গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় বাজেটে ২০৪৭ চনৰ ভিতৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উন্নত ভাৰতৰ সপোন পুৰণৰ ৰোডমেপ অংকন কৰা বুলি প্ৰশংসা কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

Posted On: 01 FEB 2024 6:04PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কেন্দ্ৰীয় বাজেটক প্ৰশংসা কৰে, যিয়ে ২০৪৭ চনৰ ভিতৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উন্নত ভাৰতৰ সপোন পুৰণৰ ৰোডমেপ অংকন কৰিছে৷

এলানি টুইটযোগে শ্ৰী অমিত শ্বাহে কয়, “কেন্দ্ৰীয় বাজেটক ২০৪৭ চনৰ ভিতৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উন্নত ভাৰতৰ সপোন পুৰণৰ ৰোডমেপ অংকন কৰিছে৷ বাজেট ভাষণত অমৃত কালৰ সময়ত ভাৰতক প্ৰতিটো খণ্ডতে আগশাৰীৰ দেশ হিচাপে গঢ়ি তোলাৰ যাত্ৰাত বিগত ১০ বছৰত মোদী চৰকাৰে অৰ্জন কৰা মাইলৰ খুঁটিসমূহৰ ওপৰত আলোকপাত কৰে৷ এই কৃতিত্বৰ ভেটিতেই নিৰ্মাণ কৰা হৈছে এখন বিকশিত ভাৰতৰ আধাৰ৷ এই উৎকৰ্ষমূলক যাত্ৰাত দেশখনক নেতৃত্ব দিয়াৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণক অন্তৰ্দৃষ্টিসম্পন্ন বাজেট ভাষণৰ বাবে মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।”

শ্ৰী শ্বাহে লগতে কয় যে কৃষকৰ প্ৰতি উৎসৰ্গিত মোদী চৰকাৰৰ বিকশিত ভাৰত বাজেটে দেশৰ কৃষকৰ সমৃদ্ধিৰ নতুন সুযোগ কঢ়িয়াই আনিছে। তেওঁ কয় যে মোদীজীৰ আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ পৰা অনুপ্ৰাণিত হৈ এই বাজেটে এফালে তৈলবীজত আত্মনিৰ্ভৰতাক উৎসাহিত কৰিছে, আনহাতে আনফালে দুগ্ধ খণ্ডৰ উন্নয়ন আৰু নেন’-ডিএপিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ কয় যে মোদী চৰকাৰে শস্য বীমাৰ জৰিয়তে ১১.৮ কোটি কৃষকক আৰ্থিক সাহায্য আৰু ৪ কোটি কৃষকক সুৰক্ষা প্ৰদান কৰিছে। তেওঁ লগতে কয় যে আধুনিক মজুতকৰণ আৰু ফলপ্ৰসূ যোগান শৃংখল স্থাপনৰ সন্দৰ্ভত বাজেটত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ দ্বাৰা আমাৰ কৃষকসকল আৰ্থিকভাৱে শক্তিশালী আৰু সমৃদ্ধিশালী হ’ব। শ্ৰী শ্বাহে কয়, ৩ কোটি লাখপতি দিদী বনোৱাৰ লক্ষ্য বৃদ্ধি কৰাৰ বাবে মোদী জীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে মোদী চৰকাৰৰ এই বাজেটে পৰ্যটন খণ্ডক নতুন শক্তি প্ৰদান কৰিব। তেওঁ কয়, বাজেটত ৰাজ্যসমূহক ঐতিহাসিক আৰু সাংস্কৃতিক স্থানসমূহৰ উন্নয়নৰ বাবে উদ্গনিমূলক আৰু দীৰ্ঘম্যাদী সুদমুক্ত ঋণ প্ৰদান কৰা হ’ব, যাৰ ফলত পৰ্যটন খণ্ডৰ অৰ্থনীতি শক্তিশালী হ’ব আৰু নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব। লাক্ষাদ্বীপ আৰু অন্যান্য দ্বীপসমূহত বিমান সংযোগ আৰম্ভ কৰা আৰু মূলসুঁতিৰ সৈতে সংযোগ কৰাৰ দৰে ঐতিহাসিক সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনায় শ্ৰী শ্বাহে।

শ্ৰী অমিত শ্বাহে কয় যে ২০২৪ বৰ্ষৰ কেন্দ্ৰীয় অন্তৱৰ্তীকালীন বাজেটৰ জৰিয়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে আমাৰ দেশত চলি থকা প্ৰযুক্তিগত বিপ্লৱৰ আৰ্হি পৰিৱৰ্তনৰ মঞ্চ তৈয়াৰ কৰিছে। প্ৰযুক্তিৰ বাবে এক লাখ কোটি মুলধন পুঁজিৰ ব্যৱস্থাই আমাৰ গৱেষণা আৰু উন্নয়নৰ দক্ষতাক লাভৱান কৰাই নহয়, নম্ৰ পটভূমিৰ যুৱক-যুৱতীসকলকো প্ৰযুক্তিক মাধ্যম হিচাপে ব্যৱহাৰ কৰি সমাজত এক অৰ্থপূৰ্ণ পৰিৱৰ্তন অনাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব।

