কেবিনেট

ভাৰত আৰু তাঞ্জানিয়াৰ মাজত ডিজিটেল ৰূপান্তৰৰ বাবে জনসংখ্যা মাত্ৰাত সফল ডিজি়টেল সমাধান কাৰ্যকৰী কৰাৰ সন্দৰ্ভত স্বাক্ষৰিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন

Posted On: 15 DEC 2023 7:38PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰতৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় আৰু তাঞ্জানিয়াৰ তথ্য, জনসংয়োগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ মাজত ০৯ অক্টোবৰ, ২০২৩ত ডিজিটেল ৰূপান্তৰৰ বাবে জনসংখ্যা মাত্ৰাত সফল ডিজি়টেল সমাধান কাৰ্যকৰী কৰাৰ সন্দৰ্ভত স্বাক্ষৰিত বুজাবুজি চুক্তিত অনুমোদন জনাইছে।

এই বুজাবুজি চুক্তিখনৰ উদ্দেশ্য হৈছে দুয়োখন দেশৰ ডিজিটেল ৰূপান্তৰমূলক পদক্ষেপ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অধিক ঘনিষ্ঠ সহযোগিতা আৰু অভিজ্ঞতাৰ বিনিময়, ডিজিটেল প্ৰযুক্তিভিত্তিক সমাধানৰ প্ৰসাৰ ঘটোৱা। 

ইয়াৰ জৰিয়তে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই)ৰ ক্ষেত্ৰত জিটুজি আৰু বিটুবি দুয়োটা দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰা হ’ব। এই বুজাবুজি চুক্তিত চিন্তা কৰা কাৰ্য্যকলাপসমূহৰ বিত্তীয় সাহায্য ইয়াৰ প্ৰশাসনৰ নিয়মীয়া পৰিচালন ব্যৱস্থাৰ জৰিয়তে আগবঢ়োৱা হ’ব।

বুজাবুজি চুক্তিখনে তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত নিয়োগৰ সুযোগ বৃদ্ধিত সহযোগিতা আগবঢ়াব।

****

DS/DB



(Release ID: 1986942) Visitor Counter : 67