বিত্ত মন্ত্ৰালয়

মূলধনী ব্যয়ত উল্লেখযোগ্য বৃদ্ধি; ১১.১ শতাংশ বৃদ্ধিৰে ১১,১১,১১১ কোটি টকা হ’ব; এয়া জিডিপিৰ ৩.৪ শতাংশ

২০২৩-২৪ৰ বিত্তীয় ঘাটি জিডিপিৰ ৫.৮ শতাংশ; ২০২৪-২৫ত জিডিপিৰ ৫.১ শতাংশ হ’ব বুলি অনুমান

২০২৩-২৪ৰ তুলনাত ২০২৪-২৫ত মুঠ ব্যয় ২.৭৬ লাখ কোটি টকা বৃদ্ধি পাব; আনুমানিক ৪৭.৬৬ লাখ কোটি টকা হ’ব

২০২৩-২৪ত অধিক ৰাজহ লাভে অৰ্থনীতিৰবিকাশৰ গতিৰ ইংগিত বহন কৰিছে

Posted On: 01 FEB 2024 12:52PM by PIB Guwahati

আজি সংসদত ২০২৪-২৫ৰ অন্তৱৰ্তীকালীন বাজেট দাখিলেৰে কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনে মূলধনী ব্যয়, ২০২৩-২৪ৰ সংশোধিত প্ৰাক্কলন আৰু ২০২৪-২৫ৰ বাজেট প্ৰাক্কলনৰ ৰূপৰেখা দাঙি ধৰে।

মূলধনী ব্যয় বৃদ্ধি

কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে কয় যে ২০২৪-২৫ৰ মূলধনী ব্যয় ১১.১ শতাংশ বৃদ্ধিৰে এঘাৰ লাখ, এঘাৰ হাজাৰ, এশ এঘাৰ কোটি টকা (১১,১১,১১১ কোটি) নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ পৰিমাণ জিডিপিৰ ৩.৪ শতাংশ। ইয়াৰ উপৰি, যোৱা ৪ বছৰত কেপেক্স তিনিগুণ বৃদ্ধিৰ ফলত অৰ্থনৈতিক বৃদ্ধি আৰু নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত বহুগুণক প্ৰভাৱ পৰিছে।

                                                                      

সংশোধিত প্ৰাক্কলন ২০২৩-২৪

কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে কয়, “ঋণৰ বাহিৰেও মুঠ লাভৰ সংশোধিত প্ৰাক্কলন ২৭.৫৬ লাখ কোটি টকা, ইয়াৰে কৰ লাভ২৩.২৪ লাখ কোটি টকা। মুঠ ব্যয়ৰ সংশোধিত অনুমান হৈছে ৪৪.৯০ লাখ কোটি টকা।”

ৰাজহ আহৰণ সন্দৰ্ভত তেওঁ কয় যে৩০.০৩ লাখ কোটি টকাৰ ৰাজহ লাভৰ বাজেট প্ৰাক্কলনতকৈ অধিক হোৱাৰ আশা কৰা হৈছে, যিয়ে অৰ্থনীতিৰ শক্তিশালী বৃদ্ধিৰ গতিক প্ৰতিফলিত কৰে।

তেওঁ আৰু উল্লেখ কৰে যে নামমাত্ৰ বৃদ্ধিৰ প্ৰাক্কলন মধ্যমীয়া হ’লেও বিত্তীয় ঘাটিৰ সংশোধিত প্ৰাক্কলন জিডিপিৰ ৫.৮ শতাংশ, যি বাজেট প্ৰাক্কলনৰ তুলনাত উন্নত হৈছে।

বাজেট প্ৰাক্কলন ২০২৪-২৫

২০২৪-২৫ত ঋণৰ বাহিৰে আন মুঠ লাভৰ পৰিমাণ ৩০.৮০ লাখ কোটি টকা আৰু মুঠ ব্যয় ৪৭.৬৬ লাখ কোটি বুলি প্ৰাক্কলন কৰা হৈছে। কৰ লাভৰ পৰিমাণ ২৬.০২ লাখ কোটি টকা বুলি প্ৰাক্কলন কৰা হৈছে।

ইয়াৰ উপৰি  কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে কয়, “ৰাজ্যসমূহৰ মূলধনী ব্যয়ৰ বাবে পঞ্চাশ বছৰৰ সুতমুক্ত ঋণৰ আঁচনি এই বছৰো অব্যাহত ৰখা হ’ব আৰু এই ক্ষেত্ৰত মুঠ ব্যয় ১.৩ লাখ কোটি টকা ধাৰ্য্য কৰা হৈছে।”

শ্ৰীমতী সীতাৰমনে কয়, “২০২৪-২৫ত বিত্তীয় ঘাটি জিডিপিৰ ৫.১ শতাংশ বুলি প্ৰাক্কলন কৰা হৈছে।” ২০২১-২২ৰ কেন্দ্ৰীয় বাজেট ভাষণত উল্লেখ কৰা বিত্তীয় একত্ৰীকৰণৰ পথ মানি চলি ২০২৫-২৬ৰ ভিতৰত ইয়াক ৪.৫ শতাংশৰো তললৈ হ্ৰাস কৰাৰ কথা উল্লেখ কৰে।

                                                                     

বজাৰ ঋণ

কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে কয়, ২০২৪-২৫ৰ ভিতৰত তাৰিখযুক্ত ছিকিউৰিটিৰ জৰিয়তে মুঠ আৰু বজাৰ ঋণ ক্ৰমে ১৪.১৩ লাখ কোটি আৰু ১১.৭৫ লাখ কোটি টকাবুলি অনুমান কৰা হৈছে। ব্যক্তিগত বিনিয়োগ বৃদ্ধিৰ কথা উল্লেখেৰে তেওঁ কয়, “কেন্দ্ৰীয় চৰকাৰৰ ঋণ কম কৰিলে ব্যক্তিগত খণ্ডৰ বাবে ঋণৰ বিশাল উপলব্ধতা সহজ হ’ব।”

****

 

YKB/NB/HP/SB



(Release ID: 2001502) Visitor Counter : 59