প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আৰবিআই@৯০ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ

আৰ বি আইৰ ৯০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে স্মাৰক মুদ্ৰা উন্মোচন

“আমাৰ দেশৰ বিকাশৰ পথক আগুৱাই নিয়াত আৰ বি আইয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে”

“আৰ বি আইয়ে স্বাধীনতাৰ প্ৰাক আৰু স্বৰাজোত্তৰ দুয়োটা যুগ প্ৰত্যক্ষ কৰি ইয়াৰ পেছাদাৰিত্ব আৰু দায়বদ্ধতাৰ ভিত্তিত সমগ্ৰ বিশ্বতে এক পৰিচয় গঢ়ি তুলিছে”

“আজি আমি এনে এটা পৰ্যায় পাইছো য’ত ভাৰতীয় বেংকিং ব্যৱস্থাক বিশ্বৰ এক শক্তিশালী আৰু বহনক্ষম বেংকিং ব্যৱস্থা হিচাপে দেখা গৈছে”

“চৰকাৰে স্বীকৃতি, সমাধান আৰু পুনৰ মূলধনীকৰণৰ কৌশলৰ ওপৰত কাম কৰিছে”

“সক্ৰিয় মূল্য নিৰীক্ষণ আৰু বিত্তীয় একত্ৰীকৰণৰ দৰে পদক্ষেপে ক’ৰোনাৰ কঠিন সময়তো মুদ্ৰাস্ফীতি মধ্যমীয়া স্তৰত ৰাখিছিল”

“বিশ্বৰ জিডিপি বিকাশৰ ১৫ শতাংশ অংশীদাৰিত্বৰে আজি ভাৰত বিশ্বৰ বিকাশৰ ইঞ্জিন হৈ পৰিছে”

“বিকশিত ভাৰতৰ বেংকিং দৃষ্টিভংগীৰ সামগ্ৰিক প্ৰশংসাৰ বাবে আৰ বি আই উপযুক্ত সংস্থা”

Posted On: 01 APR 2024 12:49PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ মুম্বাইত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৯০বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত আৰবিআই@৯০ৰ শীৰ্ষক কাৰ্যসূচীৰ মুকলি সভাত ভাষণ আগবঢ়ায়৷ আৰবিআইৰ ৯০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে শ্ৰী মোদীয়ে এটা স্মাৰক মুদ্ৰাও মুকলি কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকে ১৯৩৫ চনৰ ১ এপ্ৰিলত কাৰ্যক্ষম হৈ আজি ৯০ বছৰত ভৰি দিছে।

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি ৯০ বছৰ সম্পূৰ্ণ কৰি এক ঐতিহাসিক চিহ্নত উপনীত হৈছে। তেওঁ কয় যে আৰবিআইয়ে স্বাধীনতাৰ পূৰ্বৰ আৰু স্বাধীনোত্তৰ দুয়োটা যুগৰ সাক্ষী হৈ আহিছে আৰু ইয়াৰ পেছাদাৰিত্ব আৰু দায়বদ্ধতাৰ ভিত্তিত সমগ্ৰ বিশ্বতে এক পৰিচয় গঢ়ি তুলিছে। প্ৰধানমন্ত্ৰীয়ে আৰবিআইৰ ৯০ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে সকলো কৰ্মচাৰীক অভিনন্দন জ্ঞাপন কৰে। বৰ্তমানৰ আৰবিআইৰ কৰ্মচাৰীসকলক সৌভাগ্যৱান বুলি গণ্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ খচৰা প্ৰস্তুত কৰা নীতিসমূহে আৰবিআইৰ আগন্তুক দশকক গঢ় দিব আৰু আগন্তুক ১০ বছৰে আৰবিআইক শতবাৰ্ষিকীলৈ লৈ যাব বুলি উল্লেখ কৰে। দ্ৰুতগতিত বিকাশ আৰু আস্থা আৰু সুস্থিৰতাৰ ওপৰত গুৰুত্ব দিয়াৰ দিশত আৰবিআইৰ অগ্ৰাধিকাৰৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, “বিকশিত ভাৰতৰ সংকল্পৰ বাবে অহা দশকটো অত্যন্ত গুৰুত্বপূৰ্ণ। ইয়াৰ লক্ষ্য আৰু সংকল্প পূৰণৰ বাবেও প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে।

