প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পিএম-জনমানৰ অধীনত ১ লাখ পিএমএৱাই(জি) হিতাধিকাৰীলৈ প্ৰথম কিস্তিৰ ধন মুকলি প্ৰধানমন্ত্ৰীৰ

“প্ৰধানমন্ত্ৰী-জনমান মহা অভিযানৰ লক্ষ্য হৈছে চৰকাৰী আঁচনিৰ জৰিয়তে জনজাতীয় সমাজৰ প্ৰতিজন সদস্যক উপকৃতকৰণ”

“আজি দেশত এনে এখন চৰকাৰ আছে, যিয়ে প্ৰথমে দৰিদ্ৰ লোকসকলৰ কথা চিন্তা কৰে”

“যিসকলৰ কেতিয়াও যত্ন লোৱা হোৱা নাছিল, তেওঁলোকলৈ মোদীয়ে সহায়ৰ হাত আগবঢ়াইছে”

“কেন্দ্ৰীয় চৰকাৰৰদ্বাৰা পৰিচালিত আকাংক্ষী জিলা কাৰ্য্যসূচীৰ মূল হিতাধিকাৰী হৈছে মোৰ জনজাতীয় ভাই-ভনীসকল”

Posted On: 15 JAN 2024 3:16PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযান (PM-JANMAN)ৰ অধীনত প্ৰধানমন্ত্ৰী আৱাস যোজনা - গ্ৰামীণ (PMAY - G)ৰ ১ লাখ হিতাধিকাৰীলৈ ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰথম কিস্তিৰ ধন মুকলি কৰি দিয়ে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে পিএম-জনমানৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময়ো কৰে।

স্বামীৰ সৈতে কৃষি কামত জড়িত ছত্তীশগড়ৰ যশপুৰ জিলাৰ শ্ৰীমতী মানকুনৱৰী বাইয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে যে তেওঁ আত্মসহায়ক গোটৰ সৈতে জড়িত হৈ ডোনা পট্টাল বনাবলৈ প্ৰশিক্ষণ লাভ কৰাৰ লগতে জনমান হিচাপে পিএম-জনমান সম্পৰ্কীয় আঁচনিসমূহৰ বিষয়েও সজাগতা সৃষ্টি কৰিছে। ১২ জন সদস্যৰে গঠিত দীপ চামুহ নামৰ আত্মসহায়ক গোটৰ অংশ। বন-ধন কেন্দ্ৰত আত্মসহায়ক গোটত উৎপাদিত সামগ্ৰী বিক্ৰী কৰাৰ পৰিকল্পনাৰ বিষয়েও প্ৰধানমন্ত্ৰীক অৱগত কৰে শ্ৰীমতী মানকুনৱৰীয়ে। তেওঁ আৰু লাভ কৰা সুবিধাৰ বিষয়ে কয় যথাঃ পকী ঘৰ, পানী, গেছ আৰু বিদ্যুৎ সংযোগ আৰু আয়ুষ্মান কাৰ্ডৰ কথা উল্লেখ কৰে য’ত তেওঁৰ স্বামীয়ে কাণৰ ৰোগৰ বিনামূলীয়া চিকিৎসা লাভ কৰিছিল আৰু কন্যাই ৩০ হাজাৰ টকাৰ চিকিৎসা লাভ কৰিছিল। বন অধিকাৰ আইন (FRA), কিষাণ ক্ৰেডিট কাৰ্ড আৰু পিএম কিষাণ সন্মান নিধিৰ সৈতে জড়িত সুবিধা লাভ কৰাৰ কথাও উল্লেখ কৰে। শ্ৰীমতী মানকুনৱৰীয়ে কয় যে টেপৰ জৰিয়তে পানীৰ সংযোগে তেওঁক দূষিত পানী খোৱাৰপৰা ৰক্ষা কৰিছে আৰু তাৰ ফলত তেওঁ আৰু তেওঁৰ পৰিয়ালক পানীজনিত ৰোগৰপৰা ৰক্ষা কৰিছে, গেছ সংযোগে তেওঁক সময় ৰাহি কৰাত সহায় কৰিছে আৰু খৰিৰ পৰা নিৰ্গত ধোঁৱা নাইকিয়া কৰিছে। তেওঁ প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাই কয়, “যোৱা ৭৫ বছৰত যি কাম কৰা হোৱা নাছিল, সেয়া এতিয়া ২৫ দিনত সম্পূৰ্ণ হৈছে।” শ্ৰী মোদীয়ে ক্ৰীড়াৰ প্ৰতি আগ্ৰহৰ বিষয়েও সোধা-পোছা কৰে। তেওঁ ক্ৰীড়াত জড়িত হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে শেহতীয়া সময়ত বেছিভাগ ক্ৰীড়া বঁটা জনজাতীয় সমাজৰ খেলুৱৈয়ে লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰি কয় যে তেওঁ কেইবাখনো আঁচনিৰ অধীনত সুবিধা লাভ কৰি আছে আৰু সেইবোৰে তেওঁৰ জীৱন সহজ কৰি তুলিছে। “আপুনি কেৱল সুবিধা লাভ কৰাই নহয়, সমাজৰ মাজতো সজাগতা সৃষ্টি কৰিছে”, চৰকাৰী আঁচনিৰ প্ৰভাৱ জনসাধাৰণৰ অংশগ্ৰহণত বহুগুণে বৃদ্ধি পায় বুলি আঙুলিয়াই দি প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ মত-বিনিময়ৰ সামৰণিত কয় যে চৰকাৰে প্ৰতিজন হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰি কাকো এৰি নিদিয়াৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে।

