তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰেছ ইনফৰমেচন ব্যুৰ’ৰ মুখ্য সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ শ্ৰীমতী শ্বেফালী শৰনৰ

Posted On: 01 APR 2024 11:20AM by PIB Guwahati

শ্ৰী মনীষ দেশাইৰ কালি অৱসৰৰ পিছত আজি শ্ৰীমতী শ্বেফালি বি. শৰণে প্ৰেছ ইনফৰমেচন ব্যুৰ’ৰ মুখ্য সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰিছে। শ্ৰীমতী শৰন ১৯৯০ বৰ্ষত উত্তীৰ্ণ ভাৰতীয় তথ্য সেৱাৰ  বিষয়া।

                                                                             

বৰ্ণাঢ্য কেৰিয়াৰত শ্ৰীমতী শৰনে বিত্ত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰেছ ইনফৰমেচন ব্যুৰোৰ বিষয়া হিচাপে বৃহৎ পৰিসৰৰ সংবাদ মাধ্যমৰ প্ৰচাৰৰ কাম-কাজ চোৱাচিতা কৰা কেডাৰ পদত অধিষ্ঠিত হৈছিল। তেওঁ ভাৰতৰ নিৰ্বাচন আয়োগৰ মুখপাত্ৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে।

তদুপৰি তেওঁ স্বাস্থ্য মন্ত্ৰালয় (আয়ুসৰ পৰম্পৰাগত চিকিৎসা ব্যৱস্থা বিভাগ/আয়ুস বিভাগ (২০০২-২০০৭)) আৰু বিত্ত মন্ত্ৰালয় (অৰ্থনৈতিক পৰিক্ৰমা বিভাগ ২০১৩-২০১৭)ত সঞ্চালক হিচাপে কেন্দ্ৰীয় কৰ্মচাৰী আঁচনিৰ ডেপুটেচনত কাম কৰাৰ লগতে অ’এছডি কেডাৰৰ পদ (২০০০-২০০২ৰ বৰ্ষত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ তথ্য নীতি) আৰু ২০০৭-২০০৮ চনত লোকসভা সচিবালয়ৰ লোকসভা টিভিত প্ৰশাসন আৰু বিত্তৰ সঞ্চালক হিচাপে কাৰ্যনিবাহ কৰিছিল।

                                                                     

দায়িত্ব গ্ৰহণৰ পাছতে শ্ৰীমতী শৰনক প্ৰেছ ইনফৰমেচন ব্যুৰ’ৰ জ্যেষ্ঠ বিষয়াসকলে আদৰণি জনায়।

***

Pragya Paliwal/Saurabh Singh/DB


(Release ID: 2016791) Visitor Counter : 93