জিডিপি আৰু দেশৰ অৰ্থনীতিত মুদ্ৰা আৰু বিত্তীয় নীতিৰ সমন্বয়ৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনত আৰবিআইৰ ৮০ বছৰীয়া উদযাপনৰ কথা সোঁৱৰাই দিয়ে আৰু সেই সময়ত দেশ এনপিএৰ দৰে প্ৰত্যাহ্বান আৰু সমস্যা আৰু বেংকিং ব্যৱস্থাই সন্মুখীন হোৱা সুস্থিৰতাৰ কথা স্মৰণ কৰে। তেওঁ কয় যে তাৰ পৰা আৰম্ভ কৰি আজি আমি এনে এটা পৰ্যায় পাইছো য’ত ভাৰতীয় বেংকিং ব্যৱস্থাক বিশ্বৰ এক শক্তিশালী আৰু বহনক্ষম বেংকিং ব্যৱস্থা হিচাপে দেখা গৈছে কাৰণ সেই সময়ৰ প্ৰায় মৃত্যুমুখত পৰা বেংকিং ব্যৱস্থা এতিয়া লাভজনক আৰু অভিলেখ ক্ৰেডিট দেখুৱাইছে।

প্ৰধানমন্ত্ৰীয়ে এই পৰিৱৰ্তনৰ বাবে নীতি, উদ্দেশ্য আৰু সিদ্ধান্তৰ স্পষ্টতাৰ কৃতিত্ব দিয়ে। “য’ত উদ্দেশ্য সঠিক, ফলাফলো শুদ্ধ”, প্ৰধানমন্ত্ৰীয়ে কয়। সংস্কাৰৰ ব্যাপক স্বৰূপৰ ওপৰত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে স্বীকৃতি, সমাধান আৰু পুনৰ মূলধনীকৰণৰ কৌশলৰ ওপৰত কাম কৰিছিল। সহায়ক ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ বাবে ৩.৫ লাখ কোটিৰ মূলধন ইনফিউজনৰ লগতে শাসন সম্পৰ্কীয় বহু সংস্কাৰৰ কাম হাতত লোৱা হৈছিল। মাত্ৰ দেউলীয়া সংহিতাই ৩.২৫ লাখ টকাৰ ঋণৰ সমাধান কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে। তেওঁ লগতে দেশবাসীক অৱগত কৰে যে আইবিচিৰ অধীনত নামভৰ্তিৰ পূৰ্বেও ৯ লাখ কোটিতকৈ অধিক অন্তৰ্নিহিত ডিফল্টৰ সৈতে জড়িত ২৭ হাজাৰৰো অধিক আবেদন সমাধান কৰা হৈছিল। ২০১৮ চনত ১১.২৫ শতাংশ বেংকসমূহৰ মুঠ এনপিএ ২০২৩ চনৰ ছেপ্টেম্বৰৰ ভিতৰত ৩ শতাংশৰ তললৈ নামি আহিছে। তেওঁ কয় যে টুইন বেলেন্স শ্বীটৰ সমস্যাটো অতীতৰ সমস্যা। এই ৰূপান্তৰত আৰবিআইৰ অৱদানৰ বাবে প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে আঙুলিয়াই দিয়ে যে আৰবিআইৰ সৈতে জড়িত আলোচনাসমূহ প্ৰায়ে বিত্তীয় সংজ্ঞা আৰু জটিল পৰিভাষাত সীমাবদ্ধ থাকিলেও আৰবিআইত চলোৱা কামে প্ৰত্যক্ষভাৱে সাধাৰণ নাগৰিকৰ জীৱনত প্ৰভাৱ পেলায়। বিগত ১০ বছৰত প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে শেষৰ শাৰীত কেন্দ্ৰীয় বেংক, বেংকিং ব্যৱস্থা আৰু হিতাধিকাৰীৰ মাজৰ সংযোগক আলোকপাত কৰি দৰিদ্ৰসকলৰ আৰ্থিক অন্তৰ্ভুক্তিৰ উদাহৰণ দাঙি ধৰিছে। তেওঁ উল্লেখ কৰে যে দেশৰ ৫২ কোটি জন ধন একাউণ্টৰ ৫৫ শতাংশ মহিলাৰ। তেওঁ কৃষি আৰু মীন খণ্ডত আৰ্থিক অন্তৰ্ভুক্তিৰ প্ৰভাৱৰ কথাও উল্লেখ কৰে য’ত ৭ কোটিতকৈ অধিক কৃষক, মাছমৰীয়া আৰু গোপালকে পি এম কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধা লাভ কৰি গ্ৰাম্য অৰ্থনীতিত এক উল্লেখযোগ্য উদ্গনি প্ৰদান কৰে। বিগত ১০ বছৰত সমবায় খণ্ডৰ বাবে উত্থানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সমবায় বেংক সন্দৰ্ভত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়মাৱলীৰ গুৰুত্বৰ ওপৰত পোহৰ পেলায়। ইউ পি আইৰ জৰিয়তে মাহিলী ১২০০ কোটিতকৈ অধিক লেনদেনৰ কথাও তেওঁ বিশ্ব স্বীকৃতিপ্ৰাপ্ত মঞ্চ হিচাপে গঢ়ি তোলাৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় বেংকৰ ডিজিটেল মুদ্ৰাৰ সন্দৰ্ভত চলি থকা কামৰ কথাও স্পৰ্শ কৰি কয় যে বিগত ১০ বছৰৰ পৰিৱৰ্তনে নতুন বেংকিং ব্যৱস্থা, অৰ্থনীতি আৰু মুদ্ৰাৰ অভিজ্ঞতা সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

