বিত্ত মন্ত্ৰালয়

কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে অধিক চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কথা ঘোষণা কৰে

নতুন চিকিৎসা মহাবিদ্যালয়সমূহে ভিন্ন বিভাগৰ অধীনস্থ বৰ্তমানৰ চিকিৎসালয়ৰ আন্তঃগাঁথনি ব্যৱহাৰ কৰিব

বৰ্তমানৰ চিকিৎসালয়ৰ আন্তঃগাঁথনি পৰীক্ষা আৰু পৰামৰ্শ প্ৰদানৰ বাবে কমিটি গঠন কৰা হ'ব

আশা কৰ্মী, অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে হেল্থকেয়াৰ ক’ভাৰৰ ব্যৱস্থা কৰা হ’ব

Posted On: 01 FEB 2024 12:44PM by PIB Guwahati

যুৱ শক্তিৰ ওপৰত গুৰুত্ব আৰোপেৰে ২০৪৭ৰ ভিতৰত এখনি বিকশিত ভাৰত গঢ়াৰ লক্ষ্যৰ অভিমুখে আগবাঢ়ি গৈ কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত ২০২৪-২৫ বৰ্ষৰ অন্তৱৰ্তীকালীন বাজেট দাখিলেৰে অধিক চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্ৰস্তাৱ আগবঢ়ায়।

ভিন্ন বিভাগৰ অধীনস্থ বৰ্তমানৰ চিকিৎসালয়সমূহৰ আন্তঃগাঁথনি ব্যৱহাৰেৰেএই নতুন চিকিৎসা মহাবিদ্যালয়সমূহ স্থাপন কৰা হ’ব। ইয়াৰ বাবে বিষয়সমূহ পৰীক্ষাৰে প্ৰাসংগিক পৰামৰ্শ আগবঢ়াবলৈ এখন কমিটি গঠন কৰা হ’ব বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ প্ৰকাশ কৰে যে এই পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে চিকিৎসক হোৱাৰ সুযোগ প্ৰদানেই নহয়, বৰঞ্চ জনসাধাৰণৰ স্বাস্থ্যসেৱাৰো অগ্ৰগতি সাধন কৰিব।

শ্ৰীমতী নিৰ্মলা সীতাৰমনে আশাকৰ্মী, অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলকো আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত সামৰি লোৱাৰ প্ৰস্তাৱ আগবঢ়ায়।

*****

 

YKB/NB/MV/VC/SJ/SB



(Release ID: 2001411) Visitor Counter : 53