প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ডেৰাডুনত উত্তৰাখণ্ড গ্ল’বেল ইনভেষ্টৰ্ছ ছামিট ২০২৩ৰ উদ্বোধনত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

Posted On: 08 DEC 2023 3:34PM by PIB Guwahati

উত্তৰাখণ্ডৰ ৰাজ্যপাল শ্ৰী গুৰমীত সিং জী, ইয়াৰ জনপ্ৰিয় আৰু যুৱ মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামী, চৰকাৰৰ মন্ত্ৰীগণ, বিভিন্ন দেশৰ প্ৰতিনিধিগণ, উদ্যোগ জগতৰ বিশিষ্ট ব্যক্তিসকল, ভদ্ৰমহিলা আৰু সজ্জনসকল!

 

দেৱভূমি উত্তৰাখণ্ডলৈ অহাৰ পিছত মন ধন্য হৈ পৰে। কেইবছৰমান আগতে যেতিয়া মই বাবা কেদাৰ ভ্ৰমণ কৰিবলৈ ওলাইছিলো, তেতিয়া হঠাতে মোৰ মুখৰ পৰা ওলাই আহিছিল যে একবিংশ শতিকাৰ এই তৃতীয় দশকটো, উত্তৰাখণ্ডৰ দশক। আৰু মোৰ আনন্দ যে মোৰ সেই বক্তব্যটো মই অহৰহ কাৰ্যকৰী হোৱা দেখিবলৈ পাইছোঁ। আপোনালোক সকলোৱেও এই গৌৰৱত যোগদান কৰাৰ বাবে, উত্তৰাখণ্ডৰ বিকাশ যাত্ৰাত যোগদান কৰাৰ এক বৃহৎ সুযোগ লাভ কৰিছে। যোৱা দিনবোৰত, উত্তৰকাশীত সুৰংগৰ পৰা আমাৰ শ্ৰমিক ভাইসকলক সুৰক্ষিতভাৱে উদ্ধাৰৰ বাবে যি সফল অভিযান চলোৱা হৈছিল, তাৰ বাবে মই ৰাজ্য চৰকাৰকে ধৰি সকলোকে বিশেষ অভিনন্দন জনাইছোঁ।

 

বন্ধুসকল,

 

উত্তৰাখণ্ড সেই ৰাজ্য, ত আপুনি Divinity আৰু Development দুয়োটাকে একেলগে অনুভৱ কৰে, আৰু মই উত্তৰাখণ্ডৰ ভাৱনা আৰু সম্ভাৱনা নিবিড়ভাৱে দেখিছোঁ, মই সেয়া জীয়াইছো আৰু অনুভৱ কৰিছোঁ। এটা কবিতা মোৰ মনত আছে, যিটো মই উত্তৰাখণ্ডৰ বাবে কৈছিলোঁ-

 

जहाँ अंजुली में गंगा जल हो,

 

जहाँ हर एक मन बस निश्छल हो,

 

जहाँ गाँव-गाँव में देशभक्त हो,

 

जहाँ नारी में सच्चा बल हो,

 

उस देवभूमि का आशीर्वाद लिए मैं चलता जाता हूं!

 

इस देव भूमि के ध्यान से ही, मैं सदा धन्य हो जाता हूँ।

 

है भाग्य मेरा, सौभाग्य मेरा, मैं तुमको शीश नवाता हूँ"

 

বন্ধুসকল,

 

সামৰ্থ্যৰে ভৰা এই দেৱভূমিয়ে নিশ্চিতভাৱে আপোনালোকৰ বাবে বহু বিনিয়োগৰ দুৱাৰ মুকলি কৰিবলৈ গৈ আছে। আজি ভাৰতে বিকাশো আৰু ঐতিহ্যও যি দুয়োটা মন্ত্ৰৰে আগবাঢ়িছে তাৰ উজ্জ্বল নিদৰ্শন আজি উত্তৰাখণ্ড।

 

বন্ধুসকল,

 

আপোনালোক সকলো ব্যৱসায়ৰ জগতখনৰ কিংবদন্তি। আৰু যিসকল মানুহ ব্যৱসায়িক জগতত আছে, তেওঁলোকে নিজৰ কামৰ SWOT বিশ্লেষণ কৰে। আপোনালোকৰ কোম্পানীৰ শক্তি কি, ইয়াৰ দুৰ্বলতা কি, সুযোগ কি আৰু প্ৰত্যাহ্বান কি, আৰু সেইটো মূল্যায়ন কৰি আপোনালোকে পৰৱৰ্তী ৰণকৌশল তৈয়াৰ কৰে। এখন ৰাষ্ট্ৰ হিচাপে আজি আমি ভাৰতৰ ওপৰত একেধৰণৰ SWOT বিশ্লেষণ যদি কৰোঁ তেন্তে আমি কি পাম? আমি চাৰিওফালে আকাংক্ষা, আশা, আত্মবিশ্বাস, উদ্ভাৱন আৰু সুযোগ দেখিম। আপোনালোকে আজি দেশত নীতি পৰিচালিত শাসন ব্যৱস্থা দেখিব। আপোনালোকে আজি ৰাজনৈতিক স্থিতিশীলতাৰ বাবে দেশবাসীৰ প্ৰবল আগ্ৰহ দেখিব। আকাংক্ষী ভাৰতে আজি অস্থিৰতা নিবিচাৰে, সুস্থিৰ চৰকাৰ বিচাৰে। শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনতো আমি এই কথা দেখিছোঁ। আৰু উত্তৰাখণ্ডৰ ৰাইজে ইতিমধ্যে কৰি দেখুৱাইছে। জনতাই সুস্থিৰ আৰু শক্তিশালী চৰকাৰৰ বাবে জনাদেশ দিছে। জনসাধাৰণে সুশাসনৰ পক্ষত ভোট দিলে, শাসনৰ ট্ৰেক ৰেকৰ্ডৰ ভিত্তিত ভোট দিলে। আজি বিশ্বই ভাৰত আৰু ভাৰতীয়সকলক যি আশা আৰু সন্মানেৰে চাই আছে, আৰু এতিয়া সকলো উদ্যোগ জগতৰ লোকেও এই কথা উল্লেখ কৰিছে। প্ৰতিজন ভাৰতীয়ই ইয়াক এটা দায়িত্ব হিচাপে লৈছে। প্ৰতিজন দেশবাসীয়ে অনুভৱ কৰে যে এখন উন্নত ভাৰতৰ নিৰ্মাণ তেওঁলোকৰ নিজৰ দায়িত্ব, সেয়া প্ৰতিজন দেশবাসীৰ দায়িত্ব। এই আত্মবিশ্বাসৰ ফলতে কৰোণা মহাসংকট আৰু যুদ্ধৰ সংকটৰ মাজতো ভাৰত ইমান দ্ৰুতগতিত বিকশিত হৈছে। আপোনালোকে দেখিছে যে কৰোণা ভেকচিন হওক বা অৰ্থনৈতিক নীতি হওক, ভাৰতে নিজৰ নীতি আৰু সামৰ্থ্যৰ ওপৰত বিশ্বাস কৰিলে। সেইবাবেই আজি ভাৰত আন বৃহৎ অৰ্থনীতিৰ তুলনাত বেলেগ লীগত থকা যেন দেখা গৈছে। উত্তৰাখণ্ডকে ধৰি দেশৰ প্ৰতিখন ৰাজ্যই ৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ এই শক্তিৰ দ্বাৰা উপকৃত হৈছে।

 

বন্ধুসকল,

 

