গৃহ মন্ত্ৰালয়

আজি ঝাৰখণ্ডৰ হাজাৰীবাগত সীমান্ত সুৰক্ষা বাহিনীৰ ৫৯ সংখ্যক উত্থান দিৱস অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ দিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সহযোগিতা মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে

দেশৰ সীমান্ত ৰক্ষা কৰা সাহসী জোৱানসকল দেশৰ উন্নয়নৰ ভেটি

বি এছ এফৰ জোৱানৰ জীৱনে কেৱল সীমান্ত ৰক্ষা কৰাই নহয় দেশৰ যুৱক-যুৱতীসকলক অনুশাসনৰ বাৰ্তাও দিয়ে

শীঘ্ৰেই বাওঁপন্থী উগ্ৰবাদৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ’ব ভাৰত

আগন্তুক দুবছৰত সমগ্ৰ পাকিস্তান আৰু বাংলাদেশ সীমান্ত বেৰাৰে সুৰক্ষিত কৰা হ’ব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পিপল ইনক্লুছিভ বৰ্ডাৰ মেনেজমেণ্ট পলিচীয়ে সীমা প্ৰহৰীসকলৰ কামৰ বোজা বহুখিনি হ্ৰাস কৰিছে

Posted On: 01 DEC 2023 4:03PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সহযোগিতা মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি ঝাৰখণ্ডৰ হাজাৰীবাগত সীমান্ত সুৰক্ষা বাহিনীৰ ৫৯ সংখ্যক উত্থান দিৱস অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ দিয়ে। শ্ৰী অমিত শ্বাহে বি এছ এফৰ বাৰ্ষিক আলোচনী-‘বৰ্ডাৰমেন’ও মুকলি কৰে। এই উপলক্ষে সীমান্ত সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধানকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ভাষণত শ্ৰী অমিত শ্বাহে কয় যে “জীৱন পৰ্যন্ত কৰ্তব্য” কেৱল বি এছ এফৰ শ্লোগান নহয় বৰঞ্চ আজিলৈকে ১৯০০ৰো অধিক সীমা প্ৰহৰীয়ে নিজৰ জীৱনৰ পৰম ত্যাগ কৰি এই বাক্য সাৰ্থক কৰিছে। তেওঁ কয় যে লাখ লাখ সীমা প্ৰহৰীয়ে জীৱনৰ সোণালী সময়ছোৱা নিজৰ পৰিয়ালৰ পৰা আঁতৰত থাকি কঠিন পৰিস্থিতিত পাৰ কৰিছে। তেওঁ কয় যে দেশৰ সীমান্তৰ প্রথম প্রতিৰক্ষা লাইন হিচাপে বি এছ এফে যিদৰে দেশৰ দুর্গম সীমান্ত সুৰক্ষিত কৰিছে, সীমান্ত সুৰক্ষা বাহিনীৰ এই বীৰ জোৱানসকলক লৈ সমগ্ৰ দেশ গৌৰৱান্বিত৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সহযোগিতা মন্ত্ৰীজনে কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে এটা সীমান্তত এটা নিৰাপত্তা বাহিনী নিয়োগ কৰাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তেওঁ কয় যে এই সিদ্ধান্তৰ অধীনত পাকিস্তান আৰু বাংলাদেশৰ অতি দুৰ্গম সীমান্ত সুৰক্ষাৰ দায়িত্ব সীমান্ত সুৰক্ষা বাহিনীক দিয়া হৈছিল আৰু বি এছ এফে এই দায়িত্ব অতি ভালদৰে পালন কৰিছে। তেওঁ কয় যে জম্মু-কাশ্মীৰৰ বৰফৰ অঞ্চলেই হওক, উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰেই হওক, গুজৰাট আৰু ৰাজস্থানৰ মৰুভূমি হওক, গুজৰাটৰ জলাশয় অঞ্চলেই হওক বা সুন্দৰবন আৰু ঝাৰখণ্ডৰ ঘন অৰণ্যই হওক, বি এছ এফে সদায় সজাগ হৈ আছে আৰু শত্ৰুৰ কু অভিসন্ধি বিফল কৰিছে। সীমান্ত সুৰক্ষা বাহিনীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সেৱা আৰু সাহসৰ নতুন মানদণ্ড নিৰ্ধাৰণ কৰিছে, আনকি ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানতো। শ্ৰী শ্বাহে কয় যে যিখন দেশৰ সীমা সুৰক্ষিত নহয়, সেইখন দেশ কেতিয়াও উন্নয়নমুখী আৰু সমৃদ্ধিশালী হ’ব নোৱাৰে।

