কেবিনেট
কেবিনেটে চিকিৎসা সামগ্ৰী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত আৰু নেদাৰলেণ্ডৰ উদ্দেশ্য চুক্তি (MoI)ত অনুমোদন জনায়
प्रविष्टि तिथि:
18 JAN 2024 1:02PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষাধীন কেন্দ্ৰীয় কেবিনেটক ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ঔষধ মানক নিয়ন্ত্ৰণ সংস্থা (CDSCO) আৰু ঔষধ মূল্যায়ন ব’ৰ্ড, স্বাস্থ্য আৰু যুৱ যত্ন পৰিদৰ্শক, “চিকিৎসা সামগ্ৰী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহযোগিতা” শীৰ্ষক মানৱিক বিষয়ত জড়িত গৱেষণাৰ কেন্দ্ৰীয় কমিটিৰ হৈ নেদাৰলেণ্ডৰ স্বাস্থ্য, কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ মাজত স্বাক্ষৰিত উদ্দেশ্য চুক্তি (MoI) সম্পৰ্কে অৱগত কৰা হয়। ২০২৩ৰ ৭ নৱেম্বৰত এই চুক্তি স্বাক্ষৰিত হৈছিল।
এই চুক্তিয়ে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ঔষধ মানক নিয়ন্ত্ৰণ সংস্থা (CDSCO) আৰু ঔষধ মূল্যায়ন ব’ৰ্ড, স্বাস্থ্য আৰু যুৱ যত্ন পৰিদৰ্শক, “চিকিৎসা সামগ্ৰী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহযোগিতা” শীৰ্ষক মানৱিক বিষয়ত জড়িত গৱেষণাৰ কেন্দ্ৰীয় কমিটিৰ হৈ নেদাৰলেণ্ডৰ স্বাস্থ্য, কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ মাজত নিজ-নিজ আন্তঃৰাষ্ট্ৰীয় দায়িত্বৰে সংগতি ৰাখি ফলপ্ৰসূ সহযোগিতা আৰু তথ্য বিনিময়ৰ বাবে এক ব্যৱস্থা স্থাপন কৰিব বিচাৰিছে।
উভয় দেশৰ নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ মাজত এই চুক্তিয়ে কেঁচামাল, জৈৱিক সামগ্ৰী, চিকিৎসা সঁজুলি আৰু প্ৰসাধন সামগ্ৰীকে প্ৰমুখ্য কৰি চিকিৎসা সামগ্ৰী নিয়ন্ত্ৰণ সম্পৰ্কে ভালদৰে বুজিবলৈ সুবিধা প্ৰদান কৰিব।
নিয়ন্ত্ৰণ পদ্ধতিৰ অনুসৰণে ভাৰতৰপৰা ঔষধৰ ৰপ্তানি বৃদ্ধিত সহায় কৰিব পাৰে আৰু ফলস্বৰূপে ঔষধ খণ্ডৰ শিক্ষিত পেছাদাৰীসকলৰ বাবে উন্নত নিয়োগৰ সুযোগত সহায় কৰিব পাৰে।
এই চুক্তি অনুসৰি চিকিৎসা সামগ্ৰীৰ ৰপ্তানিৰ সুবিধা হ’ব যাৰ ফলত বৈদেশিক মুদ্ৰাৰ উপাৰ্জন হ’ব। এই প্ৰচেষ্টাই আত্মনিৰ্ভৰ ভাৰতক উদ্দীপনা যোগাব।
*****
DS/SKS/SB
(रिलीज़ आईडी: 1997274)
आगंतुक पटल : 121
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Nepali
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam