প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে আইআইটি দিল্লী-আবু ধাবি কেম্পাছৰ প্ৰথম গোটৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বাৰ্তালাপ কৰে

Posted On: 13 FEB 2024 7:35PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইআইটি দিল্লী–আবুধাবি কেম্পাছৰ প্ৰথম গোটৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ দ্বাৰা ভাৰত আৰু ইউএইৰ মাজত দ্বিপাক্ষিক সহযোগিতাৰ এক নতুন অধ্যায় আৰম্ভ হোৱাই নহয়, দুয়োখন দেশৰ যুৱক-যুৱতীকো একত্ৰিত কৰা হৈছে।

ইউএইত দিল্লীৰ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (আইআইটি)ৰ এটা কেম্পাছ মুকলি কৰাৰ কথা দেশ দুখনৰ নেতৃত্বই ২০২২ চনৰ ফেব্ৰুৱাৰী মাহতে কল্পনা কৰিছিল। ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান দিল্লী (আইআইটি-ডি) আৰু আবুধাবি ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন এণ্ড নলেজ (এডিইকে)ৰ যুটীয়া সহযোগত গঠিত এই প্ৰকল্পৰ লক্ষ্য হৈছে, বিশ্বজুৰি ছাত্ৰ-ছাত্ৰীসকলক মানসম্পন্ন উচ্চ শিক্ষাৰ সুযোগ প্ৰদান কৰা। ইয়াৰ উপৰিও, ই পৰৱৰ্তী প্ৰজন্মৰ প্ৰযুক্তি, গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত অংশীদাৰিত্ব গঢ়ি তুলিব। প্ৰথমটো শৈক্ষিক কাৰ্যক্ৰম - শক্তি পৰিৱৰ্তন আৰু দীৰ্ঘস্থায়িত্ব বিষয়ত স্নাতকোত্তৰ - এই জানুৱাৰী মাহত আৰম্ভ হৈছে।

**********

DS/ST



(Release ID: 2005741) Visitor Counter : 60