কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

কেবিনেটে (i) এছইচিএল আৰু এমপিপিজিচিএলৰ জেভিৰ জৰিয়তে ১x৬৬০ মেগাৱাটৰ তাপ বিদ্যুৎ কেন্দ্ৰ স্থাপনৰ বাবে দক্ষিণ-পূব কয়লাক্ষেত্ৰ লিমিটেডআৰু (ii) এমবিপিএলৰ জৰিয়তে ২x৮০০ মেগাৱাটৰ তাপ বিদ্যুৎ কেন্দ্ৰ স্থাপনৰ বাবে মহানদী কয়লাক্ষেত্ৰ লিমিটেডৰ ইকুইটি বিনিয়োগত অনুমোদন জনায়

Posted On: 18 JAN 2024 12:54PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিয়ে আজি (i) দক্ষিণ-পূব কয়লাক্ষেত্ৰ লিমিটেড (SECL)য়েএছইচিএলআৰু এমপিপিজিচিএলৰ জেভিৰ জৰিয়তে ১×৬৬০ মেগাৱাটৰ তাপ বিদ্যু কেন্দ্ৰ স্থাপনআৰু (ii) মহানদী কয়লাক্ষেত্ৰ লিমিটেড (MCL)য়ে মহানদী বেচিন পাৱাৰ লিমিটেড (এমবিপিএল - এমচিএলৰ সহযোগী কোম্পানী)ৰ জৰিয়তে ২x৮০০ মেগাৱাটৰ তাপ বিদ্যু কেন্দ্ৰ স্থাপনৰ বাবে ইকুইটি বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন জনায়।

নিম্ন উল্লেখিত ধৰণেৰে কমিটিয়ে এছইচিএল, এমচিএল আৰু চিআইএলৰ ইকুইটি বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন জনাইছেঃ

(a) মধ্যপ্ৰদেশৰ অনুপপুৰ জিলাৰ চাচাইগাঁৱৰ অমৰকান্তক তাপ বিদ্যুৎ কেন্দ্ৰত এছইচিএল আৰু এমপিপিজিচিএলৰ জেভিৰ জৰিয়তে প্ৰস্তাৱিত ১×৬৬০ মেগাৱাটৰ ছুপাৰ-ক্ৰিটিকেল তাপ বিদ্যুৎ কেন্দ্ৰৰ বাবে৭০:৩০ ঋণ-ইকুইটি অনুপাত আৰু জেভি কোম্পানীত ৪৯% ইকুইটি বিনিয়োগ বিবেচনাৰে ৮২৩ কোটি টকা (± ২০%) ইকুইটি কেপিটেল আৰু আনুমানিক প্ৰকল্প কেপেক্স ৫,৬০০ কোটি টকা (সঠিকতাৰ±২০%)।

(b)ওড়িশাৰ সুন্দৰগড় জিলাত প্ৰস্তাৱিত ২×৮০০ মেগাৱাট ছুপাৰ-ক্ৰিটিকেল তাপ বিদ্যুৎ কেন্দ্ৰৰ বাবে এমচিএলৰদ্বাৰা ৪,৭৮৪ কোটি টকা (± ২০%) ইকুইটি কেপিটেলৰ লগতে এমবিপিএলৰ জৰিয়তেআনুমানিক প্ৰকল্প কেপেক্স ১৫,৯৪৭ কোটি টকা (সঠিকতাৰ±২০ %)।

(c)২×৮০০ মেগাৱাটৰ ছুপাৰ-ক্ৰিটিকেল তাপ বিদ্যুৎ কেন্দ্ৰ স্থাপনৰ বাবে এমচিএলৰ এছপিভি এমবিপিএললৈ অনুমোদন।

(d)ওপৰৰ (a) অনুসৰি, এছইচিএল-এমপিপিজিচিএলৰ জেভিত (৮২৩ কোটি টকা ± ২০%) আৰু এমচিএলৰ ১০০% সম্পূৰ্ণ মালিকানাধীন সহযোগী কোম্পানী এমবিপিএলত চিআইএলৰ ইকুইটি বিনিয়োগ (ওপৰৰ (b) অনুসৰি, ৪,৭৮৪ কোটি টকা ± ২০%)।

 

বিশ্বৰ সৰ্ববৃহৎ কয়লা খনন কোম্পানী ক’ল ইণ্ডিয়া লিমিটেডে (CIL) নিজৰ সহযোগী কোম্পানীসমূহৰ জৰিয়তে দুটা পিটহেড থাৰ্মেল পাৱাৰ প্লান্টস্থাপেনেৰে দেশখনক সুলভ বিদ্যুৎ যোগানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে –

  1. এছইচিএল আৰু মধ্যপ্ৰদেশ পাৱাৰ জেনেৰেটিং কোম্পানী লিমিটেড ((MPPGCL)ৰ মাজত জেভিৰ জৰিয়তেমধ্যপ্ৰদেশৰ অনুপপুৰ জিলাৰ চাচাইগাঁৱৰ অমৰকান্তক তাপ বিদ্যুৎ কেন্দ্ৰত ১×৬৬০ মেগাৱাটৰ ছুপাৰ-ক্ৰিটিকেল কয়লা ভিত্তিক তাপ বিদ্যুৎ কেন্দ্ৰ (TPP);
  2. এমচিএলৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী কোম্পানী ‘মহানদী বেচিন পাৱাৰ লিমিটেড’ (MBPL)ৰ জৰিয়তে ওড়িশাৰ সুন্দৰগড় জিলাত ২×৮০০ মেগাৱাটৰ ছুপাৰ-ক্ৰিটিকেল তাপ বিদ্যুৎ কেন্দ্ৰ।

*******

DS/SKS/SB
 



(Release ID: 1997602) Visitor Counter : 40