প্ৰধানমন্ত্ৰীয়ে আগন্তুক ১০ বছৰৰ লক্ষ্যৰ বাবে স্পষ্টতাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে৷ তেওঁ লগতে ডিজিটেল লেনদেনক প্ৰসাৰিত কৰাৰ লগতে নগদবিহীন অৰ্থনীতিয়ে কঢ়িয়াই অনা পৰিৱৰ্তনৰ ওপৰত চকু ৰখাৰ আলোকপাত কৰে। তেওঁ বিত্তীয় অন্তৰ্ভুক্তি আৰু সৱলীকৰণ প্ৰক্ৰিয়া গভীৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

ভাৰতৰ দৰে এখন বৃহৎ দেশৰ বৈচিত্ৰ্যপূৰ্ণ বেংকিং প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে ‘ব্যৱসায়ৰ সহজতা’ উন্নত কৰাৰ লগতে নাগৰিকৰ প্ৰয়োজন অনুসৰি টেইলাৰ মেড সেৱা আগবঢ়োৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। তেওঁ কৃত্ৰিম বুদ্ধিমত্তা আৰু মেচিন লাৰ্নিঙৰ ভূমিকাক আলোকপাত কৰে।

তেওঁ দেশৰ দ্ৰুত আৰু বহনক্ষম বিকাশৰ ক্ষেত্ৰত আৰবিআইৰ ভূমিকাক আলোকপাত কৰে। বেংকিং খণ্ডত নিয়মভিত্তিক অনুশাসন আৰু বিত্তীয়ভাৱে বিচক্ষণ নীতিৰ সৃষ্টিৰ ক্ষেত্ৰত আৰবিআইৰ সাফল্যৰ কথা লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে বেংকসমূহক চৰকাৰৰ সমৰ্থনৰ আশ্বাস দিয়াৰ লগতে সক্ৰিয় পদক্ষেপ গ্ৰহণৰ বাবে বিভিন্ন খণ্ডৰ প্ৰয়োজনীয়তাৰ আগতীয়া অনুমান কৰিবলৈও কয়। প্ৰধানমন্ত্ৰীয়ে আৰবিআইক মুদ্ৰাস্ফীতি লক্ষ্য কৰি লোৱাৰ অধিকাৰ দিয়াৰ দৰে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ ব্যৱস্থাৰ কথাও উল্লেখ কৰি এই ক্ষেত্ৰত মুদ্ৰানীতি সমিতিৰ কাম-কাজৰ প্ৰশংসা কৰে। সক্ৰিয় মূল্য নিৰীক্ষণ আৰু বিত্তীয় একত্ৰীকৰণৰ দৰে পদক্ষেপে কৰ’নাৰ কঠিন সময়তো মুদ্ৰাস্ফীতি মধ্যমীয়া স্তৰত ৰাখিছিল।

