কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

ভাৰতীয় ৰে’লৱেত ৬টা মাল্টি ট্ৰেকিং প্ৰকল্পত অনুমোদন কেবিনেটৰ: ভ্ৰমণৰ সুবিধা, লজিষ্টিক খৰচ কম কৰাৰ লগতে তেল আমদানি হ্ৰাস আৰু কাৰ্বন নিৰ্গমন কম কৰিব এই প্ৰকল্পই

প্ৰকল্পবোৰে শাখাসমূহৰ লাইন ক্ষমতা বৃদ্ধি কৰিব যাৰ ফলত ৰে'ল পৰিচালনা মসৃণ হোৱাৰ লগতে সময়ানুৱৰ্তীতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব

যানজঁট হ্ৰাস আৰু ৰে’ল যাতায়াত বৃদ্ধি হ’ব

প্ৰকল্পসমূহে নিৰ্মাণৰ সময়ত প্ৰায় ৩ (তিনি) কোটি প্ৰত্যক্ষ কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব

প্ৰকল্পসমূহৰ বিত্তীয় ব্যয় হ’ব ১২,৩৪৩ কোটি টকা (প্ৰায়) আৰু ২০২৯-৩০ চনৰ ভিতৰত এই প্ৰকল্প সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে

Posted On: 08 FEB 2024 8:07PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিয়ে ৰে'ল মন্ত্ৰালয়ৰ ৬টা প্ৰকল্পত অনুমোদন জনায়। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ১০০ শতাংশ আবণ্টিত পুঁজিৰ মুঠ ১২,৩৪৩ কোটি টকা (প্ৰায়) ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া এই মাল্টি-ট্ৰেকিং প্ৰকল্পই ভাৰতীয় ৰে’লৱেৰ কাৰ্যকলাপসমূহ সহজ কৰি তোলাৰ লগতে ভিৰ হ্ৰাস কৰিব যাৰ ফলত সমগ্ৰ ভাৰতীয় ৰে'লৱেৰ ব্যস্ততম শাখাসমূহত অতি প্ৰয়োজনীয় আন্তঃগাঁথনিগত বিকাশত গুৰুত্ব প্ৰদান কৰা হ'ব।

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নতুন ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সামঞ্জস্য ৰাখি এই প্ৰকল্পই অঞ্চলসমূহক "আত্মনিৰ্ভৰ" কৰি তোলাৰ লগতে অঞ্চলটোত নিয়োগৰ সুবিধা বৃদ্ধি কৰিব।

৬ খন ৰাজ্য ক্ৰমে ৰাজস্থান, অসম, তেলেংগানা, গুজৰাট, অন্ধ্ৰ প্ৰদেশ আৰু নাগালেণ্ডৰ ১৮ খন জিলা সামৰি লোৱা এই ৬ (ছয়) প্ৰকল্পৰ জৰিয়তে ভাৰতীয় ৰে'লৱেৰ বৰ্তমানৰ নেটৱৰ্ক ১০২০ কিলোমিটাৰ বৃদ্ধি পাব। ইয়াৰোপৰি এই প্ৰকল্পই  প্ৰায় ৩ (তিনি) কোটি কৰ্মসংস্থাপন প্ৰদান কৰিব।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী-গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনফৰ্ম ফৰ মাল্টি-মডেল সংযোগৰ ফলত একত্ৰিত পৰিকল্পনাৰ জৰিয়তে সম্ভৱ হৈছে এই প্ৰকল্প। জনসাধাৰণ যাতায়াত, সামগ্ৰী প্ৰেৰণ আৰু সেৱা প্ৰদানৰ বাবে এই প্ৰকল্পই নিৰৱচ্ছিন্ন সংযোগ প্ৰদান কৰিব।

খাদ্য শস্য, খাদ্য সামগ্ৰী, সাৰ, কয়লা, চিমেণ্ট, লোহা, তীখা আদি সামগ্ৰী পৰিবহণৰ বাবে এয়া এক অপৰিহাৰ্য পথ। ৰে'লৱে খণ্ডক জলবায়ুৰ লক্ষ্যত উপনীত হোৱা আৰু দেশৰ লজিষ্টিক খৰচ কম কৰা, তেল আমদানি হ্ৰাস কৰা আৰু কাৰ্বন নিৰ্গমন হ্ৰাস কৰাত সহায় কৰিব এই প্ৰকল্পই।

 

*********

 

DS/SKS/AR



(Release ID: 2004234) Visitor Counter : 74