এনে পৰিস্থিতিত উত্তৰাখণ্ড এইবাবেও বিশেষ আৰু স্বাভাৱিক হৈ পৰে কাৰণ ইয়াত ডবল ইঞ্জিন চৰকাৰ আছে। উত্তৰাখণ্ডত ডবল ইঞ্জিন চৰকাৰৰ ডবল প্ৰচেষ্টা চাৰিওফালে দেখা গৈছে। ৰাজ্য চৰকাৰে নিজৰ ফালৰ পৰা ভূমিগত বাস্তৱতালৈ লক্ষ্য কৰি ইয়াত দ্ৰুতগতিত কাম কৰি আছে। ইয়াৰ বাহিৰেও ইয়াৰ চৰকাৰে ভাৰত চৰকাৰৰ আঁচনি আৰু আমাৰ দৃষ্টিভংগী সমানে ক্ষীপ্ৰতাৰে ৰূপায়ণ কৰে। আপুনি চাওক, আজি ভাৰত চৰকাৰে একবিংশ শতিকাৰ আধুনিক কানেক্টিভিটিৰ আন্তঃগাঁথনিৰ ওপৰত উত্তৰাখণ্ডত অভূতপূৰ্ব বিনিয়োগ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰচেষ্টাৰ মাজতে ৰাজ্য চৰকাৰেও পূৰ্ণ শক্তিৰে ক্ষুদ্ৰ চহৰ আৰু গাঁওবোৰক সংযোগৰ বাবে কাম কৰি আছে। আজি উত্তৰাখণ্ডত গাঁৱৰ পথ হওক বা চাৰধাম ঘাইপথৰ কাম অভূতপূৰ্ব গতিৰে চলি আছে। সেই দিন দূৰৈত নাই যেতিয়া দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱেৰে দিল্লী-ডেৰাডুনৰ মাজৰ দূৰত্ব আঢ়ৈ ঘণ্টা হবলৈ গৈ আছে। ডেৰাডুন আৰু পণ্টনগৰৰ বিমানবন্দৰ সম্প্ৰসাৰণৰ লগে লগে বিমান সংযোগ শক্তিশালী হব। ইয়াৰ চৰকাৰে ৰাজ্যৰ ভিতৰতে হেলি-টেক্সি সেৱা সম্প্ৰসাৰণ কৰিছে। ঋষিকেশ-কৰ্ণপ্ৰয়াগ, এই ৰে'ল লাইনেৰে ইয়াত ৰে'ল সংযোগ শক্তিশালী হ'ব। আধুনিক সংযোগে জীৱনক সহজ কৰি তোলাই নহয়, ব্যৱসায়ো সহজ কৰি তুলিছে। ইয়াৰ জৰিয়তে খেতি হওক বা পৰ্যটন হওক, প্ৰতিটো খণ্ডৰ বাবে নতুন নতুন সম্ভাৱনা মুকলি হৈছে। লজিষ্টিক হওক, ষ্টৰেজ হওক, ট্যুৰ-ট্ৰেভেল হওক আৰু আতিথ্যই হওক, ইয়াৰ বাবে ইয়াত নতুন নতুন পথৰ সৃষ্টি কৰা হৈছে। আৰু প্ৰতিটো নতুন পথে প্ৰতিজন বিনিয়োগকাৰীৰ বাবে এক সোণালী সুযোগ কঢ়িয়াই আনিছে।

 

বন্ধুসকল,

 

পূৰ্বৰ চৰকাৰসমূহৰ দৃষ্টিভংগী আছিল যে যিবোৰ অঞ্চল সীমান্তত আছে সেইবোৰ এনেদৰে ৰাখিব লাগে যাতে প্ৰৱেশ ন্যূনতম হয়। ডবল ইঞ্জিন চৰকাৰে এই চিন্তাধাৰাৰো সলনি কৰিছে। আমি সীমান্তৰ গাঁওবোৰক শেষ গাঁও নহয়, বৰং দেশৰ প্ৰথম গাঁও হিচাপে গঢ়ি তোলাত নিয়োজিত হৈ আছোঁ। আমি আকাংক্ষিত জিলা কাৰ্যসূচী আৰম্ভ কৰিলোঁ, এতিয়া আমি আকাংক্ষিত ব্লক কাৰ্যসূচী চলাই আছোঁ। এনে গাঁও, এনে অঞ্চল যি উন্নয়নৰ প্ৰতিটো দিশতে পিছপৰি আছিল, সেইবোৰ আগুৱাই অনা হৈছে। অৰ্থাৎ উত্তৰাখণ্ডত প্ৰতিজন বিনিয়োগকাৰীৰ বাবে বহুত অনাবৃত সম্ভাৱনা আছে, যাৰ সৰ্বোচ্চ সুবিধা আপুনি লব পাৰে।

 

বন্ধুসকল,

 

