ভাৰতীয় নিৰ্বাচন আয়োগ

২০২৪ৰ সাধাৰণ নিৰ্বাচনত যুৱ আৰু নগৰীয়া ভোটাৰসকলৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে ছ’চিয়েল মিডিয়াৰ শক্তিৰ সহায় লৈছে নিৰ্বাচন আয়োগে

'টাৰ্নিং-১৮'অভিযানৰ জৰিয়তে যুৱ আৰু প্ৰথম ভোটাৰক গণতন্ত্ৰৰ উৎসৱত অংশগ্ৰহণ কৰিবলৈ উদ্গনি প্ৰদান

‘ইউ আৰ দ্য ৱান’ৰ দৰে অনন্য অভিযানে ভোটদান যন্ত্ৰকে ধৰি বিভিন্ন অংশীদাৰৰ গুৰুত্বক স্বীকাৰ কৰে যাতে কোনো ভোটাৰ বাদ পৰি নাথাকে

আকৰ্ষণীয় থিম, জনপ্ৰিয় নিৰ্বাচন আয়োগৰ আইকন আৰু জেনজ বিষয়বস্তুৰ সৈতে সহযোগিতাৰে বাৰ্তা প্ৰেৰণ কৌশল

নিৰ্বাচনী প্ৰক্ৰিয়াৰ ভুৱা বাতৰি আৰু ভুল তথ্য ৰোধৰ বাবে বিশেষ অভিযান

Posted On: 07 APR 2024 7:54PM by PIB Guwahati

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে দেশখন সাজু হোৱাৰ সময়তে ভাৰতীয় নিৰ্বাচন আয়োগে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ‘টাৰ্নিং ১৮’ আৰু ‘ইউ আৰ দ্য ৱান’ৰ দৰে অনন্য প্ৰচাৰৰ জৰিয়তে নাগৰিকসকলক জড়িত কৰাৰ বাবে ‘চুনাও কা পৰ্ব, দেশ কা গৰ্ব’ শীৰ্ষক সামগ্ৰিক বিষয়বস্তুৰ অধীনত এক নিৰ্দিষ্ট বাৰ্তা প্ৰেৰণ কৌশলৰ ৰূপত এক অভিনৱ যাত্ৰা আৰম্ভ কৰিছে। বৰ্তমান ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ(এক্স), ইউটিউব আৰু শেহতীয়াকৈ ৰাজহুৱা এপ, হোৱাটছএপ চেনেল আৰু লিংকডইনৰ সংযোজনেৰে ডাঙৰ ডাঙৰ প্লেটফৰ্মত নিৰ্বাচন আয়োগৰ উপস্থিতি পৰিলক্ষিত হৈছে৷

‘টাৰ্নিং১৮ অভিযান’

আয়োগে ভোটাৰৰ ভোটদানৰ হাৰ উন্নত কৰাৰ অভিযানত নগৰীয়া উদাসীনতা আৰু যুৱক-যুৱতীৰ উদাসীনতাক চিন্তাৰ কাৰণ হিচাপে চিনাক্ত কৰিছে। অষ্টাদশ লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগৰ প্ৰচাৰ টাৰ্নিং ১৮ জৰিয়তে যুৱক-যুৱতী আৰু প্ৰথমবাৰৰ বাবে ভোটদান কৰা লোকসকলক বিশেষভাৱে লক্ষ্য কৰি লৈছে। আগন্তুক নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ যুৱক-যুৱতীসকলক প্ৰেৰণা যোগোৱা আৰু পূৰ্বৰ নিৰ্বাচনত দেখা পোৱা নগৰীয়া আৰু যুৱক-যুৱতীসকলৰ উদাসীনতাৰ জটিল বিষয়সমূহৰ সমাধান কৰাটোৱেই প্ৰধান উদ্দেশ্য।