মধ্য প্ৰদেশৰ শিৱপুৰীৰ সহৰিয়া জাঞ্জতিৰ শ্ৰীমতী ললিতা আদিবাসী ৩ সন্তানৰ মাতৃ আয়ুষ্মান কাৰ্ড, ৰেচন কাৰ্ড, পি এম কিষাণ নিধিৰ হিতাধিকাৰী। তেওঁৰ ছোৱালীজনীয়ে ষষ্ঠ শ্ৰেণীত পঢ়ি আছে আৰু লাডলী লক্ষ্মী আঁচনিৰ সুবিধাৰ লগতে বৃত্তি, ইউনিফৰ্ম আৰু কিতাপো লাভ কৰে। দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ, তেওঁৰ পুত্ৰয়ো বৃত্তি আৰু অন্যান্য সুবিধা পায়। তেওঁৰ সৰু ল’ৰা এটা অংগনৱাড়ী স্কুলত পঢ়ে। শীতলা মাইয়া স্বয়ং সহায়তা সমূহ নামৰ আত্মসহায়ক গোটৰ সৈতে তেওঁ জড়িত। তেওঁক কাষ্টম হাইৰিং চেন্টাৰৰ দ্বাৰা সহায় কৰা হয়। প্ৰধানমন্ত্ৰীয়ে পকী ঘৰৰ প্ৰথম কিস্তিৰ বাবে অভিনন্দন জনায়। জনজাতীয় বিষয়সমূহৰ ওপৰত ইমান সংবেদনশীলভাৱে চিন্তা কৰাৰ বাবে শ্ৰীমতী ললিতাই প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি জনমান অভিযানে যি পৰিৱৰ্তন আনিছে তাৰ বিষয়ে অৱগত কৰে কাৰণ এতিয়া জনজাতীয় জনসাধাৰণে উপলব্ধ আঁচনিৰ সকলো সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰীক কয় যে তেওঁৰ আত্মসহায়ক গোটৰ সভাত তেওঁক জনমান অভিযান আৰু অন্যান্য আঁচনিৰ বিষয়ে অৱগত কৰা হৈছিল আৰু কয় যে তেওঁ ঘৰৰ আবন্টনৰ দৰে সুবিধা লাভ কৰিছে আৰু তেওঁৰ শহুৰেকে সুবিধা লাভ কৰিছিল কিষাণ ক্ৰেডিট কাৰ্ডৰ। জনমান অভিযানৰ সময়ত অতিৰিক্ত ১০০ খন আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হয়। তেওঁৰ গাঁওখন উজ্জ্বলা আঁচনিৰ দ্বাৰা সম্পূৰ্ণৰূপে সামৰি লোৱা হৈছিল আৰু নতুন ঘৰবোৰো এই অভিযানৰ অধীনত সামৰি লোৱা হৈছিল। প্ৰধানমন্ত্ৰীয়ে জনজাতীয় আৰু গ্ৰাম্য মহিলাসকলৰ নেতৃত্বৰ গুণৰ প্ৰতি প্ৰশংসা প্ৰকাশ কৰে। স্থানীয় পঞ্চায়তৰ সদস্য বিদ্যা আদিবাসীয়ে প্ৰধানমন্ত্ৰীক গাঁওখনৰ আৰ্হি আৰু প্ৰধানমন্ত্ৰীক গাঁওখনৰ মানচিত্ৰ আৰু উন্নয়নৰ পৰিকল্পনাৰ বিষয়ে বুজাই দিয়ে। প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী জনমানৰ প্ৰভাৱত সন্তুষ্টি প্ৰকাশ কৰি প্ৰতিজন প্ৰাপ্য হিতাধিকাৰীক সামৰি লোৱাৰ বাবে চৰকাৰৰ দৃঢ়তা পুনৰবাৰ উল্লেখ কৰে।