গৃহমন্ত্ৰীয়ে লগতে কয় যে ২০২৪বৰ্ষৰ কেন্দ্ৰীয় বাজেট এনে এখন নথি যিয়ে সমবায় যুক্তৰাষ্ট্ৰবাদৰ মূল্যবোধক শক্তিশালী কৰাৰ সমান্তৰালভাৱে দেশখনক মহানতাৰ পথত আগবঢ়াই নিয়াৰ দৰে এগৰাকী ৰাষ্ট্ৰনেতা হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ ভূমিকাক প্ৰতিপন্ন কৰিছে। অহা পাঁচ দশকৰ বাবে ৰাজ্যসমূহক মুঠ ৭৫ হাজাৰ কোটি টকাৰ সুদমুক্ত ঋণ প্ৰদানৰ সিদ্ধান্তই কেন্দ্ৰ-ৰাজ্যৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত গেম চেঞ্জাৰ হিচাপে প্ৰমাণ কৰিব। তদুপৰি, মোদীজীয়ে কল্পনা কৰা মহান ভাৰতত যাতে কোনো অঞ্চল পিছ পৰি নাথাকে।

শ্ৰী অমিত শ্বাহে কয় যে দেশৰ আন্তঃগাঁথনি বিশ্বমানৰ কৰি তুলিবলৈ মোদী চৰকাৰে বাজেট নিৰ্ধাৰিত পুঁজি ১১.১% বৃদ্ধি কৰি অভিলেখ ১১.১১ লাখ কোটি টকা কৰাৰ বিপৰীতে লজিষ্টিক দক্ষতা বৃদ্ধি আৰু খৰচ কমোৱাৰ বাবে পিএম গতি শক্তিৰ অধীনত তিনিটা ডাঙৰ ৰেলৱে কৰিডৰ ঘোষণা কৰিছে৷ ই দেশবাসীৰ সন্মুখত ভৱিষ্যতৰ ভাৰতৰ নতুন ৰূপৰেখা দাঙি ধৰিছে। তেওঁ লগতে কয় যে আজি মোদী জীৰ নেতৃত্বত দেশত ঘাইপথ নিৰ্মাণৰ গতি তিনিগুণ বৃদ্ধি পাইছে আৰু বিমানবন্দৰৰ সংখ্যাও দুগুণতকৈও অধিক বৃদ্ধি পাইছে। আজি আধুনিক বন্দে ভাৰত আৰু নমো ভাৰত ৰেলগাড়ীও নতুন ভাৰতৰ গৌৰৱৰ বিষয় হৈ পৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰা ‘সুৰ্যোদয় যোজনা’ই এক কোটি পৰিয়ালক ঘৰতে সৌৰশক্তি ব্যৱস্থা স্থাপন কৰি বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম কৰিব। তেওঁলোকে প্ৰতিমাহে ৩০০ ইউনিট বিনামূলীয়া বিদ্যুৎ লাভ কৰিব আৰু ইয়াৰ দ্বাৰা বছৰি ১৫,০০০ৰ পৰা ১৮,০০০ টকা ৰাহি হ’ব।

শ্ৰী অমিত শ্বাহে কয় যে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত মোদী জীয়ে এতিয়ালৈকে ৩০ কোটিৰো অধিক লোকক ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰিছে। তেওঁ কয় যে আজি বাজেটত আশা আৰু অংগনবাড়ী কৰ্মী আৰু সহায়কসকলক আয়ুষ্মান যোজনাৰ সৈতে সংযোগ কৰাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, যাতে এই লোকসকলেও বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিব পাৰে। তদুপপৰি, এই বাজেটত ‘ছাৰ্ভাইকেল কেন্সাৰ’ প্ৰতিৰোধৰ বাবে ৯ৰ পৰা ১৪ বছৰ বয়সৰ ছোৱালীক টিকাকৰণৰ প্ৰসাৰৰ বাবেও এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

গৃহমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৩-১৪ বৰ্ষত ২.২ লাখ টকাৰ আয়কৰ ৰেহাই ১০ বছৰত ৭ লাখ টকালৈ বৃদ্ধি কৰিছে। তেওঁ কয় যে এই সিদ্ধান্তই আয়কৰদাতাসকলৰ চৰকাৰৰ ওপৰত আস্থাও বৃদ্ধি কৰিছে আৰু তেওঁলোকৰ সংখ্যা ২.৪ গুণ বৃদ্ধি পাইছে। তদুপৰি প্ৰত্যক্ষ কৰ সংগ্ৰহৰ পৰিমাণো তিনিগুণ বৃদ্ধি পাইছে।

*****

RK / RR / AK/DB



(Release ID: 2001780) Visitor Counter : 72