ডবল ইঞ্জিন চৰকাৰৰ অগ্ৰাধিকাৰৰ পৰা উত্তৰাখণ্ডে কিদৰে দুগুণ লাভ পাইছে তাৰ এটা উদাহৰণ পৰ্যটন খণ্ডও। আজি ভাৰতক চাবলৈ ভাৰতীয় আৰু বিদেশী উভয়ৰে মাজত অভূতপূৰ্ব উৎসাহ বিৰাজ কৰিছে। আমি সমগ্ৰ দেশতে থিম ভিত্তিক পৰ্যটন চাৰ্কিট প্ৰস্তুত কৰি আছোঁ। এই প্ৰচেষ্টা হৈছে যে ভাৰতৰ প্ৰকৃতি আৰু ঐতিহ্য দুয়োটাৰে সৈতে বিশ্ববাসীক পৰিচয় কৰাই দিয়া। এই অভিযানত উত্তৰাখণ্ড পৰ্যটনৰ এক শক্তিশালী ব্ৰেণ্ড হিচাপে আত্মপ্ৰকাশ কৰিবলৈ ওলাইছে। ইয়াত প্ৰকৃতি, সংস্কৃতি, ঐতিহ্য সকলো আছে। ইয়াত যোগ, আয়ুৰ্বেদ, তীৰ্থযাত্ৰা, দুঃসাহসিক ক্ৰীড়া আদি সকলো ধৰণৰ সম্ভাৱনা আছে। এই সম্ভাৱনাসমূহ অন্বেষণ কৰি সুযোগলৈ ৰূপান্তৰ কৰাটো নিশ্চিতভাৱে আপোনালোকৰ দৰে সহকৰ্মীসকলৰ অগ্ৰাধিকাৰ হব লাগে। আৰু মই আৰু এটা কথা কব বিচাৰিছোঁ, হয়তো ইয়ালৈ অহা লোকসকলে ভাল পাব পাৰে বা বেয়া অনুভৱ কৰিব পাৰে, কিন্তু ইয়াত কিছুমান মানুহ আছে যাৰ জৰিয়তে মই তেওঁলোকক বাৰ্তাটো প্ৰেৰণ কৰিব লাগিব, কিন্তু তেওঁলোকৰ জৰিয়তে মই সেইসকললৈও বাৰ্তাটো প্ৰেৰণ কৰিব লাগিব যিসকল ইয়াত নাই। বিশেষকৈ দেশৰ ধনী শেঠসকলক এই কথা কব বিচাৰিছোঁ, ধনী মানুহক এই কথা কব বিচাৰিছোঁ। মিলিয়নেয়াৰ-বিলিয়নেয়াৰক কব বিচাৰিছোঁ। আমাৰ ইয়াত বিশ্বাস কৰা হয় আৰু কোৱা হয় যে বিয়া হোৱা দম্পতীক ভগৱানে সৃষ্টি কৰে। এই দম্পতীক ভগৱানে নিৰ্ণয় কৰে। মই বুজিব পৰা নাই যে যেতিয়া ভগৱানে দম্পতীক সৃষ্টি কৰি আছে, তেতিয়া দম্পতীয়ে কিয় ঈশ্বৰৰ চৰণলৈ অহাৰ পৰিৱৰ্তে বিদেশত জীৱনৰ যাত্ৰা কিয় কৰে। আৰু মই বিচাৰোঁ মোৰ দেশৰ যুৱক-যুৱতীসকলে মেক ইন ইণ্ডিয়া যেনেকুৱা, তেনেকুৱাই এটা আন্দোলন চলিব লাগে, ৱেডিং ইন ইণ্ডিয়া। বিয়া হিন্দুস্তানত কৰাওক। এয়া পৃথিৱীৰ দেশবোৰত বিয়া কৰোৱাৰ এই আমাৰ সকলো ধনী শেঠৰ আজিকালিৰ ফেশ্বন হৈ পৰিছে। ইয়াত বহু লোক নিশ্চয় বহি আছে নিচ যেন ভাবে চাগৈ। আৰু মই বিচাৰিম যে আপোনালোকে কিবা বিনিয়োগ কৰিব পাৰক বা নোৱাৰক, বাদ দিয়ক, হয়তো সকলোৱে নকৰে। অন্ততঃ অহা ৫ বছৰত আপোনাৰ পৰিয়ালৰ এখন ডেষ্টিনেশ্যন বিয়া উত্তৰাখণ্ডত কৰক। যদি এবছৰত ইয়াত পাঁচ হাজাৰ বিয়াও হবলৈ আৰম্ভ কৰে তেন্তে নতুন আন্তঃগাঁথনিৰ সৃষ্টি হ, পৃথিৱীৰ বাবে ই এক ডাঙৰ বিয়াৰ গন্তব্যস্থানত পৰিণত হব। ভাৰতৰ ইমান শক্তি আছে যে যদি আমি একেলগে সিদ্ধান্ত লওঁ যে এইটো কৰিব লাগিব, তেন্তে সেয়া হবই। ইমান শক্তি আছে।