পিমপ্ৰিৰ একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী ভাৰতী নাৰায়ণ ৰাণ। মহাৰাষ্ট্ৰৰ নাচিকৰ শ্ৰীমতী ভাৰতী নাৰায়ণ ৰাণে তেওঁৰ হিন্দী ভাষাৰ দক্ষতাৰে প্ৰধানমন্ত্ৰীক আপ্লুত কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বিদ্যালয়ত উপলব্ধ সা-সুবিধাসমূহৰ বিষয়ে সোধা-পোছা কৰাত তেওঁ এখন বৃহৎ খেলপথাৰ, আৱাসিক হোষ্টেল আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন খাদ্যৰ কথা উল্লেখ কৰে। শ্ৰীমতী ভাৰতীয়ে আই এ এছ বিষয়া হোৱাৰ আকাংক্ষাও ব্যক্ত কৰি কয় যে তেওঁ আৱাসিক বিদ্যালয়ৰ শিক্ষক হিচাপে কৰ্মৰত ডাঙৰ ভাতৃৰ পৰা প্ৰেৰণা লাভ কৰিছিল। শ্ৰীমতী ভাৰতীৰ ভাতৃ শ্ৰী পাণ্ডুৰংগাই প্ৰধানমন্ত্ৰীক জনাইছিল যে তেওঁ চিবিএছই ব’ৰ্ডৰ অধীনত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে একলব্য মডেল স্কুলত অধ্যয়ন কৰিছিল আৰু নাচিকৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ আন শিশুসকলক একলব্য মডেল স্কুলত পঢ়া-শুনা কৰিবলৈ অনুপ্ৰাণিত কৰাৰ বিষয়েও অৱগত কৰে। এতিয়ালৈকে লাভ কৰা সুবিধাৰ বিষয়ে কওঁতে শ্ৰী পাণ্ডুৰংগাই পি এম এ ৱাইৰ অধীনত পকী ঘৰ, শৌচাগাৰ, এমজি এনৰেগাৰ অধীনত কৰ্মসংস্থাপন, উজ্জ্বলা গেছ সংযোগ, বিদ্যুৎ সংযোগ, টেপযুক্ত পানী যোগান, ৱান নেচন ৱান ৰেচন কাৰ্ড আৰু আয়ুষমান কাৰ্ডৰ কথা উল্লেখ কৰে। পিএম-জনমানৰ অধীনত আজি হস্তান্তৰ হ’বলগীয়া ৯০ হাজাৰ টকাৰ প্ৰথম কিস্তিৰ কথাও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে সকলো মন্দিৰতে স্বচ্ছতা অভিযান চলাবলৈয়ো তেওঁৰ আহ্বান পুনৰবাৰ প্ৰকাশ কৰি ছাত্ৰ-ছাত্ৰীসকলক নিজৰ অঞ্চলত উৎসাহী অংশগ্ৰহণ দেখুৱাবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে ছাত্ৰ দুগৰাকীক আশীৰ্বাদ প্ৰদান কৰাৰ লগতে শিশুসকলক শিক্ষা দিয়াৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে পিতৃ-মাতৃৰ আগত প্ৰণাম কৰে। তেওঁ শ্ৰীমতী ভাৰতীয়ে নিজৰ সপোন পূৰণ কৰিব বুলি আস্থা প্ৰকাশ কৰি দেশত একলব্য বিদ্যালয়ৰ সংখ্যা আৰু অধিক বৃদ্ধিৰ বাবে চৰকাৰে সকলো পদক্ষেপ গ্ৰহণ কৰা বুলি অৱগত কৰে। এই উপলক্ষে উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলক একলব্য বিদ্যালয়ৰ অংশ হ’বলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰী মোদীয়ে।

