তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

ইণ্ডিয়ান ইনষ্টিটিউট অফ মাচ কমিউনিকেশ্বনৰ ৫৫তম সমাৱৰ্তনত ৭০০ ৰো অধিক শিক্ষাৰ্থীক পিজি ডিপ্লোমা প্ৰদান কৰা হয়

ডিপফেক, ভুৱা বাতৰি আৰু ভুল তথ্য সমগ্ৰ বিশ্বৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান; ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰয়োজন: প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দে আইআইএমচি স্নাতক শিক্ষাৰ্থীসকলক আহ্বান জনায়

“অধিক টিআৰপি লাভ কৰিবলৈ চাঞ্চল্যকৰ বাতৰিৰ প্ৰৱণতাৰ পৰা আঁতৰি থাকক; সাংবাদিকতাৰ মূল্যবোধ সংৰক্ষণ কৰক”: শ্ৰী ৰামনাথ কোবিন্দ

Posted On: 10 JAN 2024 3:25PM by PIB Guwahati

ইণ্ডিয়ান ইনষ্টিটিউট অফ মাচ কমিউনিকেশ্বনৰ (আইআইএমচি) ৫৫ তম সমাৱৰ্তন আজি, ১০ জানুৱাৰী, ২০২৪ তাৰিখে নতুন দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হয় আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। আইআইএমচি দিল্লী, আইআইএমচি ঢেঙ্কানাল, আইআইএমচি আইজল, আইআইএমচি অমৰাৱতী, আইআইএমচি কোট্টায়াম আৰু আইআইএমচি জম্মুৰ ২০২১-২২ আৰু ২০২২-২৩ বৰ্ষৰ গোটৰ ৭০০ ৰো অধিক শিক্ষাৰ্থীয়ে সমাৱৰ্তনত স্নাতকোত্তৰ ডিপ্লোমা লাভ কৰে। শিক্ষাৰ্থীসকলক হিন্দী সাংবাদিকতা, ইংৰাজী সাংবাদিকতা, ওড়িয়া সাংবাদিকতা, মাৰাঠী সাংবাদিকতা, মালায়ালম সাংবাদিকতা, উৰ্দু সাংবাদিকতা, বিজ্ঞাপন আৰু জনসম্পৰ্ক, ৰেডিঅ' আৰু টেলিভিছন সাংবাদিকতা আৰু ডিজিটেল মাধ্যমত স্নাতকোত্তৰ ডিপ্লোমা প্ৰদান কৰা হয়।

ইয়াৰ উপৰিও, দুয়োটা গোটৰ ৬৫ জন শিক্ষাৰ্থীকো বিভিন্ন বঁটাৰে সন্মানিত কৰা হয়।

ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেশ্বনৰ (আইআইএমচি) ৫৫ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দে স্নাতক শিক্ষাৰ্থীসকলক কয় যে আইআইএমচিৰ দৰে প্ৰতিষ্ঠানৰ পৰা স্নাতক হোৱা ভৱিষ্যতৰ সাংবাদিকসকলে নিশ্চিত কৰিব লাগিব যে তেওঁলোকে ভুৱা বাতৰি আৰু ভুল তথ্য প্ৰচাৰৰ বিৰুদ্ধে যুঁজ দিব। তেওঁ কয় যে আজি যিকোনো লোকে ইচ্ছাকৃতভাৱে ডিজিটেল উপায় ব্যৱহাৰ কৰি ভুল তথ্য আৰু ডিপফেক, ভুৱা বাতৰি আৰু ভুল তথ্য প্ৰচাৰ কৰিব পাৰে, সেয়া সমগ্ৰ বিশ্বৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান। তেওঁ সাংবাদিকতা আৰু সংবাদ মাধ্যমৰ ক্ষেত্ৰত প্ৰৱেশ কৰা শিক্ষাৰ্থীসকলক এই প্ৰত্যাহ্বানসমূহৰ মাজত দ্ৰুতগতিত বিকশিত প্ৰযুক্তিৰ অপব্যৱহাৰৰ মোকাবিলা কৰিবলৈ নাগৰিকসকলক সঠিকভাৱে আৰু পৰ্যাপ্তভাৱে প্ৰস্তুত কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়।

প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে স্নাতক শিক্ষাৰ্থীসকলক অধিক টিআৰপি সংগ্ৰহ কৰিবলৈ চাঞ্চল্যকৰ বাতৰিৰ প্ৰৱণতাৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। তেওঁ এনে ধৰণৰ চৰ্টকাট গ্ৰহণ নকৰিবলৈ সতৰ্ক কৰি দিয়ে আৰু সকলোকে সাংবাদিকতাৰ মূল্যবোধ বজাই ৰাখিবলৈ আহ্বান জনায়। তেওঁ গুৰুত্ব আৰোপ কৰে যে ২০৪৭ চনৰ ভিতৰত এখন বিকশিত ভাৰত গঢ়ি তোলাৰ ক্ষমতা যুৱসকলৰ হাতত আছে আৰু তেওঁলোকে এই শক্তি বুদ্ধিমত্তাৰে ব্যৱহাৰ কৰা উচিত।

শ্ৰী কোবিন্দে শিক্ষা আৰু গণ যোগাযোগৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত আইআইএমচিক 'উৎকৰ্ষ কেন্দ্ৰ' হিচাপে চিনাক্ত কৰাৰ বিষয়ে কয়। তেওঁ ভাৰতীয় সাংবাদিকতাত আইআইএমচিৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ গুৰুত্বপূৰ্ণ অৱদানৰ প্ৰতি লক্ষ্য ৰাখি সাংবাদিকতাত কেৰিয়াৰ গঢ়িবলৈ শিক্ষাৰ্থীসকলক প্ৰস্তুত কৰাৰ বাবে প্ৰতিষ্ঠানটোৰ প্ৰতিশ্ৰুতিক প্ৰশংসা কৰে।

অনুষ্ঠানটোত আইআইএমচিৰ অধ্যক্ষ শ্ৰী আৰ জগন্নাথন, আইআইএমচিৰ সঞ্চালক প্ৰধান ড০ অনুপমা ভাটনাগৰ আৰু আইআইএমচিৰ অতিৰিক্ত সঞ্চালক প্ৰধান ড০ নিমিষ ৰুস্তাগীৰ লগতে প্ৰতিষ্ঠানটোৰ শিক্ষক আৰু কৰ্মচাৰীসকলও উপস্থিত আছিল।

আইআইএমচিৰ সঞ্চালক প্ৰধান ড০ অনুপমা ভাটনাগৰে প্ৰতিগৰাকী শিক্ষাৰ্থীক তেওঁলোকৰ সামগ্ৰিক বিকাশৰ বাবে প্ৰয়োজনীয় ব্যাপক বিকাশৰ সুযোগ প্ৰদান কৰাৰ বাবে আইআইএমচিৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে।

৫৫ তম সমাৱৰ্তন ইয়াত চাব পাৰি।

 

*****


(Release ID: 1995350) Visitor Counter : 70