                                                                    

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে প্ৰতিটো ক্ষেত্ৰতে অগ্ৰগতি লাভ কৰিছে আৰু সেয়া সম্ভৱ হৈছে তেতিয়াহে যেতিয়া আমাৰ সীমান্ত আমাৰ বীৰ জোৱানসকলৰ ত্যাগ, নিষ্ঠা আৰু বীৰত্বৰ দ্বাৰা সুৰক্ষিত হৈছে। তেওঁ কয় যে দেশৰ সীমান্ত ৰক্ষা কৰা সাহসী জোৱানসকল দেশৰ উন্নয়নৰ ভেটি। শ্ৰী শ্বাহে কয় যে বি এছ এফৰ জোৱানসকলে কেৱল সীমান্ত ৰক্ষা কৰাই নহয় দেশৰ যুৱক-যুৱতীসকলক অনুশাসনৰ বাৰ্তাও দিয়ে। তেওঁ কয় যে আজি মুঠ ২৩জন জোৱানক বীৰত্বৰ পদক আৰু ৫জন জোৱানক মৰণোত্তৰভাৱে পদক প্ৰদান কৰা হৈছে। এই ২৩জন জোৱানৰ ভিতৰত ১১জন জোৱানক Police Medal For Gallantry, ১জন জোৱানক জীৱন ৰক্ষা পদক আৰু ১১জন জোৱানক বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি আৰক্ষী পদক প্ৰদান কৰা হৈছে। মৰণোত্তৰভাৱে পদক লাভ কৰা পাঁচজন শ্বহীদৰ পৰিয়ালক শ্ৰী শ্বাহে কয় যে তেওঁলোকৰ লোকচানৰ ক্ষতিপূৰণ কোনেও দিব নোৱাৰে কিন্তু দেশৰ ১৩০ কোটি জনসাধাৰণে এই শ্বহীদসকলৰ বলিদানৰ বাবে সদায় গৌৰৱ অনুভৱ কৰিব। তেওঁ কয় যে বি এছ এফে ১টা মহাবীৰ চক্ৰ, ৪টা কীৰ্তি চক্ৰ, ১৩টা বীৰ চক্ৰ আৰু ১৩টা শৌৰ্য্য চক্ৰকে ধৰি বহু পদক আৰু বঁটা লাভ কৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সদায় সীমান্ত সুৰক্ষাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দি আহিছে। শ্ৰী মোদীৰ নেতৃত্বত যোৱা ১০ বছৰত সীমান্তৰ নিৰাপত্তা সুদৃঢ় কৰাৰ দিশত বহু পদক্ষেপ গ্ৰহণ কৰা হৈছে। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে নিৰাপত্তা, উন্নয়ন আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াক গুৰুত্ব প্ৰদান কৰিছে। হাজাৰ হাজাৰ কোটি টকাৰ বাজেটেৰে মোদী চৰকাৰে সীমান্ত অঞ্চলত শক্তিশালী আন্তঃগাঁথনি নিৰ্মাণৰ কাম আৰম্ভ কৰা বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰী মোদীয়ে সীমান্ত গাঁৱৰ বহু কল্যাণমূলক আঁচনিৰ সৈতে সীমান্ত সুৰক্ষা বাহিনী আৰু আন সকলো শক্তিক সংযোগ কৰিও বাহিনীৰ জৰিয়তে নিৰাপত্তাৰ সমান্তৰালকৈ জনকল্যাণৰ এক নতুন ধাৰণা আৰম্ভ কৰে। শ্ৰী শ্বাহে কয় যে সীমান্তৱৰ্তী অঞ্চলসমূহত ৰে’ল, পথ, জলপথ সংযোগ আৰু দূৰসংযোগৰ সুবিধাও বৃদ্ধি কৰা হৈছে। তেওঁ কয় যে স্থল সীমান্তৰ বাণিজ্যৰ লগতে মানুহৰ সৈতে মানুহৰ সংযোগো বৃদ্ধি কৰা হৈছে।

                                                                     

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা ১০ বছৰত সীমান্তত প্ৰায় ৫৬০ কিলোমিটাৰ বেৰা স্থাপন কৰি অনুপ্ৰৱেশ আৰু চোৰাং ব্যৱসায় ৰোধ কৰাৰ কাম কৰা হৈছে। তেওঁ কয় যে মোদী চৰকাৰে সিদ্ধান্ত লৈছে যে অহা দুবছৰৰ ভিতৰত সমগ্ৰ পাকিস্তান আৰু বাংলাদেশ সীমান্ত বেৰাৰে সুৰক্ষিত কৰা হ’ব। শ্ৰী শ্বাহে কয় যে সীমান্তৰ ১১০০ কিলোমিটাৰত ফ্লাডলাইট স্থাপন কৰা হৈছে, ৫৪২টা নতুন সীমান্ত আউটপোষ্ট আৰু ৫১০টা পৰ্যবেক্ষণ চকী টাৱাৰ নিৰ্মাণ কৰা হৈছে আৰু প্ৰথমবাৰৰ বাবে হাৰামি নালা অঞ্চলত পৰ্যবেক্ষণ টাৱাৰ নিৰ্মাণ কৰা হৈছে। ৬৩৭টা আউটপোষ্টত বিদ্যুৎ আৰু প্ৰায় ৫০০ স্থানলৈ পানী সংযোগৰ ব্যৱস্থাও কৰা হৈছে। ইয়াৰ উপৰিও ৪৭২টা স্থানত সৌৰ প্লাণ্ট স্থাপন কৰি সীমান্ত পহৰা দি থকা জোৱানসকলৰ সুবিধা সুনিশ্চিত কৰা হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰৰ পিপল ইনক্লুছিভ বৰ্ডাৰ মেনেজমেণ্ট পলিচীয়ে সীমা প্ৰহৰীসকলৰ কামৰ বোজা বহু পৰিমাণে হ্ৰাস কৰিছে। তেওঁ কয় যে বিগত ৫ বছৰত বি এছ এফে ৩০ হাজাৰ কিলোগ্ৰামতকৈ অধিক নিচাজাতীয় দ্ৰব্য জব্দ কৰিছে। তেওঁ কয় যে মাদক দ্ৰব্যই দেশৰ ভৱিষ্যৎ প্ৰজন্মক ধ্বংস কৰাই নহয়, ইয়াৰ পৰা উৎপাদিত ধনে সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্যও প্ৰদান কৰে আৰু সীমান্তৰ এই বাণিজ্যিক সংযোগ অস্ত্ৰ-শস্ত্ৰ সৰবৰাহৰ বাবেও ব্যৱহাৰ কৰা হয়। শ্ৰী শ্বাহে কয় যে এই তিনিটা কাৰণৰ বাবে সমগ্ৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায়ৰ প্ৰতি আমাৰ কঠোৰ, শূন্য সহনশীলতা আৰু স্পৰ্শকাতৰ নীতি থকাটো অতি প্ৰয়োজনীয় আৰু বি এছ এফে এই কাম অতি ভালদৰে কৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে সীমান্ত সুৰক্ষা বাহিনীয়ে ২৫০০ৰো অধিক অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিছে আৰু এণ্টি ড্ৰোন প্ৰযুক্তিৰ দৰে বিকশিত প্ৰযুক্তিৰ সৈতে অতি ভাল পৰীক্ষা-নিৰীক্ষা কৰিছে। তেওঁ কয় যে বি এছ এফে এতিয়ালৈকে ৯০ খনতকৈও অধিক বিদেশী ড্ৰোন গুলীয়াই ভূপতিত কৰিছে আৰু লগতে নতুন দিল্লীত বি এছ এফ ড্ৰোন আৰু চাইবাৰ ফৰেনছিক লেব স্থাপন কৰি বিদেশী ড্ৰোনৰ পথ চিনাক্ত কৰি অনুসন্ধান আৰু বিকাশৰ ক্ষেত্ৰতো অতি ভাল কাম