অন্ধ্ৰ প্ৰদেশৰ আলুৰিসিত্ৰম ৰাজু জিলাৰ শ্ৰীমতী স্বাৱী গংগাক দুটি সন্তানৰ মাতৃ হিচাপে জনমানৰ অধীনত ঘৰ, গেছ সংযোগ, বিদ্যুৎ সংযোগ আৰু পানী সংযোগ দিয়া হৈছে। তেওঁৰ অঞ্চল আৰাকু উপত্যকা কফিৰ বাবে বিখ্যাত আৰু তেওঁ কফি বাগিচাৰ সৈতেও জড়িত। চৰকাৰী আঁচনিৰ বাবেই তেওঁ নিজৰ উৎপাদিত সামগ্ৰীৰ বাবে উচিত মূল্য লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ সুবিধাৰ লগতে খেতি, প্ৰক্ৰিয়াকৰণ, পেকেজিং আৰু বিপণনৰ বাবেও দক্ষতা বিকাশ আঁচনিৰ সুবিধা লাভ কৰা বুলি প্ৰধানমন্ত্ৰীক অৱগত কৰে। বন ধন আঁচনিয়ে তেওঁৰ আয় বৃদ্ধি কৰাই নহয় মধ্যভোগীৰ পৰাও ৰক্ষা কৰা বুলিও কয় তেওঁ। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক লাখপতি দিদী হোৱাৰ বাবে অভিনন্দন জনোৱাৰ লগতে দেশত ২ কোটি লাক্ষপতি দিদিৰ প্ৰচেষ্টাৰ বিষয়ে অৱগত কৰে। শ্ৰীমতী স্বাৱীয়ে গাঁৱৰ নতুন নতুন পথ, তেওঁৰ গাঁৱলৈ অহা পানী আৰু বিদ্যুতৰ সুবিধাসমূহৰ ওপৰত তেওঁৰ আনন্দৰ কথা ব্যক্ত কৰে। তেওঁৰ উপত্যকাৰ জটিল ঠাণ্ডা জলবায়ুত এটা পকী ঘৰে তেওঁৰ জীৱনত প্ৰকৃত পৰিৱৰ্তন আনিব বুলিও কয়।

পৰিয়ালত ৭ জন লোক থকা ঝাৰখণ্ডৰ গুমলা জিলাৰ শ্ৰীমতী শশী কিৰণ বীৰজিয়াই প্ৰধানমন্ত্ৰীক আত্মসহায়ক গোটৰ সৈতে জড়িত হোৱা, ফটোকপি আৰু চিলাই মেচিন ক্ৰয় কৰাৰ লগতে কৃষি কামত জড়িত হোৱাৰ বিষয়েও অৱগত কৰে। প্ৰধানমন্ত্ৰীক লাভ কৰা সুবিধাসমূহৰ বিষয়ে অৱগত কৰি তেওঁ টেপযুক্ত পানীৰ সংযোগ, বিদ্যুৎ, পিএমএৱাই(জি)ৰ অধীনত তেওঁৰ মাতৃ পকী ঘৰৰ গৰাকী হোৱাৰ কথা উল্লেখ কৰে, লগতে কিষাণ ক্ৰেডিট কাৰ্ড লাভ কৰাৰ কথাও উল্লেখ কৰে। আত্মসহায়ক গোটৰ জৰিয়তে ঋণৰ সুবিধা লোৱাৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে সোধা-পোছা কৰাৰ পিছত শ্ৰীমতী শশীয়ে জনায় যে তেওঁ শেহতীয়াকৈ এটা ফটোকপিয়াৰ মেচিন ক্ৰয় কৰিছে যিটো তেওঁৰ গাঁৱত প্ৰায়েই পোৱা নাযায়। তেওঁ আৰু কয় যে ১২ জন সদস্যৰে গঠিত একতা আজীৱিকা সখী মণ্ডল নামেৰে পৰিচিত তেওঁৰ আত্মসহায়ক গোটৰ জৰিয়তে পি এম কৌশল বিকাশ যোজনাৰ অধীনত ডোনা পট্টাল আৰু বিভিন্ন ধৰণৰ আচাৰ তৈয়াৰ কৰাৰ প্ৰশিক্ষণ লাভ কৰি আছে আৰু বন ধন কেন্দ্ৰৰ জৰিয়তে বিক্ৰী কৰে। প্ৰধানমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰে যে চৰকাৰী আঁচনিসমূহে হিতাধিকাৰীসকলৰ ওচৰলৈ যোৱাৰ প্ৰভাৱ তৃণমূল পৰ্যায়ত দেখা যায়, সেয়া দক্ষতা বিকাশেই হওঁক, মৌলিক সা-সুবিধাই হওঁক বা পশুপালনেই হওঁক। তেওঁ লগতে কয় যে পি এম জনমান ৰূপায়ণৰ লগে লগে ইয়াৰ গতি আৰু পৰিসৰ বহুগুণ বৃদ্ধি পাইছে। “যোৱা ১০ বছৰে আমাৰ চৰকাৰে সকলো চৰকাৰী আঁচনি সকলো হিতাধিকাৰীৰ ওচৰলৈ সহজ আৰু সময়সীমাবদ্ধভাৱে লৈ যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ”, তেওঁ লগতে কয়, “চৰকাৰী আঁচনিসমূহ সকলো হিতাধিকাৰীৰ ওচৰলৈ যাব। এয়া মোদীৰ নিশ্চয়তা।” শ্ৰীমতী শশীয়ে পিএম-জনমান আৰু অন্যান্য চৰকাৰী আঁচনি ৰূপায়ণৰ বাবে গুমলা জিলাৰ সকলো বাসিন্দাৰ হৈ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।