টাৰ্নিং-১৮অভিযানে ইয়াৰ দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বিভিন্ন আকৰ্ষণীয় বিষয়বস্তু আৰু কৌশল ব্যৱহাৰ কৰে। এই কৌশলত সহজ চিনাক্তকৰণ আৰু নিয়োজিত হোৱাৰ বাবে বিষয়ভিত্তিক ল’গ’ৰ সৈতে ব্যক্তিগত শৃংখলসমূহ ব্ৰেণ্ডিং কৰাটো অন্তৰ্ভুক্ত কৰা হৈছে। তদুপৰি, প্ৰচাৰ অভিযানে সময়ৰ লগে লগে হোৱা অগ্ৰগতিৰ ওপৰত আলোকপাত কৰিবলৈ অতীত আৰু শেহতীয়া নিৰ্বাচনৰ ‘তেতিয়াৰ বনাম এতিয়া’ তুলনা কৰে। এই অভিযানে যুৱ ভোটাৰসকলৰ মাজত নাগৰিক দায়বদ্ধতাৰ ভাৱ জগাই তুলিব বিচাৰে, ১৮ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে ভোটদানৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি। তদুপৰি ইনফ’গ্ৰাফিকটোত বিশেষকৈ ১৮-৩০ বছৰ বয়সৰ মহিলা ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধিৰ ওপৰত আলোকপাত কৰা হৈছে, যিয়ে ভাৰতৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ সৰ্বাংগীনতাক প্ৰতিফলিত কৰে।

ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া (চিইঅ’) আৰু ৰাষ্ট্ৰীয় ৰাজহুৱা সম্প্ৰচাৰক ডিডি নিউজ আৰু আকাশৱাণী’ৰ ব্যাপক প্ৰচাৰৰ সৈতে ‘টাৰ্নিং ১৮’ অভিযানে যথেষ্ট প্ৰভাৱ পেলাইছে। তদুপৰি, নিৰ্বাচন আয়োগয়ে মাল্টিপ্লাইয়াৰ ইফেক্টৰ বাবে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ছুইপ আইকনৰ জনপ্ৰিয় নেটৱৰ্কৰ সৈতে সহযোগিতা কৰিছে। এই সংহত প্ৰচেষ্টাই সমাজৰ বিভিন্ন খণ্ডলৈ প্ৰচাৰৰ বাৰ্তা প্ৰচাৰ কৰাত সহায় কৰে, ফলপ্ৰসূভাৱে ইয়াৰ লক্ষ্য গ্ৰাহকৰ ওচৰলৈ যায় আৰু আগন্তুক ভোটগ্ৰহণৰ দিনসমূহৰ বাবে উল্লেখযোগ্য গতিৰ সৃষ্টি কৰে।

 

 

