কেবিনেট

‘প্ৰসাৰ ভাৰতী’ আৰু ‘ৰেডিঅ' টেলিভিছন মালয়েছিয়া’ (আৰটিএম)ৰ মাজত সম্প্ৰচাৰ সম্পৰ্কীয় সহযোগিতাৰ বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ অনুমোদন জনাইছে কেবিনেটে

Posted On: 27 DEC 2023 3:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটত যোৱা ৭ নৱেম্বৰ, ২০২৩ তাৰিখে স্বাক্ষৰিত বুজাবুজি চুক্তিৰ বিষয়ে অৱগত কৰা হয়, যাৰ জৰিয়তে সম্প্ৰচাৰ, বাতৰি বিনিময় আৰু দৃশ্য-শ্ৰাব্য কাৰ্যসূচীৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ লগতে দেশৰ সৈতে ভাৰতৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক যথেষ্ট বৃদ্ধি কৰাৰ যথেষ্ট সম্ভাৱনা আছে। ইয়াকে ধৰি বিভিন্ন দেশৰ সৈতে ‘প্ৰসাৰ ভাৰতী’য়ে স্বাক্ষৰ কৰা মুঠ বুজাবুজি চুক্তিৰ সংখ্যা ৪৬লৈ বৃদ্ধি হৈছে।

‘প্ৰসাৰ ভাৰতী’য়ে ৰাষ্ট্ৰ নিৰ্মাণত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে দেশ আৰু বিদেশৰ সকলোকে অৰ্থপূৰ্ণ আৰু সঠিক বাৰ্তা প্ৰদান কৰাত নিৰন্তৰ গুৰুত্ব আৰোপ কৰি আহিছে। এই বুজাবুজি চুক্তিসমূহ আন দেশত সমল বিতৰণ, আন্তঃৰাষ্ট্ৰীয় সম্প্ৰচাৰৰ সৈতে অংশীদাৰিত্বৰ বিকাশ আৰু নতুন প্ৰযুক্তিৰ চাহিদা সমাধানৰ বাবে নতুন ৰণনীতি অন্বেষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ'ব। বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ ফলত হোৱা গুৰুত্বপূৰ্ণ লাভসমূহ হৈছে সংস্কৃতি, শিক্ষা, বিজ্ঞান, প্ৰযুক্তি, ক্ৰীড়া, বাতৰি আৰু অন্যান্য ক্ষেত্ৰত ‘গ্ৰেটিছ/নন-গ্ৰেটিছ’ আধাৰত কাৰ্যসূচীৰ আদান-প্ৰদান।

ভাৰতৰ ৰাজহুৱা সেৱা সম্প্ৰচাৰক ‘প্ৰসাৰ ভাৰতী’য়ে ৰেডিঅ' আৰু টেলিভিছনৰ ক্ষেত্ৰত ৰাজহুৱা সম্প্ৰচাৰত সহযোগিতা বৃদ্ধি কৰাৰ বাবে মালয়েছিয়াৰ ৰাজহুৱা সেৱা সম্প্ৰচাৰক ‘ৰেডিঅ' টেলিভিছন মালয়েছিয়া’ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে।

******

DS/SKS/KB



(Release ID: 1991006) Visitor Counter : 43