এই উপলক্ষে ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে উত্তৰায়ণ, মকৰ সংক্ৰান্তি, পোংগল আৰু বিহু উদযাপনৰ কথা উল্লেখ কৰি সমগ্ৰ দেশৰ উৎসৱমুখৰ আমেজৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে। তেওঁ কয় যে আজিৰ এই অনুষ্ঠানে উৎসৱৰ সময়ছোৱাক আৰু অধিক উদ্দীপিত কৰি তুলিছে আৰু হিতাধিকাৰীসকলৰ সৈতে হোৱা আদান-প্ৰদানে তেওঁক আনন্দিত কৰিছে। “এফালে অযোধ্যাত দীপাৱলী উদযাপন কৰা হৈছে, আনহাতে অতি পিছপৰা জনজাতীয় সম্প্ৰদায়ৰ ১ লাখ লোকেও দীপাৱলী উদযাপন কৰিছে”, প্ৰধানমন্ত্ৰীয়ে পকী ঘৰ নিৰ্মাণৰ বাবে তেওঁলোকৰ বেংক একাউন্টলৈ ধন হস্তান্তৰ কৰাৰ কথা উল্লেখ কৰে আৰু এই উপলক্ষে তেওঁলোকক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰি কয় যে হিতাধিকাৰীসকলে এইবাৰৰ দীপাৱলী নিজৰ ঘৰতে উদযাপন কৰিব। অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেকৰ শুভ অনুষ্ঠানটো লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে এনে এক ঐতিহাসিক অনুষ্ঠানৰ অংশ হোৱাৰ সুযোগ পোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাম মন্দিৰৰ অভিষেকৰ বাবে তেওঁ গ্ৰহণ কৰা ১১ দিনীয়া উপবাসৰ সময়ত মাতা শ্বাব্ৰীক স্মৰণ কৰাটো গুৰুত্বপূৰ্ণ।

“মাতা শ্বাব্ৰী অবিহনে শ্ৰীৰামৰ কাহিনী সম্ভৱ নহয়”, ৰাজকুমাৰ ৰামক পুৰুষোত্তম ৰামলৈ ৰূপান্তৰিত কৰাত মাতা শ্বাব্ৰীৰ বিশাল ভূমিকাক আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়। ৰামচৰিত মানসৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে ব্যাখ্যা কৰে যে ভক্তিৰ সম্পৰ্ক ভগৱান শ্ৰীৰামৰ সৈতে সৰ্বোচ্চ বুলি কোৱা হৈছে। বিগত ১০ বছৰত দৰিদ্ৰ লোকৰ বাবে ৪ কোটি স্থায়ী ঘৰ নিৰ্মাণৰ কথা উল্লেখ কৰে মোদীয়ে কয়। “যিসকলৰ কেতিয়াও যত্ন লোৱা হোৱা নাছিল, তেওঁলোকলৈ এতিয়া মোদীয়ে সহায়ৰ হাত আগবঢ়াইছে”, তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী-জনমান মহা অভিযানৰ লক্ষ্য চৰকাৰী আঁচনিৰ জৰিয়তে জনজাতীয় সমাজৰ প্ৰতিজন সদস্যক উপকৃত কৰা। তেওঁ জনোৱা মতে, দুমাহৰ ভিতৰতে পিএম-জনমান মেগা কেম্পেইনৰ জৰিয়তে আনে সপোনৰো অগোচৰ ফলাফল লাভ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া সমাজত কোনো লোক পিছ পৰি নাথাকে আৰু চৰকাৰী আঁচনিৰ সুফল সকলোয়ে লাভ কৰিব তেতিয়াহে দেশৰ উন্নয়ন হ’ব পাৰে। দেশৰ প্ৰায় ১৯০ খন জিলাত অতি পিছপৰা জনজাতীয় সমাজে বাস কৰে বুলি অৱগত কৰি প্ৰধানমন্ত্ৰীয়ে দুমাহৰ ভিতৰত ৮০ হাজাৰৰো অধিক আয়ুষ্মান কাৰ্ড বিতৰণৰ চৰকাৰৰ পন্থাৰ ওপৰত আলোকপাত কৰে। একেদৰে প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে চৰকাৰে অত্যন্ত পিছপৰা জনজাতীয় সমাজৰ প্ৰায় ৩০ হাজাৰ কৃষকক প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ সৈতে সংযোগ কৰিছে আৰু এনেধৰণৰ ৪০ হাজাৰ হিতাধিকাৰীৰ বেংক একাউন্ট খোলা হৈছে। তেওঁ আৰু কয় যে ৩০ হাজাৰতকৈ অধিক অভাৱগ্ৰস্ত লোকক কিষাণ ক্ৰেডিট কাৰ্ড দিয়া হৈছে আৰু প্ৰায় ১১ হাজাৰ লোকক বন অধিকাৰ আইনৰ অধীনত মাটিৰ পট্টা দিয়া হৈছে। তেওঁ আঙুলিয়াই দিয়ে যে এয়া মাত্ৰ কেইসপ্তাহমানৰ অগ্ৰগতি আৰু সংখ্যা প্ৰতিদিনে বৃদ্ধি পাইছে। চৰকাৰৰ প্রতিখন আঁচনি যাতে আমাৰ অতি পিছপৰা জনজাতীয় সমাজসমূহৰ মাজলৈ অতি শীঘ্ৰে প্রৱেশ কৰে তাৰ বাবে চৰকাৰে যৎপৰোনাস্তি চেষ্টা চলাইছে। “মই আপোনালোকক এই কথা আশ্বাস দিছোঁ আৰু এয়া মোদীৰ নিশ্চয়তা। আৰু আপুনি জানে যে মোদীৰ নিশ্চয়তাৰ অৰ্থ হৈছে পূৰণৰ নিশ্চয়তা”, তেওঁ কয়।

বিশেষভাৱে দুৰ্বল জনজাতি গোট (পিভিটিজি)ক পকী ঘৰ প্ৰদানৰ বিষয়ে কোৱাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কয় যে জনজাতীয় হিতাধিকাৰীৰ একাউন্টলৈ পোনপটীয়াকৈ ধন স্থানান্তৰ কৰা হৈছে। বিদ্যুৎ, গেছ সংযোগ, পাইপৰ পানী আৰু শৌচাগাৰেৰে মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ উৎস হ’ব পৰা পকী ঘৰ এটাৰ বাবে ২.৫ লাখ টকা লাভ কৰিব। তেওঁ কয় যে এই এক লাখ হিতাধিকাৰী মাত্ৰ আৰম্ভণিহে আৰু চৰকাৰে প্ৰতিজন প্ৰাপ্য প্ৰাৰ্থীৰ কাষ চাপিব। প্ৰধানমন্ত্ৰীয়ে আশ্বাস দি হিতাধিকাৰীসকলক এই সুবিধাসমূহৰ বাবে কাকো উৎকোচ দিয়াৰ পৰা কঠোৰভাৱে আঁতৰি থাকিবলৈ কয়।

জনজাতীয় সমাজখনৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে। তদুপৰি তেওঁ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুক পথ প্ৰদৰ্শনৰ বাবে কৃতিত্ব দিয়ে।

“যদি আঁচনিসমূহ কাগজতে থাকিলহেঁতেন তেন্তে প্ৰকৃত হিতাধিকাৰীয়ে কেতিয়াও এনে কোনো আঁচনিৰ অস্তিত্বৰ কথা নাজানিলেহেঁতেন”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ জোৰ দি কয় যে পি এম-জনমান মহা অভিযানৰ অধীনত চৰকাৰে বাধাৰ সৃষ্টি কৰা সকলো নিয়ম সলনি কৰিছে। তেওঁ পি এম গ্ৰাম চড়ক যোজনাৰ উদাহৰণ দিয়ে যিয়ে পিছপৰা জনজাতীয় লোকৰ বসতিপ্ৰধান গাঁৱৰ বাবে পথসমূহ সহজে সুলভ কৰি তুলিলে, ভ্ৰাম্যমাণ চিকিৎসা ইউনিটৰ সৈতে জড়িত নিয়মৰ পৰিৱৰ্তন , প্ৰতিটো জনজাতীয় পৰিয়ালে বিদ্যুৎ যাতে পায়, তাৰ বাবে সৌৰশক্তিৰ সংযোগ বিতৰণ কৰা, আৰু শ শ নতুন ম’বাইল টাৱাৰ স্থাপন কৰি দ্ৰুত ইন্টাৰনেট সংযোগ নিশ্চিত কৰা হৈছে বুলি কয়।

খাদ্য সুৰক্ষাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৫ বছৰ বৃদ্ধি কৰা বিনামূলীয়া ৰেচন আঁচনিৰ কথা উল্লেখ কৰে। তেওঁ ১০০০টা কেন্দ্ৰ গঢ়ি তোলাৰ পৰিকল্পনাৰ বিষয়েও অৱগত কৰে য’ত দুৰ্বল জনজাতীয় গোটৰ বাবে টিকাকৰণ, প্ৰশিক্ষণ আৰু অংগনৱাড়ীৰ দৰে সকলো সা-সুবিধা একেখন চালিৰ তলত প্ৰদান কৰা হ’ব। লগতে জনজাতীয় যুৱক-যুৱতীসকলৰ বাবে হোষ্টেল সৃষ্টিৰ কথাও উল্লেখ কৰে। নতুন বন ধন কেন্দ্ৰও আহি আছে বুলিও তেওঁ লগতে কয়।

‘মোদী কী গেৰাণ্টী’ বাহনৰ লগতে বিকশিত ভাৰত সংকল্প যাত্ৰা দেশৰ প্ৰতিখন গাঁৱলৈ গৈ থকাটো লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই বাহনখন কেৱল বিভিন্ন চৰকাৰী আঁচনিৰ সৈতে মানুহক সংযোগ কৰিবলৈহে চলোৱা হৈছে। আকাংক্ষী জিলা কাৰ্যসূচী সন্দৰ্ভত ভাষণ দি তেওঁ কয় যে জনজাতীয় সমাজৰ সদস্যসকলেই সৰ্বাধিক হিতাধিকাৰী হৈ আহিছে। তেওঁ বিদ্যুৎ সংযোগ, ৱান নেচন ৱান ৰেচন কাৰ্ড আৰু আয়ুষ্মান ভাৰত আঁচনিৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে ছিকেল চেল এনিমিয়াৰ বিপদৰ কথাও স্পৰ্শ কৰি পৰ্যবেক্ষণ কৰে যে জনজাতীয় সমাজৰ বহু প্ৰজন্ম এই ৰোগত আক্ৰান্ত হৈছে। তেওঁ উল্লেখ কৰে যে চৰকাৰে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ বিয়পি থকা এই ৰোগ নিৰ্মূলৰ বাবে চেষ্টা চলাইছে। “বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সময়তো চিকেল চেল পৰীক্ষা কৰা হৈছে। যোৱা ২ মাহত ৪০ লাখতকৈ অধিক লোকৰ ছিকেল চেলৰ পৰীক্ষা কৰা হৈছে”, তেওঁ অৱগত কৰে।

শ্ৰী মোদীয়ে অৱগত কৰে যে চৰকাৰে অনুসূচিত জনজাতি সম্পৰ্কীয় আঁচনিৰ বাজেট ৫ গুণ বৃদ্ধি কৰিছে। আগতে জনজাতীয় শিশুৰ শিক্ষাৰ বাবে যি বৃত্তিৰ মুঠ বাজেট উপলব্ধ আছিল, সেই বৃত্তিৰ মুঠ বাজেট এতিয়া ডেৰ-দুগুণতকৈও অধিক বৃদ্ধি কৰা হৈছে। ১০ বছৰ আগলৈকে দেশত জনজাতীয় শিশুৰ বাবে মাত্ৰ ৯০ খন একলব্য আদৰ্শ বিদ্যালয় নিৰ্মাণ কৰা হৈছিল, আনহাতে বৰ্তমানৰ চৰকাৰে বিগত ১০ বছৰত ৫০০ৰো অধিক নতুন একলব্য আদৰ্শ বিদ্যালয় নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰা আৰু বৃহৎ কোম্পানীত কাম কৰা আদিবাসী ছাত্ৰ-ছাত্ৰীৰ ওপৰত আস্থা প্ৰকাশ কৰে। “ইয়াৰ বাবে জনজাতীয় অঞ্চলৰ শ্ৰেণীসমূহ আধুনিকীকৰণ কৰা হৈছে আৰু উচ্চ শিক্ষাৰ কেন্দ্ৰসমূহ বৃদ্ধি কৰা হৈছে”, তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে ২০১৪ চনৰ পূৰ্বে প্ৰায় ১০ টা বনজ উৎপাদিত সামগ্ৰীৰ বাবেহে এম এছ পি নিৰ্ধাৰণ কৰা হৈছিল, আনহাতে বৰ্তমানৰ চৰকাৰে প্ৰায় ৯০ টা বনজ উৎপাদন এম এছ পিৰ পৰিসৰৰ অধীনলৈ আনিছে। “বন উৎপাদিত সামগ্ৰীৰ অধিক মূল্য পাবলৈ আমি বন ধন যোজনাৰ সৃষ্টি কৰিলোঁ”, লাখ লাখ হিতাধিকাৰীৰ মাজত বৃহৎ সংখ্যক মহিলা আছে বুলি শ্ৰী মোদীয়ে কয়। “বিগত ১০ বছৰত জনজাতীয় পৰিয়ালক ২৩ লাখ পট্টা প্ৰদান কৰা হৈছে। আমি জনজাতীয় সমাজৰ হাট বজাৰৰ প্ৰচাৰো কৰি আছোঁ। আমাৰ জনজাতীয় ভাইসকলে যাতে বজাৰত বিক্ৰী কৰা সামগ্ৰীসমূহ দেশৰ আন বজাৰতো বিক্ৰী কৰিব পাৰে তাৰ বাবে বহু অভিযান চলোৱা হৈছে”, তেওঁ কয়।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে কয়, “মোৰ জনজাতীয় ভাই-ভনীসকল হয়তো দুৰ্গম অঞ্চলত বাস কৰে যদিও তেওঁলোকৰ আশ্চৰ্যজনক দূৰদৰ্শিতা আছে। আজি জনজাতীয় সমাজে দেখিছে আৰু বুজি পাইছে যে আমাৰ চৰকাৰে জনজাতীয় সংস্কৃতি আৰু তেওঁলোকৰ সন্মানৰ বাবে কেনেদৰে কাম কৰি আছে।” তেওঁ ভগৱান বীৰছা মুণ্ডাৰ জয়ন্তীক জনজাতীয় গৌৰৱ দিৱস হিচাপে উদযাপন কৰাৰ লগতে দেশজুৰি জনজাতীয় স্বাধীনতা সংগ্ৰামীৰ ১০টা বৃহৎ সংগ্ৰহালয়ৰ স্থাপনৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে জনজাতীয় সমাজক তেওঁলোকৰ সন্মান আৰু কল্যাণৰ বাবে অহৰহ কাম কৰাৰ আশ্বাস দিয়ে।

***

DS/TS/SB
(Release ID: 1996220)



(Release ID: 1998020) Visitor Counter : 57