বিত্ত মন্ত্ৰালয়

২০১৩-২৪ বৰ্ষৰ পৰা সাগৰীয় খাদ্যৰ ৰপ্তানি বৃদ্ধি হৈছে দুগুণলৈ

জলজ সম্পদৰ উৎপাদনশীলতা বৃদ্ধি, ১ লাখ কোটি টকালৈ দুগুণ বৃদ্ধি ৰপ্তানি আৰু ৫৫ লাখ নিযুক্তিৰ সুযোগ সৃষ্টি

নীলা অৰ্থনীতিৰ বাবে আৰম্ভ কৰা হ'ব নতুন জলবায়ু স্থিতিস্থাপক আঁচনি ২.০

দুগ্ধ ব্যৱসায়ীসকলৰ বাবে প্ৰস্তুত কৰা হ'ব সামগ্ৰিক কাৰ্যসূচী

Posted On: 01 FEB 2024 12:45PM by PIB Guwahati

মীন পালন খণ্ডক উৎসাহিত কৰাৰ বাবে কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয় যে পাঁচটা একত্ৰিত একুৱাপাৰ্ক স্থাপন কৰা হ'ব। আজি সংসদত ২০২৪-২৫ বৰ্ষৰ অন্তৱৰ্তীকালীন বাজেট উপস্থাপন কৰাৰ সময়ত মন্ত্ৰীগৰাকীয়ে কয়, "আমাৰ চৰকাৰে মাছমছমৰীয়াসকলক সহায় কৰাৰ বিষয়ত  গুৰুত্ব আৰোপ  কৰিছে৷ সেই বাবেই  মীন পালনৰ বাবে এটা পৃথক বিভাগ গঠন কৰিছে। ইয়াৰ ফলত আভ্যন্তৰীণ আৰু জলজ সম্পদৰ উৎপাদন দুগুণ হৈছে।" মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ২০১৩-১৪ বৰ্ষৰ পৰা সাগৰীয় খাদ্যৰ ৰপ্তানিও দুগুণ হৈছে।

মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা (পিএমএমএছৱাই)ৰ কাৰ্যকৰীকৰণ দ্ৰুতগতিত কৰা হৈছে৷

প্ৰতি হেক্টৰত ৫ টন উৎপাদনেৰে উৎপাদান  দুগুণ কৰি ৰপ্তানি ১ লাখ কোটিলৈ বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে৷  অদূৰ ভৱিষ্যতে এই খম্ডই  ৫৫ লাখ নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব।

 নীলা অৰ্থনীতি ২.০

মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে নীল অৰ্থনীতি ২.০ ৰ বাবে জলবায়ু সহনশীল  কাৰ্যকলাপৰ প্ৰচাৰৰ বাবে  অভিযোজনৰ  ব্যৱস্থা আৰু সেইবোৰক একত্ৰিত কৰাৰ  বহুমুখী  দৃষ্টিভংগীৰ সৈতে উপকূলীয় জলজ সম্পদ পালনৰ বাবে এক আঁচনি আৰম্ভ কৰা হ'ব।

দুগ্ধ বিকাশ

মন্ত্ৰীগৰাকীয়ে লগতে ঘোষণা কৰে যে দুগ্ধ উৎপাদসকলক সহায় কৰাৰ বাবে এক বিস্তৃত কাৰ্যসূচী প্ৰস্তুত কৰা হ'ব। তেওঁ কয় যে পশুৰ  ভৰি আৰু মুখৰ ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ ইতিমধ্যে প্ৰচেষ্টা চলি আছে। শ্ৰীমতী সীতাৰমণে কয়, "ভাৰত হৈছে বিশ্বৰ সৰ্ববৃহৎ গাখীৰ উৎপাদক দেশ,  কিন্তু দুগ্ধ উৎপাদন কৰা জন্তুৰ উৎপাদনশীলতা আমাৰ দেশত কম।" ৰাষ্ট্ৰীয় গোকুল মিছন, ৰাষ্ট্ৰীয় পশুধন মিছন আৰু দুগ্ধ প্ৰক্ৰিয়াকৰণ তথা  পশুপালনৰ বাবে আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ দৰে  আঁচনিসমূহৰ সফলতাৰ ওপৰত ভত্তি কৰি এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয়৷



(Release ID: 2001781) Visitor Counter : 47