প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অসমত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক
Posted On:
03 JAN 2024 12:01PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ গোলাঘাটত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত দুখ প্ৰকাশ কৰিছে।
তেখেতে পিএমএনআৰএফৰপৰা প্ৰতিগৰাকী মৃতকৰ নিকট-আত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ এক্স-গ্ৰেচিয়া ঘোষণা কৰিছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এক্সত এইদৰে প’ষ্ট কৰিছেঃ
"অসমৰ গোলাঘাটত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোকাহত হৈছোঁ। মই শোকসন্তপ্ত পৰিয়াল-বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। আহতসকলৰ আশু-আৰোগ্য কামনা কৰিছোঁ। দুৰ্ঘটনাগ্ৰস্তসকলক স্থানীয় প্ৰশাসনে সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে। পিএমএনআৰএফৰপৰা প্ৰতিগৰাকী মৃতকৰ নিকট-আত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ এক্স-গ্ৰেচিয়া আগবঢ়োৱা হ’বঃ প্ৰধানমন্ত্ৰী"
***
DS/RT/SB
(Release ID: 1992628)
Visitor Counter : 171
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali-TR
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam