰু মনিটৰিং কমিটিৰ দ্বাৰা সঠিক কাম কৰা।
  23. সময়মতে ভুৱা বাতৰি/ভুল তথ্য ৰোধ কৰা, আৰু ইতিবাচক তথ্য আগবঢ়াই নিবলৈ তথ্যৰ সক্ৰিয় প্ৰচাৰ।

**********

DK/RP



(Release ID: 2018220) Visitor Counter : 47