ভাৰতীয় নিৰ্বাচন আয়োগ

ভোটাৰৰ মাজত ব্যাপক প্ৰভাৱ পেলাইছে নিৰ্বাচন আয়োগৰ চি-ভিজিল এপে

সাধাৰণ নিৰ্বাচন ঘোষণাৰ পিছত অভিযোগ এপৰ জৰিয়তে এতিয়ালৈকে ৭৯,০০০ৰো অধিক বিধিউলংঘাৰ তথ্যপোৱাগৈছে;নিষ্পত্তিকৰাহৈছে৯৯% গোচৰ

বিনামূলীয়া, ন্যায্য আৰু প্ৰলোভনমুক্ত নিৰ্বাচন নিশ্চিত কৰিবলৈ চি-ভিজিলএপৰব্যৱস্থানিৰ্বাচন আয়োগৰ

Posted On: 29 MAR 2024 1:52PM by PIB Guwahati

নিৰ্বাচনী বিধি উলংঘাপ্ৰতিহত কৰাৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগৰ চিভিজিলএপ জনসাধাৰণৰ বাবে এক ফলপ্ৰসূ আহিলাত পৰিণত হৈছে। ২০২৪ চনৰ সাধাৰণ নিৰ্বাচন ঘোষণাৰ পিছৰে পৰা আজিলৈকে ৭৯,০০০ৰো অধিক অভিযোগ উত্থাপিতহৈছে৷ ৯৯%তকৈ অধিক অভিযোগ সমাধান কৰা হৈছে আৰু প্ৰায় ৮৯% অভিযোগ ১০০ মিনিটৰ ভিতৰত সমাধান কৰা হৈছে। গতি আৰু স্বচ্ছতা চিভিজিলএপৰ মূল আধাৰ৷

এইএপযোগে৫৮,৫০০ৰো অধিক অভিযোগ (মুঠ অভিযোগৰ ৭৩ শতাংশ) অবৈধ হৰ্ডিং আৰু বেনাৰৰ বিৰুদ্ধেলাভ কৰা হৈছে।১৪০০ৰো অধিক অভিযোগ ধন, উপহাৰ আৰু সুৰা বিতৰণৰ সৈতে জড়িত। প্ৰায় ৩% অভিযোগ (২,৪৫৪) সম্পত্তিৰ ফাঁকিৰ সৈতে জড়িত। আগ্নেয়াস্ত্ৰ প্ৰদৰ্শন আৰু ভয়-ভাবুকি বিৰুদ্ধে উত্থাপিত ৫৩৫টা অভিযোগৰ ভিতৰত ৫২৯টা অভিযোগ ইতিমধ্যে নিষ্পত্তি কৰা হৈছে। অনুমোদিত সময়ৰ বাহিৰত স্পীকাৰ ব্যৱহাৰকে ধৰি নিষিদ্ধ সময়ৰ বাহিৰত প্ৰচাৰ চলোৱাৰ বাবে ১০০০ অভিযোগ পোৱা গৈছে।

                                                                   

নিৰ্বাচনৰ নিৰীক্ষণ আৰু প্ৰচাৰৰ বিশৃংখলতা হ্ৰাস কৰাৰ দিশত চি-ভিজিল এপ এক গুৰুত্বপূৰ্ণ প্ৰচেষ্টা। স্মৰণীয় যে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ ঘোষণাৰ বাবে অনুষ্ঠিত সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে নাগৰিকসকলক সজাগ হৈ থাকিবলৈ আৰু নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ লগতে ভোটাৰক যিকোনো ধৰণৰ প্ৰলোভনৰৰ বিষয়ে অৱগত কৰিবলৈ কৈছিল।ৱাছে এই এপটো ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাইছে।

চি-ভিজিল হৈছে ব্যৱহাৰকাৰী অনুকূল আৰু পৰিচালনা কৰাত সহজ এপ্লিকেচন, যিয়ে সচেতন নাগৰিকসকলক জিলা নিয়ন্ত্ৰণ কক্ষ, ৰিটাৰ্নিং বিষয়া আৰু ফ্লাইং-স্কোৱাড দলৰ সৈতে সংযোগ কৰে। এই এপটো ব্যৱহাৰ কৰি নাগৰিকে কেইমিনিটমানৰ ভিতৰতে ৰাজনৈতিক অসৎ আচৰণৰ ঘটনা ততালিকে খবৰ দিব পাৰিব আৰু ৰিটাৰ্নিং অফিচাৰৰ কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নাই। চি-ভিজিল এপত অভিযোগ প্ৰেৰণ কৰাৰ লগে লগে অভিযোগকাৰীয়ে লাভ কৰিব একক আইডি যাৰ জৰিয়তে তেওঁ নিজৰ অভিযোগৰ আপডেট কৰা অৱস্থাৰ বিষয়ে মোবাইলত জানিব পাৰিব।

একেলগে কাম কৰা কাৰকৰ ত্ৰিত্বই চি-ভিজিলক সফল কৰি তোলে। ব্যৱহাৰকাৰীসকলে সঠিক সময়ত অডিঅ’, ফটো বা ভিডিঅ’ কম্পাইল কৰে আৰু অভিযোগৰ ওপৰত সময়মতে ব্যৱস্থা গ্ৰহণৰ বাবে “১০০ মিনিট” কাউণ্টডাউন নিশ্চিত কৰা হয়। কোনো ব্যৱহাৰকাৰীয়ে চি-ভিজিলত নিজৰ কেমেৰা অন কৰি কোনো উলংঘাৰ ৰিপৰ্ট দিয়াৰ লগে লগে এপটোৱে স্বয়ংক্ৰিয়ভাৱে জিঅ’-টেগিং কৰে। অৰ্থাৎ ফ্লাইং স্কোৱাডে ৰিপ’ৰ্ট কৰা উলংঘাৰ সঠিক স্থান জানিব পাৰিব আৰু নাগৰিকে তোলা ফটো আদালতত প্ৰমাণ হিচাপে ব্যৱহাৰ কৰিব পাৰিব। নাগৰিকে নিজৰ নাম উহ্য ৰাখিও অভিযোগ দাখিল কৰিব পাৰে।

এই এপটো আয়োগে প্ৰযুক্তিৰ লাভ উঠাবলৈ আৰু ভোটাৰ আৰু ৰাজনৈতিক দলসমূহক সুবিধা প্ৰদানৰ বাবে সৃষ্টি কৰা বিভিন্ন এপসমূহৰ ভিতৰত অন্যতম।



(Release ID: 2016674) Visitor Counter : 69