শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

বছৰৰ শেষৰ পৰ্যালোচনা- শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

ইশ্ৰম পৰ্টেলত ২৯.২৩ কোটিৰো অধিক অসংগঠিত শ্ৰমিক পঞ্জীকৃত

২০১৫ চনত আৰম্ভ হোৱাৰ পিছৰ পৰাই ৰাষ্ট্ৰীয় কেৰিয়াৰ ছাৰ্ভিচ প্লেটফৰ্মত ৩.৬৪ কোটিতকৈ অধিক পঞ্জীয়নভুক্ত চাকৰি প্ৰত্যাশী, ১৯.১৫ লাখ নিয়োগকৰ্তা আৰু ১.৯২ কোটিতকৈ অধিক খালী পদ আছে

আত্মনিৰ্ভৰ ভাৰত ৰোজগাৰ যোজনাৰ অধীনত ১,৫২,৪৯৯টা প্ৰতিষ্ঠানৰ জৰিয়তে ৬০.৪৮ লাখ হিতাধিকাৰীক ১০,০৪৩.০২ কোটি টকা প্ৰদান কৰা হৈছে

ই এছ আই চিয়ে লাক্ষাদ্বীপকে ধৰি ৬১১খন জিলালৈ নিজৰ কভাৰেজ সম্প্ৰসাৰণ কৰি ১৬১খন চিকিৎসালয় আৰু ১৫৭৪খন ডিস্পেঞ্চেৰীৰ নেটৱৰ্ক গঢ়ি তুলিছে আৰু বীমাকৃত লোকৰ সংখ্যা ৩.৭২ কোটিতকৈ অধিকলৈ বৃদ্ধি কৰি ১২ কোটিতকৈ অধিক হিতাধিকাৰীক সামাজিক সুৰক্ষা প্ৰদান কৰিছে

Posted On: 22 DEC 2023 3:40PM by PIB Guwahati

আমি মাত্ৰ কেইদিনমানৰ পিছত নতুন বছৰ এটাক আদৰিবলৈ ওলাইছোঁ। কিন্তু তাৰ আগতে ২০২৩ চনৰ ভিতৰত শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ প্ৰধান পদক্ষেপ/ঘটনা/কৃতিত্বৰ বিষয়ে উভতি চাওঁ আহক।

-শ্ৰম পৰ্টেল (e-Shram Portal) অসংগঠিত শ্ৰমিকৰ বাবে ৰাষ্ট্ৰীয় তথ্য ভিত্তি সৃষ্টিৰ বাবে ২৬-০৮-২০২১ তাৰিখে আৰম্ভ কৰা হয়। ই-শ্ৰমে ডিজিটেল ইণ্ডিয়া বঁটা-২০২২ত ৰাজহুৱা ডিজিটেল মঞ্চ কেন্দ্ৰীয় মন্ত্ৰালয় বিভাগশাখাৰ অধীনত 'ল্ড এৱাৰ্ডলাভ কৰে। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে বঁটা প্ৰদান অনুষ্ঠানত শোভা বঢ়ায় আৰু ২০২৩ চনৰ ৭ জানুৱাৰীত এই বঁটা প্ৰদান কৰে।

২০২৩ চনৰ জানুৱাৰীৰ পৰা ২০২৩ চনৰ নৱেম্বৰ মাহলৈ মুঠ ৬৯.২৬ লাখ অসংগঠিত শ্ৰমিকৰ ই-শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰা হৈছে। মুঠতে ২০২৩ চনৰ ১৭ ডিচেম্বৰলৈকে ই-শ্ৰম পৰ্টেলত ২৯.২৩ কোটিতকৈ অধিক অসংগঠিত শ্ৰমিকৰ পঞ্জীয়ন হৈছে।

-শ্ৰম পঞ্জীয়নকাৰীসকলৰ তথ্য পিএম-বিশ্বকৰ্মা আঁচনি আনুষ্ঠানিকীকৰণৰ বাবে এমএছএমইৰ সৈতে ভাগ-বতৰা কৰা হৈছিল। ৩৬খন ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলোবোৰেই ডাটা শ্বেয়াৰিং পৰ্টেলত অনবৰ্ড কৰা হৈছে আৰু ই-শ্ৰম পঞ্জীয়কৰ নিজ নিজ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ তথ্য উপলব্ধ কৰোৱা হৈছে। কেন্দ্ৰীয় মন্ত্ৰালয়/ বিভাগৰ বাবে প্ৰস্তুত কৰা তথ্য বিনিময়ৰ নিৰ্দেশনা/ এছ অ' পি উপলব্ধ কৰোৱা হয়। ই-শ্ৰমত পঞ্জীয়নভুক্ত নিৰ্মাণ খণ্ডৰ শ্ৰমিকৰ সৈতে জড়িত তথ্যৰ ভাগ-বতৰা, ৰাজ্যিক বিল্ডিং আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ ব'ৰ্ডৰ সৈতে আৰম্ভ কৰা হৈছে। ইয়াৰ দ্বাৰা এনে সকলো শ্ৰমিকক চিনাক্তকৰণ আৰু ৰাজ্যিক বি অচি ডব্লিউ বৰ্ডত, তেওঁলোকৰ যোগ্যতাৰ ওপৰত ভিত্তি কৰি পঞ্জীয়ন কৰাত সুবিধা হব।

২০২৩ চনৰ ৩০ নৱেম্বৰলৈকে ৰাষ্ট্ৰীয় কেৰিয়াৰ সেৱা (এনচিএছ) প্ৰকল্প প্লেটফৰ্মত ২০১৫ চনত আৰম্ভ হোৱাৰ পিছত ৩.৬৪ কোটিতকৈ অধিক পঞ্জীয়নভুক্ত চাকৰি প্ৰত্যাশী, ১৯.১৫ লাখ নিয়োগকৰ্তা আৰু ১.৯২ কোটিতকৈ অধিক খালী পদ আছে।

মন্ত্ৰালয়ৰ মতে, চাকৰি প্ৰত্যাশীসকলৰ বাবে উন্নত চাকৰিৰ মিলন আৰু সন্ধানৰ সুবিধাৰ লগতে শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰ আৰু কৃত্ৰিম বুদ্ধিমত্তা (এআই) আৰু মেচিন লাৰ্নিং (এমএল)ৰ সহায় লৈ দক্ষতাৰ বাবে পৰামৰ্শ ইঞ্জিনেৰে তেওঁলোকে অতি সোনকালে এডভান্স সংস্কৰণ অৰ্থাৎ এনচিএছ ২.০ মুকলি কৰিব।

আত্মনিৰ্ভৰ ভাৰত ৰোজগাৰ যোজনা (ABRY) হৈছে কোভিড-১৯ মহামাৰীৰ আৰ্থ-সামাজিক কম্পেক্ট নূন্যতম কৰাৰ বাবে কৰ্মসংস্থাপন বৃদ্ধিৰ পদক্ষেপ। ২০২৩ চনৰ ০৫ ডিচেম্বৰলৈকে এ বি আৰ ৱাইৰ অধীনত ১,৫২,৪৯৯টা প্ৰতিষ্ঠানৰ জৰিয়তে ৬০.৪৮ লাখ হিতাধিকাৰীক ১০,০৪৩.০২ কোটি টকা প্ৰদান কৰা হৈছে।

কৰ্মচাৰী ৰাজ্যিক বীমা নিগমে ১৬১খন চিকিৎসালয় আৰু ১৫৭৪খন ডিস্পেঞ্চেৰীৰ নেটৱৰ্কৰে লাক্ষাদ্বীপকে ধৰি ৬১১খন জিলালৈ নিজৰ কভাৰেজ যথেষ্ট সম্প্ৰসাৰণ কৰিছে।

১২ কোটিতকৈ অধিক হিতাধিকাৰীক সামাজিক সুৰক্ষা প্ৰদান কৰি বীমাকৃত ব্যক্তিৰ সংখ্যা ৩.৭২ কোটিৰো অধিকলৈ বৃদ্ধি পাইছে। ২০২৩ চনৰ মেমাহৰ পৰা ই এছ আই চিয়ে সমগ্ৰ দেশতে ১০০খন বা তাতকৈ অধিক বিচনা থকা ৩৮খন চিকিৎসালয়ত কেমোথেৰাপি সেৱা আৰম্ভ কৰিছে।

ই এছ আই চিয়ে সক্ৰিয়ভাৱে চিকিৎসা আন্তঃগাঁথনি উন্নত কৰি আছে, চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৮খনলৈ বৃদ্ধি পাইছে, এম বি বি এছৰ আসন ৯৫০খনলৈ বৃদ্ধি পাইছে, আৰু এম ডি/এম এছৰ আসন ২৭৫খনলৈ বৃদ্ধি পাইছে।

প্ৰতিৰোধমূলক স্বাস্থ্যৰ বাবে ই এছ আই চিয়ে জনস্বাস্থ্য ইউনিট স্থাপন কৰিছে আৰু বৃত্তিগত ৰোগৰ মেপিঙৰ কাম হাতত লৈছে। ৫জি এম্বুলেন্স সেৱা আৰম্ভ কৰাত ৰোগীৰ চিকিৎসালয়লৈ যোৱাৰ পথৰ উন্নত তথ্য পোৱা যায়।

কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেচন (ইপিএফঅ’) সংস্কাৰৰ ভিতৰত স্বচ্ছ কম্পিউটাৰ-উৎপাদিত পৰিদৰ্শন ব্যৱস্থা, -পাছবুক প্ৰৱৰ্তন, উমংগৰ সৈতে অনবৰ্ডিং, প্ৰশাসনিক চাৰ্জ হ্ৰাস, সৰলীকৃত মাহেকীয়া ইলেক্ট্ৰনিক চেলান কম ৰিটাৰ্ণ আদি অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও ইপিএফঅই ২৪ কোটিৰো অধিক একাউণ্টত ৮.১৫% সুত দিছে।

ভাৰতৰ ৬৯২খন জিলাৰ আটাইকেইখন জিলাতে ২০২৩ চনৰ ২৭ জানুৱাৰীত সংস্থাটোৱে নিধি আপকে নিকট ২.০ কাৰ্যসূচী আৰম্ভ কৰে। প্ৰতিটো ইপিএফঅকাৰ্যালয়ে প্ৰতি মাহৰ ২৭ তাৰিখে জিলা পৰ্যায়ত আউটৰিচ কাৰ্যসূচী অনুষ্ঠিত কৰে।

আনহাতে, ভাৰত জি-২০ অধ্যক্ষতাৰ অধীনত, শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে বিভাজিত পৰ্যায়ত মুঠ ৭৫+ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰে।

২০২৩ চনৰ ০৯-১০ ছেপ্টেম্বৰত নতুন দিল্লীত জি-২০ নেতাৰ সন্মিলন অনুষ্ঠিত হয় আৰু জি-২০ নতুন দিল্লী নেতা ঘোষণাপত্ৰ (এনডিএলডি) সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰি ইয়াৰ সামৰণি পৰে।

কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন, মন্ত্ৰী শ্ৰী ভূপেন্দৰ যাদৱে ১৭-১১-২০২৩ তাৰিখে শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ অধীনত বিভিন্ন সংস্থাৰ অভিসৰণৰ ওপৰত এখন হাতপুথি প্ৰকাশ কৰে। এই হাতপুথিত আছে, ক্ষেত্ৰ পৰ্যায়ত অভিসৰণ লাভৰ বাবে মানক পৰিচালনা পদ্ধতি (এছ অপি)সমূহৰ জৰিয়তে মন্ত্ৰালয় আৰু ইয়াৰ সংস্থাসমূহৰ বিভিন্ন সেৱাৰ উপলব্ধতাৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰা, তথ্য বিনিময়, শ্ৰমিকৰ অভিযোগ নিৰাময় আৰু সহযোগিতামূলক প্ৰচেষ্টা গঢ়ি তোলা।

ইফালে, ২০২২-২৩ বিত্তীয় বৰ্ষৰ আৰম্ভণিতে এম অএল ইৰ ৯৫টা বাকী থকা অডিট পৰিদৰ্শন পেৰা আছিল। ইয়াৰ উপৰিও, ডিজি (অডিট টিম)ৰ সৈতে দুখন কৰ্মশালাৰ আয়োজন কৰা হয়, যাৰ ফলত ৯৫টা (৮৮%) বাকী থকা পৰিদৰ্শন পেৰাৰ ভিতৰত ৮৪টা পেৰা নিষ্পত্তি কৰিব পৰা গল। সকলো বাকী থকা ইউ চি ট্ৰেচ কৰা হয় পি এ অৰ ৰেকৰ্ডৰ পৰা। ইয়াৰ উপৰিও, ৰাষ্ট্ৰীয় শিশু শ্ৰমিক প্ৰকল্পৰ (এনচিএলপি) ইউচিসমূহৰ বাবে  ১১৭.৪৩ কোটি টকাৰ ইউচি নিষ্পত্তি অভিযান গ্ৰহণ কৰা হয়। ফলত, ২৮% বাকী থকা ইউচি মিলন ঘটে।

ডিচেম্বৰ, ২০২২ চনত মুঠ ১৭৫ পেৰা বাকী আছিল, ইয়াৰে ৯৬ পেৰা (৫৪.৮৬%) কলকাতা জনত নিষ্পত্তি কৰা হৈছে আৰু বাকীবোৰৰ উত্তৰ দিয়া হৈছে। বৰ্তমানৰ বিত্তীয় বৰ্ষত, ১৫৮টা পৰিদৰ্শন পেৰা লাভ কৰা হৈছে, ইয়াৰে ৬৬টা পেৰা (৪১.৭৭%) নিষ্পত্তি কৰা হৈছে আৰু বাকী পেৰাৰ উত্তৰ প্ৰদান কৰা হৈছে।

২০২৩-২৪ বিত্তীয় বৰ্ষৰ আৰম্ভণিতে, লক্ষ্ণৌ মণ্ডলত মুঠ ১৪৬টা পেৰা বাকী আছিল, ইয়াৰে ৩৫টা পেৰা (২৩.৯৭%) নিষ্পত্তি কৰা হৈছে আৰু বাকীবোৰৰ উত্তৰ দিয়া হৈছে আৰু ৩৪টা পেৰা অডিট কৰা কাৰ্যালয়ৰ সৈতে জড়িত নাছিল।



(Release ID: 1990299) Visitor Counter : 48