 

বন্ধুসকল,

 

পৰিৱৰ্তিত সময়ত আজি ভাৰততো পৰিৱৰ্তনৰ প্ৰচণ্ড বতাহ বলিছে। যোৱা ১০ বছৰত এখন আকাংক্ষী ভাৰতৰ সৃষ্টি হৈছে। দেশৰ এক বৃহৎ জনসংখ্যা আছিল, যিসকল অভাৱত আছিল, বঞ্চিত আছিল, তেওঁলোক অসুবিধাৰ সৈতে জড়িত আছিল, এতিয়া তেওঁলোক সেই সকলোবোৰ বিপদৰ পৰা ওলাই আহি সুবিধাসমূহৰ সৈতে সংযোগ স্থাপন কৰিছে, নতুন সুযোগৰ সৈতে সংযোগ স্থাপন কৰিছে। চৰকাৰৰ কল্যাণমূলক আঁচনিৰ বাবে পাঁচ বছৰত ১৩.৫ কোটিৰো অধিক লোক দৰিদ্ৰতাৰ পৰা ওলাই আহিছে। এই কোটি কোটি লোকে অৰ্থনীতিক এক নতুন গতি প্ৰদান কৰিছে। আজি ভাৰতত উপভোগ ভিত্তিক অৰ্থনীতি দ্ৰুতগতিত আগবাঢ়িছে। এফালে আজি নব্য মধ্যবিত্ত শ্ৰেণী, যি দৰিদ্ৰতাৰ পৰা ওলাই আহিছে, নতুনকৈ দৰিদ্ৰতাৰ পৰা ওলাই অহাসকলে নিজৰ প্ৰয়োজনত অধিক খৰচ কৰিবলৈ আৰম্ভ কৰিছে। আনহাতে, মধ্যবিত্ত শ্ৰেণী, যিয়ে এতিয়া নিজৰ আকাংক্ষা পূৰণৰ বাবে আৰু লগতে নিজৰ পছন্দৰ বস্তুবোৰৰ বাবেও অধিক খৰচ কৰিছে। গতিকে ভাৰতৰ মধ্যবিত্ত শ্ৰেণীৰ সম্ভাৱনা আমি বুজিব লাগিব। সমাজৰ এই শক্তিয়ে উত্তৰাখণ্ডতো আপোনালোকৰ বাবে এক বিশাল বজাৰ সৃষ্টি কৰিছে।

 

বন্ধুসকল,

 

