প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক আদৰণি প্ৰধানমন্ত্ৰীৰ

Posted On: 25 JAN 2024 10:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক আদৰণি জনায়।

তেওঁ কয় এয়া অতি গৌৰৱৰ ক্ষণ যে কাইলৈ তেওঁ আমাৰ গণৰাজ্য দিৱস উদযাপনত অংশগ্ৰহণ কৰিব।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

"ভাৰতলৈ স্বাগতম, মোৰ বন্ধু ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন।

মই সুখী যে ৰাষ্ট্ৰপতি মেক্ৰনে ৰাজস্থানৰ জয়পুৰৰ পৰা ভাৰত ভ্ৰমণ আৰম্ভ কৰিছে, যি হৈছে সমৃদ্ধ সংস্কৃতি, ঐতিহ্য আৰু প্ৰতিভাশালী লোকৰ দেশ। এয়া অতি গৌৰৱৰ ক্ষণ যে কাইলৈ তেওঁ কাইলৈ, ২৬ জানুৱাৰীত দিল্লীত আমাৰ গণৰাজ্য দিৱস উদযাপনত অংশগ্ৰহণ কৰিব। তেওঁৰ উপস্থিতিয়ে কেৱল আমাৰ দুয়োখন দেশৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাই নহয়, লগতে আমাৰ বন্ধুত্ব আৰু সহযোগিতাৰ অংশীদাৰী ইতিহাসত এক গুৰুত্বপূৰ্ণ অধ্যায়কো সংযোগ কৰে।"

*************************

DS/RT/KG



(Release ID: 2000164) Visitor Counter : 45