বিত্ত মন্ত্ৰালয়

গড় মাহিলী মুঠ জিএছটি সংগ্ৰহ দুগুণ হৈ ১.৬৬ লাখ লাখ কোটি টকা হৈছে

জিএছটিৰ প্ৰৱৰ্তনৰ পাছত ৰাজ্যসমূহৰ এছজিএছটি ৰাজহ ১.২২ৰ উত্থান হৈছে

জিএছটিৰ জৰিয়তে গ্ৰাহকসকল সৰ্বাধিক ডাঙৰ লাভৱান হোৱা বুলি ক’লে বিত্তমন্ত্ৰীয়ে

Posted On: 01 FEB 2024 12:43PM by PIB Guwahati

কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ অন্তৱৰ্তীকালীন বাজেট দাখিল কৰি কয় যে জিএছটি প্ৰৱৰ্তনৰ বাবে উদ্যোগ আৰু বাণিজ্যৰ ওপৰত বোজা বহু পৰিমাণে হ্ৰাস পাইছে।

 

শেহতীয়াকৈ এটা আগশাৰীৰ পৰামৰ্শদাতা প্ৰতিষ্ঠানে কৰা এক সমীক্ষা অনুসৰি ৯৪ শতাংশ উদ্যোগপতিসকলে জিএছটিৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী প্ৰকাশ কৰিছে।’ ইয়াৰ সমান্তৰালকৈ বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে জিএছটিৰ ফলত কৰ সংগ্ৰহ দুগুণতকৈও অধিক বৃদ্ধি পাইছে আৰু চলিত বৰ্ষত মাহিলী গড় জিএছটি সংগ্ৰহ ১.৬৬ লাখ কোটি টকা হৈছেগৈ। বিত্তমন্ত্ৰীগৰাকীয়ে এছজিএছটিৰ পৰাও ৰাজ্যসমূহৰ ৰাজহ বৃদ্ধিৰ কথা উল্লেখ কৰে। তেওঁ কয় যে জিএছটিৰ ফলত গ্ৰাহকসকল সৰ্বাধিক লাভৱান হৈছে।

*****

YKB/NB/KS/AS/LPS/DB



(Release ID: 2001834) Visitor Counter : 43