মই আজি উত্তৰাখণ্ড চৰকাৰক হাউছ অৱ হিমালয় ব্ৰেণ্ড মুকলি কৰাৰ বাবে বহুত বহুত অভিনন্দন জনাইছোঁ। উত্তৰাখণ্ডৰ স্থানীয় উৎপাদিত সামগ্ৰীসমূহ বিদেশী বজাৰত প্ৰতিষ্ঠা কৰাৰ এয়া এক অতি অভিনৱ প্ৰচেষ্টা। ইয়াৰ ফলত আমাৰ ভোকেল ফৰ লোকেল আৰু লোকেল ফৰ গ্লবেলৰ ধাৰণাটো আৰু অধিক শক্তিশালী কৰে। ইয়াৰ ফলত উত্তৰাখণ্ডৰ স্থানীয় সামগ্ৰী বিদেশী বজাৰত পৰিচিত হ', নতুন স্থান পাব। ভাৰতত প্ৰতিখন জিলাত প্ৰতিটো ব্লকত এনেকুৱা সামগ্ৰী আছে যি লোকেল কিন্তু সিবিলাকৰ গ্ল'বেল হোৱাৰ সম্ভাৱনা আছে। মই প্ৰায়েই দেখা পাওঁ যে বিদেশত বহুবাৰ মাটিৰ বাচনকো বহুত স্পেচিয়েল বনাই প্ৰস্তুত কৰা হয়। এই মাটিৰ বাচন তাত বহুত দামত পোৱা যায়। ভাৰতত তো আমাৰ বিশ্বকৰ্মা বন্ধুসকলে এনে বহু উন্নত সামগ্ৰী পৰম্পৰাগতভাৱে বনায়। আমি এনে স্থানীয় সামগ্ৰীৰ গুৰুত্বও বুজিব লাগিব আৰু এইবোৰৰ বাবে বিশ্বব্যাপী বজাৰখন অন্বেষণ কৰিব লাগিব। আৰু সেয়েহে আপোনালোকে যিটো হাউছ অৱ হিমালয় ব্ৰেণ্ডৰ কথা ভাবিছে সেয়া মোৰ বাবে ব্যক্তিগতভাৱে আনন্দৰ বিষয়। ইয়াত মোৰ এটা সংকল্পৰ বিষয়ে জনা মানুহ হয়তো অতি কম আছে। কাৰণ এই সংকল্প এনেকুৱা যে আপুনি হয়তো ইয়াৰ পৰা কোনো প্ৰত্যক্ষ লাভ দেখা নাপাব, কিন্তু ইয়াৰ বহু শক্তি আছে। মোৰ এটা সংকল্প আছে, আগন্তুক সময়ত মই এই দেশৰ দুই কোটি গ্ৰাম্য মহিলাক লাখপতি কৰিবলৈ মই লাখপতি দিদি অভিযান চলাইছোঁ। দুই কোটি লাখপতি দিদি বনোৱাটো হয়তো এক কঠিন কাম হব পাৰে। কিন্তু মনতে এটা সংকল্প লৈছোঁ। এই হাউছ অৱ হিমালয় ব্ৰেণ্ড যি আছে, ইয়াৰ জৰিয়তে মোৰ দুই কোটি লাখপতি দিদি বনোৱাৰ কাম যি মোৰ হাতত আছে সেয়া দ্ৰুতগতিত বৃদ্ধি পাব। আৰু সেইবাবেই মই ধন্যবাদ জনাইছোঁ।

 

বন্ধুসকল,

 

আপোনালোকেও এটা ব্যৱসায় হিচাপে ইয়াৰ বিভিন্ন জিলাত এনে সামগ্ৰী চিনাক্ত কৰা উচিত। আমাৰ ভগ্নীসকলৰ আত্মসহায়ক গোট হওক, এফপিঅহওক, যাৰ সৈতে লগ হৈ নতুন সম্ভাৱনাৰ সন্ধান কৰিব লাগে। লোকেলক গ্ল'বেল কৰি তুলিবলৈ এইটো এক আচৰিত অংশীদাৰিত্ব হব পাৰে।

 

বন্ধুসকল,

 

এইবাৰ লালকিল্লাৰ পৰা মই কৈছোঁ যে এখন উন্নত ভাৰত গঢ়িবলৈ হলে ৰাষ্ট্ৰীয় চৰিত্ৰক শক্তিশালী কৰিব লাগিব। আমি যিয়েই নকৰোঁ, সেয়া পৃথিৱীৰ শ্ৰেষ্ঠ হোৱা উচিত। পৃথিৱীয়ে আমাৰ মানদণ্ড অনুসৰণ কৰা উচিত। আমাৰ উৎপাদন জিৰো ইফেক্ট জিৰো ডিফেক্ট সিদ্ধান্তৰ ওপৰত হওক। আমি এতিয়া ৰপ্তানিমুখী উৎপাদন কেনেকৈ বৃদ্ধি কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দিব লাগিব। পিএলআইৰ দৰে অভিলাষী অভিযান আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইয়াত জটিল খণ্ডসমূহৰ বাবে পৰিৱেশ তন্ত্ৰ সৃষ্টিৰ সংকল্প স্পষ্টভাৱে দেখা যায়। ইয়াত আপোনালোকৰ দৰে বন্ধুৰো ডাঙৰ ভূমিকা আছে। এয়া স্থানীয় যোগান শৃংখল আৰু আমাৰ এম এছ এম ইসমূহক শক্তিশালী কৰি তোলাৰ সময়, তাত বিনিয়োগ কৰাৰ সময়। আমি ভাৰতত এনে এটা যোগান শৃংখল গঢ়ি তুলিব লাগিব যে আমি আন দেশৰ ওপৰত যাতে কম নিৰ্ভৰশীল হওঁ। আমি সেই পুৰণি মানসিকতাৰ পৰাও ওলাই আহিব লাগিব যে যদি কিবা এটা নিৰ্দিষ্ট ঠাইত কম দামত পোৱা যায়, তেন্তে তাৰ পৰাই আমদানি কৰা হয়। ইয়াৰ বহুত ডাঙৰ লোকচানৰ আমি সন্মুখীন হৈছোঁ। আপোনালোক সকলো উদ্যোগীয়ে ভাৰততে Capacity Building ৰ ওপৰত সমান গুৰুত্ব দিব লাগে। আমি যিমানেই ৰপ্তানি বৃদ্ধিৰ ওপৰত গুৰুত্ব দিওঁ, আমদানি হ্ৰাস কৰাতো আমি সমানে গুৰুত্ব দিব লাগিব। আমি প্ৰতি বছৰে ১৫ লাখ কোটি টকাৰ পেট্ৰলিয়াম সামগ্ৰী আমদানি কৰোঁ। কয়লা প্ৰধান দেশ হোৱাৰ পিছতো আমি প্ৰতি বছৰে ৪ লাখ কোটি টকাৰ কয়লা আমদানি কৰোঁ। যোৱা ১০ বছৰত দেশত দালি আৰু তৈলবীজৰ আমদানি হ্ৰাস কৰাৰ বাবে বহু প্ৰচেষ্টা চলোৱা হৈছে। কিন্তু আজিও দেশে বাহিৰৰ পৰা ১৫ হাজাৰ কোটিৰো অধিক মূল্যৰ দালি আমদানি কৰিবলগা হয়। যদি ভাৰত দালিৰ ক্ষেত্ৰত স্বাৱলম্বী হয়, তেন্তে এই ধন দেশৰ কৃষকৰ হাতলৈ যাব।

 

বন্ধুসকল,

 

আজি আমি পুষ্টিৰ নামত দেখিছোঁ যে যিকোনো মধ্যবিত্ত পৰিয়াললৈ যদি খাদ্যৰ বাবে যাওঁ তেন্তে তেওঁলোকৰ ডাইনিং টেবুলত বিভিন্ন বস্তুৰ পেকেট পৰি থাকে, বহিঃৰাজ্যৰ পৰা অনা আৰু পেকেটত ভৰোৱা খাদ্যৰ এনেকুৱা ফেশ্বন আছে মই দেখি আছোঁ। আনহাতে আমাৰ দেশত ইয়াৰ ওপৰত লিখি দিলে যে প্ৰটিন সমৃদ্ধ, খোৱা আৰম্ভ। আইৰণ সমৃদ্ধ, খাদ্যৰ বিষয়ে কোনেও সোধা-পোছা নকৰে, মাত্ৰ লিখা আছে, বচ হৈ গ'ল আৰু ইয়াক অমুক দেশত বনোৱা হৈছে, মাত্ৰ চিহ্নিত কৰক। আৰে, আমাৰ দেশত মিলেটকে ধৰি আন বহুতো খাদ্য আছে, যিবোৰ বহুত বেছি পুষ্টিকৰ। আমাৰ কৃষকৰ কঠোৰ পৰিশ্ৰম পানীত পৰিব নালাগে। ইয়াত উত্তৰাখণ্ডতে এনে AYUSHৰ সৈতে জড়িত, জৈৱিক ফল-মূলৰ সৈতে জড়িত এনেধৰণৰ সামগ্ৰীৰ বাবে বহু সম্ভাৱনা আছে। এইবোৰে কৃষক আৰু উদ্যোগী উভয়ৰে বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব পাৰে। আনকি পেকেজড খাদ্যৰ বজাৰতো আমাৰ সৰু কোম্পানীসমূহক আমাৰ সামগ্ৰীসমূহ বিশ্বৰ বজাৰত উপনীত হোৱাত মই ভাবোঁ যে আপোনালোক সকলোৱে নিজৰ ভূমিকা পালন কৰা উচিত।

 

বন্ধুসকল,

 

মই ভাবো ভাৰতৰ বাবে, ভাৰতীয় কোম্পানীসমূহৰ বাবে, ভাৰতীয় বিনিয়োগকাৰীৰ বাবে এয়া এক অভূতপূৰ্ব সময়। আগন্তুক কেইবছৰমানৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হবলৈ গৈ আছে। আৰু মই দেশবাসীক আশ্বাস দিছোঁ যে মোৰ তৃতীয় কাৰ্যকালত দেশখন বিশ্বৰ প্ৰথম তিনিটাৰ ভিতৰত থাকিব। সুস্থিৰ চৰকাৰ, সহযোগী নীতি ব্যৱস্থা, সংস্কাৰ আৰু ৰূপান্তৰৰ মানসিকতা আৰু উন্নয়নৰ প্ৰতি আস্থা, এনে সংমিশ্ৰণ প্ৰথমবাৰৰ বাবে ঘটিছে। গতিকে, মই কওঁ এইটোৱেই সময়, সঠিক সময়। এয়া ভাৰতৰ সময়। মই আপোনালোকক আহ্বান জনাইছোঁ, উত্তৰাখণ্ডৰ সৈতে আগবাঢ়ি, নিজৰো বিকাশ কৰক আৰু লগতে উত্তৰাখণ্ডৰ উন্নয়নতো অংশগ্ৰহণকাৰী হওক। আৰু মই সদায় কওঁ, আমাৰ ইয়াত বছৰ বছৰ ধৰি এটা কল্পনা আছে। কোৱা হয় যে পাহাৰৰ যৌৱন আৰু পাহাৰৰ পানীয়ে পাহাৰৰ কোনো কামত নাহে। যুৱক-যুৱতীসকলে কৰবালৈ গৈ জীৱিকা উপাৰ্জন কৰে, পানী বৈ যায় আৰু কৰবাত উপনীত হয়। কিন্তু মোদীয়ে সিদ্ধান্ত লৈছে যে এতিয়া পাহাৰৰ যুৱক পাহাৰৰ বাবে উপযোগী হব আৰু পাহাৰৰ পানীও পাহাৰৰ বাবে উপযোগী হব। ইমানবোৰ সম্ভাৱনা দেখি মই এটা প্ৰতিশ্ৰুতি লব পাৰোঁ যে আমাৰ দেশখনে প্ৰতিটো কোণত শক্তিৰে, নতুন শক্তিৰে থিয় দিব পাৰে। আৰু সেইবাবেই মই বিচাৰিম আপোনালোক সকলো বন্ধুৱে এই সুযোগৰ সৰ্বাধিক সুবিধা গ্ৰহণ কৰক আৰু নীতিসমূহৰ সুবিধা লওক। চৰকাৰে নীতি নিৰ্ধাৰণ কৰে, ই স্বচ্ছ আৰু সকলোৰে বাবে মুকলি। যাৰ সাহস আছে, খেলপথাৰলৈ আহি সুবিধা লওক। আৰু মই আপোনালোকক নিশ্চয়তা দিছোঁ যে আমি আপোনালোকক যি কওঁ তাৰ বাবে আমি দৃঢ়তাৰে থিয় দিওঁ আৰু লগতে সেইটো পূৰণো কৰোঁ। আপোনালোক সকলোৱে এই গুৰুত্বপূৰ্ণ উপলক্ষে আহিছে, উত্তৰাখণ্ডৰ মোৰ ওপৰত বিশেষ দখল আছে আৰু বহুতে কোৱাৰ দৰে মোৰ জীৱনৰ এটা দিশ গঢ় দিয়াত এই ভূমিৰ এক বৃহৎ অৱদান আছে। কিবা এটা উভতাই দিয়াৰ সুযোগ পালে তাৰ আনন্দও অলপ বেলেগ হয়। আৰু সেইবাবেই মই আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ, আহক এই পৱিত্ৰ ভূমিৰ চৰণ কপালত লৈ আগবাঢ়ি যাওক। আপোনালোকৰ বিকাশ যাত্ৰাত কেতিয়াও কোনো বাধা নাথাকিব, এয়া এই ভূমিৰ আশীৰ্বাদ। বহুত বহুত ধন্যবাদ, বহুত বহুত শুভকামনা।

**********

DS/ST/DK



(Release ID: 1984280) Visitor Counter : 44