প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নতুন দিল্লীত পোংগল উৎসৱৰ সময়ত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 14 JAN 2024 12:36PM by PIB Guwahati

ৱনক্কম, পোংগল উৎসৱত আপোনালোক সকলোলৈ শুভেচ্ছা থাকিল! इनिय पोङ्गल् नल्वाळ्तुक्कल्!

পোংগলৰ পৱিত্ৰ দিনটোত তামিলনাডুৰ প্ৰতিটো ঘৰৰ পৰা পোংগল ধাৰাৰ প্ৰবাহ হয়। একেদৰেই আপোনালোকৰ জীৱনত সুখ, সমৃদ্ধি আৰু সন্তুষ্টিৰ সোঁত বৈ যোৱাটো মই কামনা কৰিলোঁ। কালি দেশত লোহৰী উৎসৱ অতি আড়ম্বৰেৰে উদযাপন কৰা হৈছে। একাংশ লোকে আজি মকৰ সংক্ৰান্তি-উত্তৰায়ণ পালন কৰিছে, কোনোবাই হয়তো কাইলৈ ​​উদযাপন কৰিব। মাঘ বিহুও সমাগত। এই সকলো উৎসৱৰ বাবে সকলো দেশবাসীক মই অভিনন্দন জনাইছোঁ আৰু আন্তৰিক শুভেচ্ছা জনাইছোঁ।

বন্ধুসকল,

ইয়াত মই মোৰ কেইবাখনো চিনাকি মুখ দেখিবলৈ পাইছোঁ। যোৱা বছৰো আমি সকলোৱে ইয়াত তামিল পুথাণ্ডু উপলক্ষে ইয়াত লগ হৈছিলোঁ। এই সুন্দৰ অনুষ্ঠানৰ অংশ হোৱাৰ সুযোগ দিয়াৰ বাবে মই মূৰুগান জীক ধন্যবাদ জনাইছোঁ। এয়া এনেকুৱা, যেন মই নিজৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে কিবা উৎসৱ পালন কৰি আছোঁ।

বন্ধুসকল,

সন্ত থিৰুৱল্লুৱৰে কৈছে - तळ्ळा विळैयुळुम् तक्कारुम् ताळ्विला चेव्वरुम् सेर्वदु नाडु অৰ্থাৎ ভাল ফচল, শিক্ষিত মানুহ আৰু সৎ ব্যৱসায়ী, এই তিনিওজনে মিলি ৰাষ্ট্ৰ গঢ়ি তোলে। তিৰুৱল্লুৱৰ জীয়ে ৰাজনীতিবিদৰ কথা কোৱা নাই, এয়া আমাৰ সকলোৰে বাবে এটা বাৰ্তা। পোংগল উৎসৱত ভগৱানৰ চৰণত সতেজ শস্য সমৰ্পিত কৰাৰ পৰম্পৰা আছে। এই সমগ্ৰ উৎসৱৰ পৰম্পৰাৰ কেন্দ্ৰবিন্দুত আছে আমাৰ খাদ্য প্ৰদানকাৰী, আমাৰ কৃষকসকল। আৰু এনেয়েও, ভাৰতৰ প্ৰতিটো উৎসৱ কোনোবা নহয় কোনোবা প্ৰকাৰে গাঁও, খেতি আৰু শস্যৰ লগত জড়িত।

মোৰ মনত আছে, যোৱাবাৰ আমি এই বিষয়েও আলোচনা কৰিছিলোঁ যে কেনেকৈ আমাৰ মিলেটছ বা শ্ৰী অন্ন তামিল সংস্কৃতিৰ সৈতে জড়িত। এই ছুপাৰফুড সন্দৰ্ভত দেশ আৰু বিশ্বত এক নতুন জাগৰণ হোৱাত মই সুখী। আমাৰ বহু যুৱকে মিলেটছ-শ্ৰী অন্নক লৈ নতুন ষ্টাৰ্টআপ আৰম্ভ কৰিছে আৰু এই ষ্টাৰ্টআপবোৰ আজি অতি জনপ্ৰিয় হৈ পৰিছে। আমাৰ দেশৰ তিনি কোটিতকৈও অধিক ক্ষুদ্ৰ কৃষক শ্ৰী অন্নৰ উৎপাদনত জড়িত। যদি আমি শ্ৰী অন্নক প্ৰচাৰ কৰোঁ তেন্তে ইয়াৰ প্ৰত্যক্ষ লাভ এই তিনি কোটি কৃষকৰ হয়।