কৰি আছে। তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে এলেকা আধিপত্যৰ বাবে ফিল্ড ফৰ্মেচনৰ লগতে ১০০খন ড্ৰোন প্ৰদান কৰিছে যিবোৰ বি এছ এফৰ জোৱানসকলে অতি ভালদৰে ব্যৱহাৰ কৰি আছে। শ্ৰী শ্বাহে কয় যে ৫ বছৰত ৫ কোটি গছপুলি ৰোপণৰ শ্লোগান দিয়া হৈছিল আৰু আমাৰ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ)য়ে এতিয়ালৈকে ৫ কোটি গছপুলি ৰোপণ কৰিছে আৰু লগতে প্ৰতিটো গছপুলিৰ বিপৰীতে এজনকৈ জোৱানক সংযুক্ত কৰি নিজৰ সন্তানৰ দৰে গছজোপাক লালন-পালন কৰাৰ ব্যৱস্থা কৰিছে। শ্ৰী শ্বাহে কয় যে এই ৫ কোটি গছপুলিৰ ভিতৰত ৯২ লাখ গছপুলি ৰোপণ কৰিছে সীমান্ত সুৰক্ষা বাহিনীৰ সীমা প্ৰহৰীসকলে। এই গছপুলিবোৰ ভৱিষ্যতে ডাঙৰ ডাঙৰ গছ হৈ পৰিব আৰু ইয়াক ৰোপণ কৰা সৈনিকসকলৰ স্মৃতি উজ্জ্বলাই ৰাখিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে দেশখন বাওঁপন্থী উগ্ৰবাদৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ’ব পৰা দিনটো বহু দূৰত নহয় আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা ১০ বছৰত এই দিশত নিৰন্তৰ প্ৰচেষ্টা চলিছে। তেওঁ কয় যে মোদী চৰকাৰৰ প্ৰচেষ্টাৰ ফলস্বৰূপে হিংসাৰ ঘটনা ৫২ শতাংশ, মৃত্যুৰ ঘটনা ৭০ শতাংশ আৰু বাওঁপন্থী উগ্ৰবাদৰ দ্বাৰা ক্ষতিগ্ৰস্ত জিলাসমূহ ৯৬ৰ পৰা ৪৫লৈ হ্ৰাস পাইছে। শ্ৰী শ্বাহে কয় যে বাওঁপন্থী উগ্ৰবাদ সংকুচিত হৈছে আৰু এতিয়া চি আৰ পি এফ, বি এছ এফ আৰু আই টি বি পিয়ে নতুন সাহস আৰু উৎসাহেৰে ইয়াক চূড়ান্ত আঘাত হানিবলৈ সাজু হৈছে। তেওঁ কয় যে অনাগত দিনত দেশক বাওঁপন্থী উগ্ৰবাদৰ পৰা মুক্ত কৰিবলৈ মোদী চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এই অঞ্চলসমূহত নিৰাপত্তাৰক্ষীৰ শূন্যতা পূৰণৰ বাবে ২০১৯ চনৰ পৰা ১৯৯টা নতুন শিবিৰ মুকলি কৰা হৈছে বুলিও তেওঁ কয়। শ্ৰী শ্বাহে কয় যে নতুন শিবিৰ স্থাপন আৰু টহল বৃদ্ধি কৰি বাওঁপন্থী উগ্ৰপন্থীসকলৰ সকলো সম্পদ নিয়ন্ত্ৰিত কৰা হৈছে আৰু ইয়াৰ ফলস্বৰূপে আমি বুঢ়া পাহাড় আৰু চাকৰবাণ্ডা আদি জটিল অঞ্চলসমূহ বাওঁপন্থী উগ্ৰবাদৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰাত সফল হৈছোঁ। তেওঁ কয় যে বাওঁপন্থী উগ্ৰবাদৰ বিৰুদ্ধে চূড়ান্ত যুদ্ধ এতিয়াও কলহান আৰু ঝাৰখণ্ডৰ কিছু অঞ্চলত চলি আছে আৰু আমি নিশ্চিতভাৱে এই যুদ্ধত জয়ী হ'ম।

