বিত্ত মন্ত্ৰালয়

ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ ভাৰত আৰু আন ৰাষ্ট্ৰসমূহৰ বাবে এক কৌশলগত আৰু অৰ্থনৈতিক চিত্ৰপট পৰিৱৰ্তনকাৰী

২০১৪-২৩ত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ প্ৰবাহ ৫৯৬ বিলিয়ন মাৰ্কিন ডলাৰ; ২০০৫-১৪ৰ তুলনাত দুগুণবেছি

Posted On: 01 FEB 2024 12:44PM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনে কয় যে সদ্যঘোষিত ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ ভাৰত আৰু আন-আন ৰাষ্ট্ৰসমূহৰ বাবে এক কৌশলগত আৰু অৰ্থনৈতিক চিত্ৰপট পৰিৱৰ্তনকাৰী।আজি সংসদত ২০২৪-২৫ৰ অন্তৱৰ্তীকালীন বাজেট দাখিলেৰে মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ উদ্ধৃতি প্ৰদানেৰে কয় যে এই কৰিডৰ “আগন্তুক শ-শ বছৰলৈ বিশ্ব বাণিজ্যৰ আধাৰ হৈ থাকিবআৰু ইতিহাসে মনত ৰাখিব যে এই কৰিডৰৰ আৰম্ভণি হৈছিল ভাৰতৰ মাটিত।

বৈশ্বিক প্ৰেক্ষাপটত আলোকপাতেৰে শ্ৰীমতী নিৰ্মলা সীতাৰমনে কয় যে ভূ-ৰাজনৈতিক দিশৰপৰা যুদ্ধ আৰু সংঘাতৰে বৈশ্বিক বিষয়সমূহ অধিক জটিল আৰু প্ৰত্যাহ্বানমূলক হৈ পৰিছে। তেওঁ উল্লেখ কৰে যে বিশ্বায়নক পুনৰ সংজ্ঞায়িত কৰা হৈছে। ক’ভিড-১৯ মহামাৰীৰ পিছত নতুন বিশ্ব ব্যৱস্থাৰ উন্মেষ ঘটিছে বুলিও তেওঁ লগতে কয়।

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বিশ্বৰ বাবে অতিশয়জটিল সময়ছোৱাত ভাৰতে জি-২০ৰ অধ্যক্ষতাৰ দায়িত্বপালন কৰিছিল। তেওঁ আলোকপাত কৰে যে বিশ্ব অৰ্থনীতি উচ্চ মুদ্ৰাস্ফীতি, উচ্চ সুতৰ হাৰ, কম বৃদ্ধি, অতি উচ্চ ৰাজহুৱা ঋণ, নিম্ন বাণিজ্যিক বৃদ্ধিআৰু জলবায়ুৰ প্ৰত্যাহ্বানৰ মাজেৰে পাৰ হৈ আহিছে। মহামাৰীৰ ফলত বিশ্বৰ বাবে খাদ্য, সাৰ, ইন্ধন আৰু বিত্তীয় সংকটৰ সৃষ্টি হোৱাৰ বিপৰীতে ভাৰতে সফলতাৰে পথত আগবাঢ়িছে বুলিও কয়। শ্ৰীমতী সীতাৰমনে কয় যে দেশখনে আগুৱাই যোৱাৰ পথ দেখুৱাইছে আৰু বৈশ্বিক সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত ঐক্যমত গঢ়ি তুলিছে।

বিনিয়োগক উদ্দীপনা

মন্ত্ৰীগৰাকীয়ে কয় যে ২০১৪-২৩ৰ ভিতৰত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ প্ৰবাহ ৫৯৬ বিলিয়ন মাৰ্কিন ডলাৰ আছিল যিয়ে এক সোণালী যুগক চিহ্নিত কৰিছে। ২০০৫-১৪ৰ তুলনাত এয়া দুগুণ অধিক বুলি আলোকপাত কৰে।

২০২৪-২৫ৰ অন্তৱৰ্তীকালীন বাজেট দাখিলেৰে মন্ত্ৰীগৰাকীয়ে আৰু কয়, “স্থায়ী বিদেশী বিনিয়োগক উৎসাহিতকৰণৰ বাবে আমি আমাৰ বিদেশী অংশীদাৰসকলৰ সৈতে দ্বিপাক্ষিক বিনিয়োগ চুক্তি সম্পৰ্কে আলোচনা কৰি আছোঁ।”

***

YB/NB/SK/VN/MKT/SB



(Release ID: 2001839) Visitor Counter : 43