প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাজ্য সভাৰ অৱসৰ গ্ৰহণ কৰা সদস্যসকলৰ বিদায় পৰ্বত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পাঠ

Posted On: 08 FEB 2024 1:07PM by PIB Guwahati

সন্মানীয় অধ্যক্ষ মহোদয়,

এই সদনত প্ৰতি দুবছৰৰ মূৰে-মূৰে এনে হয় যদিও এই সদন ধাৰাবাহিকতাৰ প্ৰতীক। প্ৰতি ৫ বছৰৰ মূৰে-মূৰে লোকসভাই এক নতুন ৰূপ লাভ কৰে। এই সদনে প্ৰতি দুবছৰৰ মূৰে-মূৰে এক নতুন জীৱন শক্তি লাভ কৰে, সদনৰ পৰিবেশটো এক নতুন উদ্যম আৰু উৎসাহেৰে ভৰাই তোলে। আৰু সেয়েহে, দুবছৰৰ মূৰে-মূৰে যি বিদায় হয়, সেয়া কোনো কাৰণতে বিদায় নহয়। আপোনালোকে ইয়াত এনে স্মৃতি সিঁচি থৈ যায়, যি আহি থকা নতুন সকলৰ বাবে এক অমূল্য ঐতিহ্য।

সন্মানীয় সাংসদসকল, কিছুমান লোক গৈছে, হয়তো কিছুমান লোক আহিবলৈ ওলাইছে আৰু কিছুমান লোক আজি যাবলৈ ওলাইছে। বিশেষকৈ সন্মানীয় ডঃ মনমোহন সিং জীক স্মৰণ কৰিব বিচাৰিছোঁ। তেওঁৰ বহুমূলীয়া চিন্তাৰে এই সদনত ৬ বাৰকৈ আৰু নেতা হিচাপেও বিৰোধী দলতো তেওঁ এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ইমান দিনে তেওঁ এই সদন আৰু দেশক যিদৰে পথ প্ৰদৰ্শন কৰি আহিছে, যেতিয়াই আমাৰ গণতন্ত্ৰৰ চৰ্চা হ’ব, একাংশ সন্মানীয় সদস্যৰ আলোচনাত সন্মানীয় ডঃ মনমোহন সিঙৰ কথা উল্লেখ হ’ব। তেওঁৰ অৱদানৰ বিষয়ে নিশ্চয়কৈ আলোচনা হ’ব।

আৰু মই নিশ্চিতভাৱে সকলো সাংসদক ক’ম, এই সদনতেই হওঁক বা সেই সদনতেই হওঁক, আজি যিসকল উপস্থিত আছে বা ভৱিষ্যতে আহিব, সেইসকল যি দলৰেই নহওঁক কিয়, তেওঁৰ কাৰ্যকালত যি ধৰণৰ প্ৰতিভা প্ৰদৰ্শন কৰিছিল, তাৰপৰা আমি শিকিবলৈ চেষ্টা কৰা উচিত।

মনত পৰিছে, ডঃ মনমোহন সিং জী হুইল চেয়াৰত উঠি আহি ভোট দিছিলহি। সেয়া এজন সাংসদ নিজৰ দায়িত্বৰ প্ৰতি কিমান সচেতন তাৰ নিদৰ্শন আছিল। সেয়া আছিল এক প্ৰেৰণাদায়ক উদাহৰণ। প্ৰশ্নটো এনে নহয় যে তেওঁ কাক ক্ষমতা দিবলৈ আহিছিল, মোৰ বিশ্বাস তেওঁ গণতন্ত্ৰক ক্ষমতা দিবলৈ আহিছিল। আৰু সেয়ে আজি বিশেষকৈ আমাৰ সকলোৰে হৈ তেওঁৰ দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা জনাইছোঁ, তেওঁ আমাক পথ প্ৰদৰ্শন কৰি যাওঁক আৰু আমাক অনুপ্ৰাণিত কৰক।

