প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাষ্ট্ৰীয় ক্ৰীড়া আৰু দুঃসাহিক ক্ৰীড়া বঁটা, ২০২৩ৰ বিজয়ীসকলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 09 JAN 2024 7:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া আৰু দুঃসাহিক ক্ৰীড়া বঁটা, ২০২৩ৰ বিজয়ীসকলক অভিনন্দন জ্ঞাপন কৰিছে৷ খেলুৱৈসকলৰ কৃতিত্ব আৰু অদম্য নিষ্ঠাৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে নিজৰ নিজৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰাই নহয়, বিশ্ব পৰ্যায়ত ভাৰতৰ পতাকাও শিখৰত উপনীত কৰাইছে৷

ৰাষ্ট্ৰপতি ভৱনত ২০২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া আৰু দুঃসাহিক ক্ৰীড়া বঁটা প্ৰদান অনুষ্ঠান সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ এটা টুইটাৰ পোষ্টৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

“ৰাষ্ট্ৰীয় ক্ৰীড়া আৰু দুঃসাহসিক ক্ৰীড়া বঁটা, ২০২৩ৰ খ্যাতিসম্পন্ন বিজয়ীসকলক অভিনন্দন জনাইছো৷ তেওঁলোকৰ উল্লেখযোগ্য কৃতিত্ব আৰু অদম্য নিষ্ঠা আমাৰ জাতিটোৰ বাবে এক প্ৰেৰণা৷ তেওঁলোকে নিজৰ নিজৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰাই নহয়, বিশ্ব পৰ্যায়ত ভাৰতৰ পতাকাও শিখৰত উন্নীত কৰিছে৷”

*********

DS/ST/DB



(Release ID: 1997362) Visitor Counter : 56