মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দ্বিতীয় পৰ্যায়ৰ কাশী তামিল সংগমম উদ্বোধন কৰিব

Posted On: 16 DEC 2023 11:58AM by PIB Guwahati

এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১৭ ডিচেম্বৰত নমো ঘাটত কাশী তামিল সংগমম ২০২৩ উদ্বোধন কৰিব। এই উপলক্ষে, প্ৰধানমন্ত্ৰীয়ে কন্যাকুমাৰী-বাৰানসী তামিল সংগমম ৰে’লখনকো ফ্লেগ অফ কৰিব। কাৰ্যসূচীত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল; কেন্দ্ৰীয় শিক্ষা আৰু দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান; উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ; আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকিব।

২০২৩ চনৰ ১৭ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ পৱিত্ৰ নগৰ কাশী (বাৰানসী)ত দ্বিতীয় পৰ্যায়ৰ কাশী তামিল সংগমম আৰম্ভ হ’ব। ২০২৩ চনৰ ১৫ ডিচেম্বৰত চেন্নাইৰ পৰা তামিল প্ৰতিনিধি দলৰ প্ৰথমটো গোট ৰাওনা হৈছে। তামিলনাডুৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন স্তৰক প্ৰতিনিধিত্ব কৰা প্ৰায় ১৪০০ লোকে (২০০ জনকৈ ৭টা গোট) ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। কাশীত থকা সময়ছোৱাত তেওঁলোকে ভ্ৰমণসূচী অনুসৰি প্ৰয়াগৰাজ আৰু অযোধ্যাও ভ্ৰমণ কৰিব।

ছাত্ৰ (গংগা), শিক্ষক (যমুনা), পেছাদাৰী (গোদাবৰী), আধ্যাত্মিক লোক (সৰস্বতী), কৃষক আৰু কাৰিকৰ (নৰ্মদা), লেখক (সিন্ধু) আৰু ব্যৱসায়ী (কাবেৰী)ৰ ৭টা গোটৰ নাম ভাৰতৰ সাতখন পৱিত্ৰ নদীৰ নামেৰে নামকৰণ কৰা হৈছে আৰু এই গোটসমূহে চেন্নাই, কইম্বাটুৰ আৰু কন্যাকুমাৰীৰ পৰা কাশীলৈ যাত্ৰা কৰিব। ২০২৩ চনৰ ৮ ডিচেম্বৰত সমাপ্ত হোৱা পঞ্জীয়নৰ সময়ছোৱাত ৪২ হাজাৰতকৈ অধিক পঞ্জীয়ন লাভ কৰা হয়। ইয়াৰ ভিতৰত বাছনি সমিতিৰ দ্বাৰা প্ৰতিটো গোটৰ বাবে ২০০জন লোকক বাছনি কৰা হয়।

ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয় এই অনুষ্ঠানৰ বাবে ন’ডেল এজেন্সী হ’ব। ইয়াৰ উপৰিও উত্তৰ প্ৰদেশ চৰকাৰৰ সাংস্কৃতিক, পৰ্যটন, ৰে’লৱে, বস্ত্ৰশিল্প, খাদ্য প্ৰক্ৰিয়াকৰণ (অ’ডিঅ’পি), এমএছএমই, তথ্য আৰু সম্প্ৰচাৰ, দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ, আইআৰচিটিচি আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ আনুষংগিক বিভাগসমূহেও অংশগ্ৰহণ কৰিব। প্ৰথম পৰ্যায়ৰ অভিজ্ঞতাক লাভৱান কৰি গৱেষণাৰ ক্ষেত্ৰত তেওঁলোকৰ সুনাম বিবেচনা কৰি তামিলনাডুৰ আই আই টি মাদ্ৰাজ আৰু উত্তৰ প্ৰদেশৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ে কাৰ্যকৰী সংস্থা হিচাপে কাম কৰিব।

প্ৰতিনিধি ভ্ৰমণসূচীত ২ দিনীয়া বাহিৰৰ ভ্ৰমণ, ২ দিনীয়া বেনাৰসলৈ ঘূৰি অহা যাত্ৰা আৰু ১ দিনীয়াকৈ প্ৰয়াগৰাজ আৰু অযোধ্যা ভ্ৰমণৰ ব্যৱস্থা থাকিব। তামিলনাডু আৰু কাশীৰ শিল্প আৰু সংস্কৃতি, হস্ততাঁত, হস্তশিল্প, খাদ্য আৰু অন্যান্য বিশেষ সামগ্ৰী প্ৰদৰ্শন কৰা ষ্টল স্থাপন কৰা হ’ব। কাশীৰ নমো ঘাটতো তামিলনাডু আৰু কাশীৰ সংস্কৃতিৰ সৈতে জড়িত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ’ব। অনুষ্ঠানৰ সমগ্ৰ সময়ছোৱাত জ্ঞানৰ বিভিন্ন দিশ যেনে সাহিত্য, প্ৰাচীন গ্ৰন্থ, দৰ্শন, আধ্যাত্মিকতা, সংগীত, নৃত্য, নাটক, যোগ, আয়ুৰ্বেদ, হস্ততাঁত, হস্তশিল্পৰ লগতে উদ্ভাৱন, ব্যৱসায়িক বিনিময়, এডটেক আৰু অন্যান্য পৰৱৰ্তী প্ৰজন্মৰ আলোচনা চক্ৰ, আধুনিক প্ৰযুক্তিৰ ওপৰত আলোচনা, বক্তৃতা আদিৰ আয়োজন কৰা হ’ব। ইয়াৰ উপৰিও বিভিন্ন শাখা/পেছাৰ বিশেষজ্ঞ আৰু পণ্ডিত, তামিলনাডু আৰু কাশীৰ স্থানীয় অনুশীলনকাৰীসকলেও এই আদান-প্ৰদানত অংশগ্ৰহণ কৰিব যাতে বিভিন্ন ক্ষেত্ৰত পাৰস্পৰিক শিক্ষণৰ পৰা ব্যৱহাৰিক জ্ঞান/উদ্ভাৱনৰ এটা গোট ওলাই আহিব পাৰে।

কাশী তামিল সংগমমৰ প্ৰথম পৰ্যায় ২০২২ চনৰ ১৬ নৱেম্বৰৰ পৰা ১৬ ডিচেম্বৰলৈ আয়োজন কৰা হৈছিল, য’ত শিক্ষা মন্ত্ৰালয়ে ন’ডেল এজেন্সী হিচাপে কাম কৰিছিল। জীৱনৰ ১২টা ভিন ভিন ক্ষেত্ৰৰ প্ৰতিনিধিত্ব কৰা তামিলনাডুৰ ২৫০০ৰো অধিক লোকে ৪-দিনীয়া ভ্ৰমণত কাশী, প্ৰয়াগৰাজ আৰু অযোধ্যা ভ্ৰমণ কৰে, যিখিনি সময়ত তেওঁলোকে বাৰাণসী আৰু আশে-পাশে থকা জীৱনৰ বিভিন্ন পদক্ষেপৰ গভীৰ অভিজ্ঞতা অৰ্জন কৰাৰ সুযোগ লাভ কৰে।

**********

 

SS/AK



(Release ID: 1987672) Visitor Counter : 50