কেবিনেট
azadi ka amrit mahotsav

ডিজিটাইজেচন আৰু ইলেক্ট্ৰনিক মেনুফেক্সাৰিঙৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে ভাৰত আৰু ছৌদি আৰৱৰ মাজত স্বাক্ষৰিত সহযোগিতাৰ চুক্তিত কেবিনেটৰ অনুমোদন

प्रविष्टि तिथि: 15 DEC 2023 7:36PM by PIB Guwahati

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটত, ডিজিটাইজেচন আৰু ইলেক্ট্ৰনিক মেনুফেক্সাৰিঙৰ ক্ষেত্ৰত সহযোগিতা সন্দৰ্ভত, ভাৰত গণৰাজ্যৰ ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় আৰু ছৌদি আৰৱৰ যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ মাজত ১৮ আগষ্ট, ২০২৩ত স্বাক্ষৰিত সহযোগিতাৰ চুক্তি (MoC) সম্পৰ্কে অৱগত কৰা হয়।

এই সহযোগিতাৰ চুক্তিয়ে ডিজিটাইজেচন, ইলেক্ট্ৰনিক মেনুফেক্সাৰিং, ই-গভৰ্নেন্স, স্মাৰ্ট আন্তঃগাঁথনি, ই-স্বাস্থ্য আৰু ই-শিক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ সুদৃঢ়কৰণ, ডিজিটেল উদ্ভাৱনত গৱেষণা আৰু কৃত্ৰিম বুদ্ধিমত্তা (AI), ইন্টাৰনেট অৱ থিংছ (IoT), ৰবট, ক্লাউড কম্পিউটিং আৰু ব্লকচেইন আদিৰ দৰে উদীয়মান প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত অংশীদাৰিত্বক প্ৰোৎসাহিত কৰিব। এই চুক্তিয়ে ডিজিটাইজেচন আৰু ইলেক্ট্ৰনিক মেনুফেক্সাৰিঙৰ ক্ষেত্ৰত সহযোগিতাৰ কাঠামো স্থাপন কৰিব তথা ভাৰত আৰু ছৌদি আৰৱৰ মাজত অংশীদাৰিত্ব স্থাপন কৰিব।

এই চুক্তিৰ লক্ষ্য হৈছে ডিজিটাইজেচন আৰু ইলেক্ট্ৰনিকছ উৎপাদনত ই-টিচিং, ই-লাৰ্নিং আৰু বিনিময় কাৰ্য্যসূচীৰ জৰিয়তে উদ্ভাৱনীমূলক প্ৰশিক্ষণ আৰু বিকাশৰ উপায়সমূহক প্ৰোৎসাহিতকৰণ আৰু সামৰ্থ্য বিকাশ তথা অধিক দক্ষ তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ পেছাদাৰীসকলৰ অংশগ্ৰহণৰ বাবে যৌথ প্ৰশিক্ষণ কাৰ্য্যসূচীৰ প্ৰশস্তকৰণ, লঘু আৰু মজলীয়া উদ্যোগক (SME) সুদৃঢ়কৰণ আৰু প্ৰযুক্তি ষ্টাৰ্ট-আপৰ ব্যৱসায়িক ত্বৰক, ভেঞ্চাৰ কেপিটেল আৰু ইনকিউবেটৰৰ তথ্যৰ আদান-প্ৰদানেৰে ষ্টাৰ্ট-আপ বাতাবৰণ গঢ়ি তোলা, যিয়ে পৰোক্ষভাৱে দুয়োপক্ষৰ বাবে নিয়োগৰ সুযোগ সৃষ্টি কৰিব।

এই মন্ত্ৰালয়ৰ অধীনত সহযোগিতামূলক কাৰ্য্যসূচীসমূহে আত্মনিৰ্ভৰ ভাৰতৰ পৰিকল্পিত লক্ষ্যৰ অবিচ্ছেদ্য অংগ ডিজিটাইজেচন আৰু ইলেক্ট্ৰনিক উৎপাদনৰ ক্ষেত্ৰত সহযোগিতাক প্ৰোৎসাহিত কৰিব।

*****

DS/SB


(रिलीज़ आईडी: 1986953) आगंतुक पटल : 137
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam