প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
তামিলনাডুৰ বিৰুধুনগৰ জিলাৰ এটা ফটকা কাৰখানাত সংঘটিত দুৰ্ঘটনাত কেইবাজনো লোকৰ মৃত্যুত প্ৰধানমন্ত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰে
‘পিএমএনআৰএফ’ৰ পৰা অনুগ্ৰহ ধন দিব বুলি ঘোষণা
प्रविष्टि तिथि:
17 FEB 2024 7:20PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ বিৰুধুনগৰ জিলাৰ এটা ফটকা কাৰখানাত সংঘটিত দুৰ্ঘটনাৰ ফলত কেইবাজনো লোকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে এই দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘পিএমএনআৰএফ’ৰ পৰা প্ৰতিজন মৃতকৰ নিকটাত্মীয়ক ২ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ অনুগ্ৰহ ধন দিব বুলি ঘোষণা কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ‘এক্স’ত পোষ্ট কৰিছে:
'বিৰুধুনগৰ জিলাৰ এটা ফটকা কাৰখানাত সংঘটিত দুৰ্ঘটনাৰ কথা জানিব পাৰিলোঁ, যিটো অত্যন্ত দুখজনক খবৰ। এই কঠিন সময়ত মোৰ গভীৰ সমবেদনা দুখজনক মৃত্যু হোৱা লোকসকলৰ পৰিজনৰ সৈতে আছে। মই এই দুৰ্ঘটনাটোত আহত সকলো লোকৰ আশু আৰু সম্পূৰ্ণ আৰোগ্য হোৱাৰ কামনা কৰিছোঁ।
প্ৰতিজন মৃতকৰ পৰিজনক পিএমএনআৰএফৰ পৰা ২ লাখকৈ টকাৰ অনুগ্ৰহ ধন দিয়া হ'ব। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ'ব: পিএম @নৰেন্দ্ৰ মোদী।'
**********
DS/ST
(रिलीज़ आईडी: 2006861)
आगंतुक पटल : 118
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam