তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

শ্ৰী সঞ্জয় জাজুৱে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰে

Posted On: 05 FEB 2024 4:42PM by PIB Guwahati

শ্ৰী সঞ্জয় জাজুৱে আজি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰে। তেওঁ তেলেংগানা কেডাৰৰ ১৯৯২ বৰ্ষৰ এগৰাকী আইএএছ বিষয়া। শ্ৰী জাজুক মন্ত্ৰালয়ৰ বিদায়ী সচিব  শ্ৰী অপূৰ্ব চন্দ্ৰৰ লগতে অন্যান্য বিষয়া আৰু সংবাদ মাধ্যমৰ গোটে আদৰণি জনায়। শ্ৰী অপূৰ্ব চন্দ্ৰক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিবৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

                                                                  

ইয়াৰ পূৰ্বে, শ্ৰী জাজু ২০১৮ চনৰ পৰা ২০২৩ চনলৈ ভাৰত চৰকাৰৰ অতিৰিক্ত সচিব আৰু ২০১৪ চনৰ অক্টোবৰৰ পৰা ২০১৮ চনৰ মাৰ্চলৈকে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।

                                                                   

তেওঁ ২০১১ চনৰ মে'ৰ পৰা ২০১৪ ৰ অক্টোবৰলৈ অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ সচিব (ইলেক্ট্ৰনিকছ, তথ্য প্ৰযুক্তি আৰু যোগাযোগ বিভাগ) ৰূপে কাৰ্যনিৰ্বাহ কৰিছে।

                                                                   

*****

 

Pragya Paliwal/Saurabh Singh/AR



(Release ID: 2002760) Visitor Counter : 70