কেবিনেট
কেবিনেটে খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত ভাৰত আৰু ভূটানৰ মাজত এক চুক্তি স্বাক্ষৰিত কৰিবলৈ অনুমোদন জনাইছে
प्रविष्टि तिथि:
13 MAR 2024 3:28PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ভূটান চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ খাদ্য আৰু ঔষধ প্ৰাধিকৰণ (বিএফডিএ) আৰু ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণৰ (এফএছএছএআই) মাজত খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা সন্দৰ্ভত এক চুক্তি স্বাক্ষৰিত কৰাৰ ক্ষেত্ৰত অনুমোদন জনায়।
ভূটান চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ খাদ্য আৰু ঔষধ প্ৰাধিকৰণ (বিএফডিএ) আৰু ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণৰ (এফএছএছএআই) মাজত এই চুক্তি স্বাক্ষৰৰ জৰিয়তে চুবুৰীয়া দেশ দুখনৰ মাজত বাণিজ্য ত্বৰান্বিত হ'ব। বি.এফ.ডি.এ.য়ে ভাৰতলৈ সামগ্ৰীবোৰ ৰপ্তানি কৰাৰ সময়ত এফ.এছ.এছ.এ.আই.য়ে নিৰ্ধাৰিত মান ৰক্ষা কৰাৰ প্ৰমাণ হিচাপে স্বাস্থ্য প্ৰমাণপত্ৰ জাৰী কৰিব। ই ব্যৱসায়িক সূচলতা বৃদ্ধি কৰাৰ লগতে দুয়োপক্ষৰ অনুপালন ব্যয় হ্ৰাস কৰিব।
***********
DS/SKS/DD/BB
(रिलीज़ आईडी: 2014191)
आगंतुक पटल : 127
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam