মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়
বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অধীনত মহিলা আৰু শিশুকল্যাণ মন্ত্ৰালয়ৰ বিভিন্ন আঁচনিত ৬৩ হাজাৰৰো অধিক তাৎক্ষণিক পঞ্জীয়ন
‘সুস্থ বালক স্পৰ্ধা’ত ৫৭ হাজাৰৰো অধিক শিশুৰ অংশগ্ৰহণ
प्रविष्टि तिथि:
20 DEC 2023 12:17PM by PIB Guwahati
বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অধীনত মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ৰ বিভিন্ন আঁচনিত ৬৩ হাজাৰৰো অধিক লোকে পঞ্জীয়ন কৰিছে। বিকশিত ভাৰত সংকল্প যাত্ৰাই শিশুসকলৰ সক্ৰিয় অংশগ্ৰহণেৰে এক সুস্থ ভৱিষ্যত গঢ়াৰ উদ্যোগ লৈছে। শিশুৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যা সন্দৰ্ভত বিভিন্ন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত সজাগতা অভিযানৰ আয়োজন কৰা হৈছে। অভিযান আৰম্ভ হোৱাৰ পৰাই ৫৭ হাজাৰতকৈ অধিক শিশুৱে ‘সুস্থ বালক স্পৰ্ধা’ত অংশগ্ৰহণ কৰিছে।

এই অংশগ্ৰহণ কৰা লোকৰ আধা সংখ্যকেই আছিল মহিলা। এই যাত্ৰাত তেওঁলোকৰ উন্নয়ন আৰু সৱলীকৰণৰ প্ৰচেষ্টাক বিশেষ গুৰুত্ব দিয়া হৈছে।

বিকশিত ভাৰত সংকল্প যাত্ৰাত মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। মন্ত্ৰালয়ৰ উদ্যোগত ‘মেৰী কাহানী মেৰী জুবানী (EMKMZ)’ শীৰ্ষক এক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে য’ত প্ৰতিখন গাঁৱৰ হিতাধিকাৰীসকলে নিজৰ অভিজ্ঞতা আৰু জীৱনত অংগনবাড়ী সেৱাৰ প্ৰভাৱৰ বিষয়ে ভাগ-বতৰা কৰি আছে।
***
SS/TFK/AR
(रिलीज़ आईडी: 1989130)
आगंतुक पटल : 124