সন্মানীয় অধ্যক্ষ মহোদয়,

নতুন দায়িত্বৰ দিশে আগবাঢ়ি যোৱা আমাৰ বন্ধুসকল, আপোনালোক এই সীমিত পৰিসৰৰপৰা এক বৃহৎ পৰিসৰলৈ আগবাঢ়িছে, ৰাজ্যসভাৰপৰা জনসভালৈ আগবাঢ়িছে। গতিকে মই বিশ্বাস কৰোঁ যে ইয়াত তেওঁলোকৰ সমৰ্থন আৰু অভিজ্ঞতা, যেতিয়া তেওঁলোকে ইমান বৃহৎ মঞ্চত উপৱিষ্ট হ’ব, তেতিয়া দেশৰ বাবে এক বৃহৎ সম্পদ হিচাপে প্ৰমাণিত হ’ব। বিশ্ববিদ্যালয় এখনতো ৩-৪ বছৰৰ পাছত নতুন ব্যক্তিত্বৰ উন্মেষ ঘটে, এইখন ৬ বছৰ ধৰি বৈচিত্ৰ্যৰে ভৰা বিশ্ববিদ্যালয়, অভিজ্ঞতাৰদ্বাৰা গঢ় লৈ উঠা বিশ্ববিদ্যালয়, য’ত ৬ বছৰ থকাৰ পিছত সকলো ব্যক্তিয়েই ইমান উজ্জ্বলতাৰে ওলাই যায়। হয়, তেওঁ ইমান উজ্জ্বল হৈ উঠে, তেওঁ য'তেই নাথাকক কিয়, যি ভূমিকাই নলওঁক কিয়, তেওঁ নিশ্চিতভাৱে আমাৰ কামক অধিক শক্তিশালী কৰি তুলিব আৰু ৰাষ্ট্ৰৰ কাম-কাজ ক্ষীপ্ৰকৰণৰ শক্তি আমাক প্ৰদান কৰিব।

সন্মানীয় সাংসদসকল, আপোনালোকে উভয় সংসদতে থকাৰ সুযোগ লাভ কৰিছে, পুৰণি সংসদ ভৱনতো আৰু নতুন সংসদ ভৱনতো। সেয়েহে, আপোনালোকে স্বাধীনতাৰ ৭৫ বছৰীয়া আৰু আমাৰ সংবিধানৰ ৭৫ বছৰীয়া স্মৃতি লগত লৈ আজি যাবলৈ ওলাইছে।

আমি সেই দিন সমূহৰ কথা পাহৰিব নোৱাৰোঁ, যেতিয়া ক’ভিডৰ কঠিন সময়ছোৱাত আমি সকলোৱে পৰিস্থিতি বুজি পাইছিলোঁ আৰু পৰিস্থিতি অনুযায়ী নিজকে গঢ় দিছিলোঁ। ক’ৰোনাৰ সেই সময়ছোৱা আছিল জীৱন-মৃত্যুৰ খেল। ঘৰৰ পৰা ওলাই গ'লে কি হ'ব, কোনেও নাজানিছিলোঁ। ইয়াৰ পিছতো, সন্মানীয় সাংসদসকলে সদনলৈ আহি দেশৰ প্ৰতি থকা দায়িত্ব পালন কৰিছিল। দেশক আগুৱাই লৈ নিছিল। আৰু সেয়ে, মই ভাবো সেই সময়ছোৱাই আমাক বহুত শিকাইছে। সংকটৰ মাজতো ভাৰতৰ সংসদত বহি থকা সদস্যসকলে নিজৰ বিশাল দায়িত্ব পালন কৰিবলৈ সংকোচ কৰা নাছিল আৰু কিমান অসুবিধাৰ মাজত কাম কৰে সেয়া আমি অনুভৱ কৰিলোঁ।

সদনত সুখ আৰু দুখ, উভয় অভিজ্ঞতাই হৈছিল। কিছুমান কৰুণ ঘটনাও হৈছিল। ক’ভিডৰ বাবে আমাৰ বন্ধু কেইজনমানে আমাক এৰি থৈ গ'ল, আজি তেওঁলোক আমাৰ মাজত নাই। সেইসকলো আছিল সদনৰ একাংশ প্ৰতিভা, যিয়ে আমাক এৰি থৈ গৈছিল। আমি সেই কৰুণ ঘটনাবোৰ মানি লৈ আগবাঢ়িলোঁ। এনেধৰণৰ আন কিছুমান ঘটনাও ঘটিছিল, কেতিয়াবা আমি আন ঘটনাৰো সাক্ষী হৈছিলোঁ, ক’লা পোছাক পৰিধানো কৰিছিল। গতিকে, এনে বৈচিত্ৰ্যময় অভিজ্ঞতাৰ মাজতে আমাৰ কাৰ্য্যকাল পাৰ হৈছিল।

কেতিয়াবা কিছুমান কাম ইমানেই ভাল হয় যে ইয়াৰ ফল দীঘলীয়া সময়ৰ বাবে উপযোগী হৈ উঠে।

আজি দেশখন যোৱা দহ বছৰত সমৃদ্ধিৰ নতুন শিখৰত উপনীত হৈছে। এক বিশাল আৰু ঐশ্বৰিক পৰিবেশৰ সৃষ্টি হৈছে।

সন্মানীয় অধ্যক্ষ মহোদয়,

ক’লা পোছাক পৰিধানৰ বিষয়টো দীঘলীয়াকৈ আলোচনা কৰিবলগীয়া বিষয় নহয়। আমি আমাৰ শাস্ত্ৰসমূহত বহু উপদেশ পঢ়িবলৈ পাওঁ।

আমাৰ শাস্ত্ৰত কৈছে-

"गुणा गुणज्ञेषु गुणा भवन्ति, ते निर्गुणं प्राप्य भवन्ति दोषाः।

आस्वाद्यतोयाः प्रवहन्ति नद्यः, समुद्रमासाद्य भवन्त्यपेया।।"

ইয়াৰ অৰ্থ হৈছে - গুণী লোকৰ মাজত থাকিলে আমি তেওঁলোকৰ গুণৰাজি আহৰণ কৰিব পাৰোঁ। যদি আমি গুণী লোকসকলৰ মাজত জীয়াই থকাৰ সুযোগ পাওঁ, তেন্তে তেওঁলোকৰ লগত থাকি আমাৰ গুণবোৰো বাঢ়ি যায়। কিন্তু যদি আপোনাৰ কোনো গুণ নাথাকে, তেন্তে আপোনাৰ কু-গুণ বৃদ্ধি পায়। আৰু অধিক কোৱা হৈছে – নদীৰ পানী যেতিয়ালৈকে বৈ থাকে, তেতিয়ালৈকেহে খাব পৰা যায়। আৰু সেই নদীৰ পানী সাগৰত পৰাৰ লগে-লগে অসাৰ হৈ পৰে। ই অশুদ্ধ হৈ পৰে, দূষিত হয় আৰু সেয়েহে সাগৰত পৰাৰ পিছত ই আৰু খোৱাৰ উপযোগী হৈ নাথাকে। এই বাৰ্তা সকলোৰে জীৱনৰ বাবে প্ৰেৰণাদায়ক হ'ব বুলি মই ভাবোঁ।

সামাজিক জীৱনৰ বৃহত্তৰ মঞ্চলৈ আগবাঢ়ি যাব আপোনাসৱ। এই সজীৱ বিশ্ববিদ্যালয়খনৰপৰা অভিজ্ঞতা আহৰণেৰে আপোনাসৱ অগ্ৰসৰ হ’ব। আপোনাসৱৰ পথ প্ৰদৰ্শন আৰু আপোনাসৱৰ কঠোৰ পৰিশ্ৰম ৰাষ্ট্ৰখনৰ বাবে উপযোগী হ’ব আৰু নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব। মোৰ সকলো সতীৰ্থলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

আপোনাসৱক অশেষ ধন্যবাদ জনালোঁ।

*****

DS/ST/RK/NS/SB



(Release ID: 2003953) Visitor Counter : 58