প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিল গেটছে ষ্টেছ্যু অফ ইউনিটী পৰিদৰ্শন কৰাক লৈ আনন্দিত প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 02 MAR 2024 2:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ষ্টেছ্যু অফ ইউনিটী পৰিদৰ্শন সন্দৰ্ভত বিল গেটছৰ অভিজ্ঞতাক লৈ মন্তব্য কৰে৷শ্ৰী মোদীয়ে লগতে সমগ্ৰ বিশ্বৰ লোকসকলক অনাগত সময়ত ষ্টেছ্যু অফ ইউনিটী ভ্ৰমণৰ বাবে আহ্বান জনায়৷

ষ্টেছ্যু অফ ইউনিটী পৰিদৰ্শনৰ পাছত টুইটাৰ পোষ্টত বিল গেটছে কয় যে ষ্টেছ্যু অফ ইউনিটী আভিযান্ত্ৰিক আশ্বৰ্য আৰু ছৰ্দাৰ পেটেলৰ প্ৰতি এক মহান শ্ৰদ্ধাঞ্জলি৷ তেওঁ লগতে কয় যে এই মূৰ্তি স্থাপনে স্থানীয় জনজাতীয় সমূদায়, বিশেষকৈ মহিলাসকলৰ বাবে আৰ্থিক সুযোগ সৃষ্টি কৰিছে৷

বিল গেটছৰ টুইটাৰ পোষ্টৰ সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়;

“এয়া দেখি সুখী হৈছো! ‘ষ্টেছ্যু অফ ইউনিটী’ৰ ভ্ৰমণ আপোনাৰ বাবে উপভোগ্য বুলি জানি আনন্দিত হৈছো৷ মই সমগ্ৰ বিশ্বৰ লোকসকলক অনাগত সময়ত ষ্টেছ্যু অফ ইউনিটী ভ্ৰমণৰ বাবে আহ্বান জনাইছো৷@BillGates

*****


DS/ST/DB


(रिलीज़ आईडी: 2016481) आगंतुक पटल : 72
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , Kannada , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Telugu , Malayalam