ইউ আৰ দ্য ৱানঅভিযান

‘টাৰ্নিং ১৮’ অভিযানৰ আধাৰত নিৰ্বাচন আয়োগে আৰম্ভ কৰে এক অনন্য আৰু প্ৰভাৱশালী অভিযান ‘ইউ আৰ দ্য ৱান’। এই পদক্ষেপৰ উদ্দেশ্য হৈছে নিৰ্বাচনী প্ৰক্ৰিয়াৰ লগত জড়িত বিভিন্ন অংশীদাৰৰ অমূল্য অৱদানক স্বীকৃতি দিয়া। ভোটাৰ আৰু ৰাজনৈতিক দলৰ পৰা আৰম্ভ কৰি বুথ পৰ্যায়ৰ বিষয়া (বিএলঅ’), তৃণমূল কৰ্মচাৰী, ভোটগ্ৰহণকাৰী দল, প্ৰশাসনিক কৰ্মী, সাংবাদিক, কেন্দ্ৰীয় বাহিনী আৰু নিৰাপত্তাৰক্ষীলৈকে, নিৰ্বাচনী প্ৰক্ৰিয়াৰ একাকাৰীতা আৰু কাৰ্যক্ষমতা নিশ্চিত কৰাত প্ৰতিজন অংশীদাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আকৰ্ষণীয় কাহিনী কোৱা আৰু আশ্বৰ্যজনক দৃশ্যৰ জৰিয়তে (যেনে-‘যি হওক-আমি আপোনাৰ সুবিধাৰ বাবে প্ৰতিটো খোজতে আপোনাৰ লগত আছো’) অভিযানে এই লোকসকলৰ নিষ্ঠা আৰু দায়বদ্ধতা, গণতান্ত্ৰিক গাঁথনিৰ ভিতৰত তেওঁলোকৰ ভূমিকাক উজ্জ্বল কৰি তুলিছে আৰু তেওঁলোকৰ দায়িত্বক লৈ আপুনিও গৌৰৱ কৰক। ইয়াৰ ভিতৰত মূল অংশীদাৰসকলক উজ্জ্বল কৰি তোলা, বিগত নিৰ্বাচনৰ আকৰ্ষণীয় উপাখ্যান আৰু কাহিনী আৰু ভিডিঅ'/ৰিলসমূহে ইয়াৰ আঁৰত কাম কৰা ভোটগ্ৰহণ দলসমূহৰ অক্লান্ত প্ৰচেষ্টাক উজ্জ্বল কৰি তোলা আৰু প্ৰতিজন ভোটাৰৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰিবলৈ প্ৰত্যাহ্বানমূলক ভূখণ্ডকো সামৰি লৈছে৷

 

অনন্য আৰু আকৰ্ষণীয় নিৰ্বাচনী কাহিনী, ক্ৰছৱৰ্ড, নিৰ্বাচন সম্পৰ্কীয় অভিধানেৰে ভোটাৰক আকৰ্ষণ কৰা

এই প্ৰচাৰ অভিযানত আন বহুতো আকৰ্ষণীয় বৈশিষ্ট্য আছে যেনে- ‘নিৰ্বাচনৰ কাহিনী( Chunaavi Kisse)’ত বিগত নিৰ্বাচনৰ আকৰ্ষণীয় নিৰ্বাচনী কাহিনী শ্বেয়াৰ কৰা হৈছে। ইয়াৰ পিছত ভাৰতীয় নিৰ্বাচনৰ এ-জেড ছিৰিজে ব্যৱহাৰকাৰীসকলক নিৰ্বাচন সম্পৰ্কীয় নিয়ম আৰু পদ্ধতিৰ বিষয়ে অৱগত কৰে। নিৰ্বাচন আয়োগৰ সৈতে শব্দৰ খেল হৈছে আন এক ধাৰাবাহিক য’ত ব্যৱহাৰকাৰীসকলে নিৰ্বাচনী প্ৰক্ৰিয়াৰ সৈতে জড়িত শব্দভাণ্ডাৰ অন্বেষণত নিয়োজিত হয়। ‘প্ৰশ্ন আৰু উত্তৰ’ শৃংখলাৰ উদ্দেশ্য হৈছে নিৰ্বাচন সম্পৰ্কীয় আটাইতকৈ প্ৰাসংগিক প্ৰশ্নৰ উত্তৰ(‘Sawal Jawab’)পোল আৰু পিক্সেল ছিৰিজৰ জৰিয়তে নিৰ্বাচন আয়োগে আৰম্ভণিৰে পৰা ভাৰতীয় নিৰ্বাচনৰ এক উল্লেখযোগ্য যাত্ৰা শ্বেয়াৰ কৰিছে।

 

'আপুনি প্ৰসাৰ কৰাৰ আগতে পৰীক্ষা কৰক' পদক্ষেপ

 

