প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দিব্য কুমাৰে কণ্ঠদান কৰা “হৰ ঘৰ মন্দিৰ, হৰ ঘৰ উৎসৱ” আধ্যাত্মিক ভজন শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 13 JAN 2024 11:12AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সিদ্ধাৰ্থ অমৃত ভাৱছাৰে সংগীত কৰা আৰু দিব্য কুমাৰে কণ্ঠদান কৰা “হৰ ঘৰ মন্দিৰ, হৰ ঘৰ উৎসৱ” আধ্যাত্মিক ভজন শ্বেয়াৰ কৰে। শ্ৰী মোদীয়ে কয় যে কেইবা শতিকাৰ অপেক্ষাৰ পাছত অযোধ্যা ধামত সেই পবিত্ৰ ক্ষণ সমাগত হৈছে। এই শুভক্ষণত উত্তৰৰ পৰা দক্ষিণলৈ আৰু পূবৰ পৰা পশ্চিমলৈকে সকলোতে ভগৱান ৰামৰ প্ৰশংসা প্ৰতিধ্বনিত হৈ আছে বুলি শ্ৰী মোদীয়ে লগতে কয়।

সংশ্লিষ্ট আধ্যাত্মিক গীতটো শ্বেয়াৰ কৰি তেওঁ কয় যে এই উপস্থাপনৰ জৰিয়তে আপুনি বিশ্বাস আৰু ভক্তিৰ পৰিৱেশ অনুভৱ কৰিব।

প্ৰধানমন্ত্ৰীয়ে টুইটাৰৰ এক পোষ্টত কয়;

“কেইবা শতিকাৰ অপেক্ষাৰ পাছত অযোধ্যা ধামত সেই পবিত্ৰ ক্ষণ সমাগত হৈছে। এই শুভক্ষণত উত্তৰৰ পৰা দক্ষিণলৈ আৰু পূবৰ পৰা পশ্চিমলৈকে সকলোতে ভগৱান ৰামৰ প্ৰশংসা গুঞ্জৰিত হৈ আছে। এই উপস্থাপনৰ জৰিয়তে আপুনি এনে এক বিশ্বাস আৰু ভক্তিৰ পৰিৱেশ অনুভৱ কৰিব। #ShriRamBhajan”

*********

DS/ST/DB


(रिलीज़ आईडी: 1996498) आगंतुक पटल : 111
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam , Malayalam