প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কাশীৰ শিৱপুৰ-ফুলৱাৰিয়া-লাহৰটাৰা মাৰ্গ পৰিদৰ্শন প্ৰধানমন্ত্ৰীৰ

Posted On: 23 FEB 2024 8:39AM by PIB Guwahati

গুজৰাটত এটা দীঘলীয়া আৰু ব্যস্ততাপূৰ্ণ দিনৰ পিছত বাৰাণসীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে নিশা প্ৰায় ১১ বজাত শিৱপুৰ-ফুলৱাৰিয়া-লাহৰটাৰা মাৰ্গ পৰিদৰ্শন কৰে।

এই মাৰ্গ শেহতীয়াকৈ উদ্বোধন কৰা হৈছিল। দক্ষিণ অংশ, বিএইচইউ, বিএলডব্লিউ আদিৰ চাৰিওফালে বাস কৰা প্ৰায় ৫ লাখ লোকৰ যিসকলে বিমানবন্দৰ, লক্ষ্ণৌ, আজমগড় আৰু গাজীপুৰঅভিমুখে যাব বিচাৰে তেওঁলোকৰ বাবে ই যথেষ্ট সহায়ক হৈছে।

ইয়াক ৩৬০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। যান-জঁট হ্ৰাস কৰাত ই যথেষ্ট সহায়ক হৈছে।ইয়াৰ দ্বাৰা বিএইচইউৰ পৰা বিমানবন্দৰৰ ফালে যাত্ৰাৰ দূৰত্ব ৭৫ মিনিটৰ পৰা ৪৫ মিনিটলৈ হ্ৰাস হৈছে। একেদৰে, ই লাহৰটাৰাৰ পৰা কাচাহৰিলৈ দূৰত্ব ৩০মিনিটৰ পৰা ১৫ মিনিটলৈ হ্ৰাস কৰিছে।

বাৰাণসীৰ নাগৰিকসকলৰ জীৱন যাত্ৰা সূচল কৰাৰ বাবেএই প্ৰকল্পতৰে'ল আৰু প্ৰতিৰক্ষাৰ মন্ত্ৰালয়কে ধৰিআন্তঃমন্ত্ৰালয়ৰ সমন্বয় প্ৰত্যক্ষ হৈছে।

প্ৰধানমন্ত্ৰীয়ে X ত এটা পোষ্টত কৈছে:

"কাশীত অৱতৰণ কৰাৰ পিছত শিৱপুৰ-ফুলৱাৰিয়া-লাহৰটাৰা পথ পৰিদৰ্শন কৰিলো। এই প্ৰকল্পটো শেহতীয়াকৈ মুকলি কৰা হৈছিল আৰু চহৰখনৰ দক্ষিণ অংশৰ লোকসকলৰ বাবে ই যথেষ্ট সহায়ক হৈছে।"

 

DS/HS/ID



(Release ID: 2008265) Visitor Counter : 46