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ দেশতে ৪০ লাখৰো অধিক আয়ুষ্মান CAPF কাৰ্ড বিতৰণ কৰা হৈছে। তেওঁ কয় যে শ্ৰী নৰেন্দ্ৰ মোদীয়েও প্ৰায় ১৩ হাজাৰ জোৱানক ঘৰৰ ব্যৱস্থা কৰিছে, ১১৩টা নতুন বেৰেক নিৰ্মাণ কৰা হৈছে আৰু অতি সোনকালে আৰু ১১ হাজাৰ ঘৰ জোৱানসকলক দিয়া হ’ব আৰু ১০৮টা বেৰেকো নিৰ্মাণ কৰা হ’ব। তেওঁ কয় যে চলিত বৰ্ষৰ শেষৰ ফালে যোৱা ৫ বছৰত ২৪ হাজাৰৰো অধিক জোৱানক গৃহ প্ৰদানৰ কাম সম্পূৰ্ণ হ’ব। ইয়াৰ উপৰিও CAPF ই-হাউছিং পৰ্টেলৰ জৰিয়তে ৭০ হাজাৰৰো অধিক জোৱানক খালী ঘৰ আবণ্টন দিয়া হৈছে। তেওঁ কয় যে কেন্দ্ৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে এয়াৰ কুৰিয়ৰ সেৱা, এক্স-গ্ৰেছিয়াত সমতা অনা আৰু কেন্দ্ৰীয় এক্স-গ্ৰেছিয়াৰ পৰিমাণ বৃদ্ধিৰ দৰে বহু কাম কৰিছে। শ্ৰী শ্বাহে কয় যে শ্ৰী নৰেন্দ্ৰ মোদীৰ শাসনৰ ১০ বছৰত আমি তিনিওটা হটস্পট- জম্মু-কাশ্মীৰ, বাওঁপন্থী উগ্ৰবাদ প্ৰভাৱিত অঞ্চল আৰু উত্তৰ-পূবত যুদ্ধত জয়ী হোৱাত সফল হৈছোঁ। তেওঁ কয় যে আজি কাশ্মীৰত সন্ত্ৰাসবাদৰ ওপৰত নিৰাপত্তাৰক্ষীৰ সম্পূৰ্ণ আধিপত্য আছে। উত্তৰ-পূৰ্বাঞ্চলৰ হিংসাৰ পৰিস্থিতিও বহুখিনি উন্নত হৈছে আৰু আমি বাওঁপন্থী উগ্ৰবাদৰ বিৰুদ্ধে যুঁজত জয়ী হোৱাৰ পথত আগবাঢ়িছোঁ আৰু এই সকলো ফ্ৰণ্টতে এই যুঁজত বি এছ এফৰ জোৱানসকলে বিপুল অৱদান আগবঢ়াইছে।

**********

 

RK/AY/ASH/AKS



(Release ID: 1982475) Visitor Counter : 55