“এখন দেশৰ অগ্ৰাধিকাৰ স্পষ্ট হ’লে কোনেও দেশৰ অগ্ৰগতি ৰোধ কৰিব নোৱাৰে”, প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয়। তেওঁ ক’ভিড মহামাৰীৰ সময়ত চৰকাৰে আৰ্থিক বিচক্ষণতাৰ প্ৰতি গুৰুত্ব দিয়াৰ লগতে সাধাৰণ নাগৰিকৰ জীৱনক অগ্ৰাধিকাৰ দিয়াৰ উদাহৰণ দাঙি ধৰে যাৰ ফলত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীয়ে প্ৰতিকূলতাৰ পৰা ওলাই আহি আজি দেশৰ বিকাশক গতি প্ৰদান কৰে। “যি সময়ত বিশ্বৰ বহু দেশে এতিয়াও মহামাৰীৰ অৰ্থনৈতিক জোকাৰণিৰ পৰা উদ্ধাৰৰ চেষ্টা চলাই আছে, সেই সময়ত ভাৰতীয় অৰ্থনীতিয়ে নতুন অভিলেখ সৃষ্টি কৰিছে”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ ভাৰতৰ সফলতাক বিশ্ব পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত আৰবিআইৰ ভূমিকাক আলোকপাত কৰে। যিকোনো উন্নয়নশীল দেশৰ বাবে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ আৰু বৃদ্ধিৰ মাজত ভাৰসাম্য গঢ়ি তোলাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আস্থা প্ৰকাশ কৰে যে আৰবিআই ইয়াৰ বাবে আৰ্হি হ’ব পাৰে আৰু বিশ্বত নেতৃত্বৰ ভূমিকা পালন কৰিব পাৰে, যাৰ ফলত সমগ্ৰ বিশ্ব দক্ষিণ অঞ্চলটোক সমৰ্থন কৰিব পাৰে।

ভাৰত আজি বিশ্বৰ ভিতৰতে আটাইতকৈ যুৱ দেশ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীসকলৰ আকাংক্ষা পূৰণৰ ক্ষেত্ৰত আৰবিআইয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। তেওঁ দেশত নতুন খণ্ড মুকলি কৰাৰ ক্ষেত্ৰত চৰকাৰৰ নীতিৰ কৃতিত্ব দিয়ে যাৰ ফলত আজিৰ যুৱক-যুৱতীসকলৰ বাবে অসংখ্য সুযোগৰ সৃষ্টি হৈছে। তেওঁ সেউজ শক্তি খণ্ডৰ সম্প্ৰসাৰণৰ উদাহৰণ দি সৌৰশক্তি, সেউজ হাইড্ৰজেন আৰু ইথানল মিশ্ৰণৰ কথা উল্লেখ কৰে। তেওঁ থলুৱাভাৱে নিৰ্মিত ৫জি প্ৰযুক্তি আৰু প্ৰতিৰক্ষা খণ্ডত বৃদ্ধি পোৱা ৰপ্তানিৰ কথাও উনুকিয়ায়৷ ভাৰতৰ উৎপাদন খণ্ডৰ মেৰুদণ্ড হিচাপে পৰিগণিত হোৱা এমএছএমই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে ক’ভিড মহামাৰীৰ সময়ত এমএছএমই সমূহক সহায় কৰিবলৈ ঋণ নিশ্চয়তা আঁচনি ৰূপায়ণৰ ওপৰত আলোকপাত কৰে। তেওঁ দৃঢ়তাৰে কয় যে আৰবিআইয়ে নতুন খণ্ডসমূহৰ সৈতে জড়িত যুৱক-যুৱতীসকলৰ বাবে ঋণৰ উপলব্ধতা নিশ্চিত কৰিবলৈ আউট অৱ দ্য বক্স নীতি উদ্ভাৱন কৰে।

একবিংশ শতিকাত উদ্ভাৱনৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে দলৰ সৈতে অত্যাধুনিক প্ৰযুক্তি আৰু কামৰ বাবে কৰ্মী চিনাক্তকৰণৰ সন্দৰ্ভত আহিবলগীয়া প্ৰস্তাৱসমূহৰ বাবে সাজু হ’বলৈ কয়। তেওঁ বেংকাৰ আৰু নিয়ন্ত্ৰকসকলক মহাকাশ আৰু পৰ্যটনৰ দৰে নতুন আৰু পৰম্পৰাগত খণ্ডৰ প্ৰয়োজনীয়তাৰ বাবে সাজু হ’বলৈ কয়। অনাগত বছৰবোৰত অযোধ্যা বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় পৰ্যটন কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব বুলি বিশেষজ্ঞৰ মতামত উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে আৰ্থিক অন্তৰ্ভুক্তি আৰু ডিজিটেল পেমেণ্টৰ বাবে চৰকাৰে কৰা কামৰ কৃতিত্ব দিয়ে যিয়ে ক্ষুদ্ৰ ব্যৱসায়ী আৰু ৰাজপথৰ ব্যৱসায়ীসকলৰ বিত্তীয় সামৰ্থ্যত স্বচ্ছতাৰ সৃষ্টি কৰিছে। “এই তথ্যৰ সহায়ত তেওঁলোকক আৰ্থিকভাৱে সবলীকৰণ কৰিব লাগিব”, প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয়।