বন্ধুসকল,

পোংগল উপলক্ষে তামিল মহিলাসকলে ঘৰৰ বাহিৰত কোলাম আঁকে। প্ৰথমতে তেওঁলোকে আটা ব্যৱহাৰ কৰি মাটিত বহু বিন্দু বনায়। আৰু এবাৰ সকলো বিন্দু তৈয়াৰ হ’লে প্ৰতিটোৰে তাৎপৰ্য বেলেগ বেলেগ। এই ছবিখন নিজেই মনোমোহা। কিন্তু কোলামৰ প্ৰকৃত ৰূপটো অধিক বৈভৱশালী হৈ পৰে যেতিয়া এই সকলোবোৰ বিন্দু সংযোগ কৰি ৰঙেৰে ভৰাই এটা ডাঙৰ শিল্পকৰ্ম সৃষ্টি কৰা হয়।

আমাৰ দেশ আৰু ইয়াৰ বৈচিত্ৰ্যও কোলামৰ দৰেই। দেশৰ প্ৰতিটো কোণ যেতিয়া ইটোৱে সিটোৰ লগত আৱেগিকভাৱে সংযোগ স্থাপন কৰে, তেতিয়া আমাৰ ক্ষমতাই এক বেলেগ ৰূপ দেখুৱায়। পোংগল উৎসৱো তেনে এক উৎসৱ, যিয়ে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ৰাষ্ট্ৰীয় মনোভাৱক প্ৰতিফলিত কৰে। অতীতত কাশী-তামিল সংগমম আৰু সৌৰাষ্ট্ৰ তামিল সংগমমৰ দৰে অতি গুৰুত্বপূৰ্ণ পৰম্পৰা আৰম্ভ হৈছে, আৰু তাতো এই ভাব প্ৰকট হয়, এই ভাবনা দৃশ্যমান। এই সকলোবোৰ অনুষ্ঠানত আমাৰ তামিল ভাই-ভনীৰ বৃহৎ সংখ্যকে উৎসাহেৰে অংশগ্ৰহণ কৰে।

বন্ধুসকল,

একতাৰ এই অনুভূতিয়েই ২০৪৭ চনৰ ভিতৰত এখন বিকশিত ভাৰত গঢ়াৰ বাবে আটাইতকৈ ডাঙৰ শক্তি আৰু সৰ্ববৃহৎ মূলধন। আপোনালোকৰ মনত আছে চাগৈ, লালকিল্লাৰ পৰা মই যি পঞ্চ প্ৰণৰ আহ্বান জনাইছিলোঁ, তাৰ মূল উপাদানটো হ’ল দেশৰ ঐক্যক শক্তি প্ৰদান কৰা, দেশৰ ঐক্যক শক্তিশালী কৰা। পোংগলৰ এই পৱিত্ৰ উৎসৱত আমি দেশৰ ঐক্য শক্তিশালী কৰাৰ সংকল্প পুনৰবাৰ প্ৰকাশ কৰিব লাগিব।

বন্ধুসকল,

আজি ইয়াত বহু শিল্পী, সুপৰিচিত শিল্পী আৰু বিশিষ্ট শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিবলৈ সাজু হৈছে, আপোনালোক সকলোৱে নিশ্চয় অপেক্ষা কৰি আছে, মইও অপেক্ষা কৰিছোঁ। এই সকলো শিল্পীয়ে ৰাজধানী দিল্লীত তামিলনাডুক সজীৱ কৰি তুলিবলৈ ওলাইছে। আমি কিছু মুহূৰ্তৰ বাবে তামিল জীৱলৈ সুযোগ পাম, এয়াও এক সৌভাগ্য। এই সকলো শিল্পীলৈ মোৰ বহুত শুভেচ্ছা থাকিল। আকৌ এবাৰ মূৰুগান জীক ধন্যবাদ জনাইছোঁ।

ৱনক্কম!

DISCLAIMER: এয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ ভাবানুবাদ মূল ভাষণটো হিন্দীত প্ৰদান কৰিছিল

**********

DS/VK/AK



(Release ID: 1996456) Visitor Counter : 72