অনলাইনত ভুৱা বাতৰি আৰু ভুল তথ্য বিয়পি পৰাৰ প্ৰতি সঁহাৰি জনাই নিৰ্বাচন আয়োগে সাধাৰণ নিৰ্বাচনৰ সময়সূচী ঘোষণাৰ বাবে সংবাদমেলৰ সময়ত মুখ্য নিৰ্বাচন আয়ুক্তই (চিইচি) কোৱাৰ দৰে ‘ভেৰিফাই বিফোৰ ইউ এম্প্লিফাই’ পদক্ষেপ (ভেৰিফাই বিফোৰ ইউ পোষ্ট) আৰম্ভ কৰে। চিইঅ’ ৰাজীৱ কুমাৰে ভুৱা বাতৰিৰ প্ৰতি আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মত তথ্য শ্বেয়াৰ কৰাৰ পূৰ্বে সাৱধান হ’বলৈ আহ্বান জনায়। এই ইতিবাচক পদক্ষেপৰ লক্ষ্য হৈছে নাগৰিকসকলক বিষয়বস্তুৰ সঠিকতা আৰু প্ৰামাণ্যতা প্ৰচাৰৰ পূৰ্বে পৰীক্ষা কৰিবলৈ সক্ষম কৰা, যাৰ ফলত ভুৱা তথ্যৰ প্ৰসাৰ হ্ৰাস পায় আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ অখণ্ডতা সুৰক্ষিত কৰা হয়।

তদুপৰি, নিৰ্বাচনৰ সময়সূচী, আয়োগৰ আই টি আবেদন আৰু সিদ্ধান্ত, ভোটাৰ তালিকাত নাম কেনেকৈ পৰীক্ষা কৰিব লাগে আৰু ভোটকেন্দ্ৰ কেনেকৈ বিচাৰিব লাগে আদি অন্যান্য গুৰুত্বপূৰ্ণ দিশসমূহৰ তথ্য ব্যৱহাৰকাৰীসকলৰ আগত সঠিক আৰু সজাই থোৱা তথ্যৰ বাবে গ্ৰাফিকভাৱে আৰু ৰিলৰ সৈতে উপস্থাপন কৰা হয় শ্বেয়াৰ কৰা হৈছে। মন কৰিবলগীয়া যে নিৰ্বাচনৰ সংবাদমেল পৰিচালনাতো এক পৰিৱৰ্তন দেখা গৈছে, যেতিয়া মুখ্য নিৰ্বাচনী বিষয়া শ্ৰী ৰাজীৱ কুমাৰে সংবাদমেলখনক এক সজীৱ আৰু প্ৰভাৱশালী উপস্থাপনেৰে সম্বোধন কৰে, যিটো সংবাদ মাধ্যমকে ধৰি বিভিন্ন অংশীদাৰৰ তাৎক্ষণিক প্ৰৱেশৰ বাবে লাইভ ষ্ট্ৰীম আৰু লাইভ টুইট অভিযোজিত কৰা হৈছিল।

 

সৃষ্টিশীল কৌশল আৰু ছ’চিয়েল মিডিয়াৰ শক্তিৰ সহায় লৈ নিৰ্বাচন আয়োগে সমগ্ৰ দেশৰ নাগৰিকসকলৰ সৈতে সংযোগ স্থাপনৰ লক্ষ্য ৰাখিছে, তেওঁলোকক গণতান্ত্ৰিক প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আৰু ভাৰতীয় গণতন্ত্ৰৰ সজীৱ উৎসৱত অৰিহণা যোগাবলৈ সক্ষম কৰি তুলিছে। অষ্টাদশ লোকসভা নিৰ্বাচনৰ ভোটদানৰ দিন ওচৰ চাপি অহাৰ লগে লগে এই প্ৰচেষ্টাসমূহে নিৰ্বাচন আয়োগৰ সৰ্বাংগীন আৰু অংশগ্ৰহণমূলক নিৰ্বাচনৰ প্ৰতি সমৰ্পিততাৰ প্ৰমাণ হিচাপে কাম কৰে।

***************

DK/RP/DB



(Release ID: 2017388) Visitor Counter : 85