প্ৰধানমন্ত্ৰী মোদীয়ে আগন্তুক ১০ বছৰত ভাৰতৰ অৰ্থনৈতিক স্বাৱলম্বীতা বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে যাতে বিশ্বজনীন সমস্যাৰ প্ৰভাৱ কম হয়। “আজি ভাৰত বিশ্বৰ জিডিপি বৃদ্ধিৰ ১৫ শতাংশ অংশীদাৰিত্বৰে বিশ্বৰ বিকাশৰ ইঞ্জিন হৈ পৰিছে”, শ্ৰী মোদীয়ে মন্তব্য কৰে। তেওঁ টকাক সমগ্ৰ বিশ্বতে অধিক সুলভ আৰু গ্ৰহণযোগ্য কৰি তোলাৰ প্ৰচেষ্টাত গুৰুত্ব আৰোপ কৰে। তেওঁ অত্যধিক অৰ্থনৈতিক সম্প্ৰসাৰণ আৰু ঋণ বৃদ্ধিৰ বৰ্ধিত ধাৰাকো স্পৰ্শ কৰি বহু দেশৰ ব্যক্তিগত খণ্ডৰ ঋণে তেওঁলোকৰ জিডিপি দুগুণ বৃদ্ধি কৰা বুলি আঙুলিয়াই দিয়ে। বহু দেশৰ ঋণৰ মাত্ৰাইও বিশ্বত নেতিবাচক প্ৰভাৱ পেলাইছে বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ বৃদ্ধিৰ সম্ভাৱনা আৰু সম্ভাৱনাক মনত ৰাখি আৰবিআইক এই সন্দৰ্ভত এক অধ্যয়ন কৰিবলৈ পৰামৰ্শ দিয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ প্ৰকল্পসমূহলৈ প্ৰয়োজনীয় পুঁজি প্ৰদানৰ বাবে এক শক্তিশালী বেংকিং উদ্যোগৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ কৃত্ৰিম বুদ্ধিমত্তা আৰু ব্লকচেইনৰ দৰে প্ৰযুক্তিয়ে কঢ়িয়াই অনা পৰিৱৰ্তনৰ কথা উল্লেখ কৰে আৰু ক্ৰমবৰ্ধমান ডিজিটেল বেংকিং ব্যৱস্থাত চাইবাৰ সুৰক্ষাৰ গুৰুত্বৰ কথা উল্লেখ কৰে। তেওঁ দৰ্শকক ফিন-টেক উদ্ভাৱনৰ পোহৰত বেংকিং ব্যৱস্থাৰ গাঁথনিৰ প্ৰয়োজনীয় পৰিৱৰ্তনৰ বিষয়ে চিন্তা কৰিবলৈ কয় কাৰণ নতুন বিত্তীয়, পৰিচালনা আৰু ব্যৱসায়িক মডেলৰ প্ৰয়োজন হ’ব। “ষ্ট্ৰীট ভেণ্ডৰলৈ গ্ল’বেল চেম্পিয়নৰ ঋণৰ প্ৰয়োজনীয়তা পূৰণ কৰাটো, পৰম্পৰাগত খণ্ডৰ পৰা অত্যাধুনিক খণ্ডৰ ঋণৰ প্ৰয়োজনীয়তা পূৰণ কৰাটো বিকশিত ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু আৰবিআই হৈছে বিকশিত ভাৰতৰ বেংকিং দৃষ্টিভংগীৰ সামগ্ৰিক প্ৰশংসাৰ বাবে উপযুক্ত সংস্থা”, এই মন্তব্যৰে প্ৰধানমন্ত্ৰীয়ে ভাষণ সামৰে।

এই উপলক্ষে অনুষ্ঠানত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ৰমেশ বেইনছ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিন্ধে, উপ-মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাডনাবীশ আৰু শ্ৰী অজিত পাৱাৰ, কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ, বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ভাগৱত কিষানৰাও কাৰাদ আৰু শ্ৰী পংকজ চৌধাৰী আৰু আৰবিআইৰ গৱৰ্ণৰ শক্তিকান্ত দাস উপস্থিত থাকে।

*****

DS/TS/DB



(Release ID: 2016815) Visitor Counter : 59