প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

চিঅ’পি-২৮ত লিডাৰশ্বিপ গ্ৰুপ ফৰ ইণ্ডাষ্ট্ৰী ট্ৰানজিচনৰ দ্বিতীয় পৰ্যায় সহযোগিতাৰে আয়োজন কৰে ভাৰত আৰু ছুইডেনে

प्रविष्टि तिथि: 01 DEC 2023 8:29PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰীষ্টাৰছনে ডুবাইৰ চিঅ’পি-২৮ত ২০২৪-২৬ চনৰ বাবে লিডাৰশ্বিপ গ্ৰুপ ফৰ ইণ্ডাষ্ট্ৰী ট্ৰানজিচন (লিডআইটি ২.০)ৰ দ্বিতীয় পৰ্যায়ৰ সহযোগিতাৰে আৰম্ভ কৰে।

ভাৰত আৰু ছুইডেনে লগতে লিডাৰশ্বিপ গ্ৰুপ ফৰ ইণ্ডাষ্ট্ৰী ট্ৰানজিচন মঞ্চও মুকলি কৰে, যিয়ে দুয়োখন দেশৰ চৰকাৰ, উদ্যোগ, প্ৰযুক্তি প্ৰদানকাৰী, গৱেষক আৰু থিংক টেংকক সংযোগ কৰিব।

অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে লিডআই ২.০ই তলত উল্লেখ কৰা বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।

• সমাৱেশী আৰু ন্যায়সংগত উদ্যোগ পৰিৱৰ্তন

• কম কাৰ্বনযুক্ত প্ৰযুক্তিৰ সহ-বিকাশ আৰু হস্তান্তৰ

• উদ্যোগ পৰিৱৰ্তনৰ বাবে উত্থানশীল অৰ্থনীতিসমূহলৈ আৰ্থিক সহায়

২০১৯ চনত নিউয়ৰ্কত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ জলবায়ু কাৰ্য্য সন্মিলনত ভাৰত আৰু ছুইডেনে সহযোগিতাৰে লিডআইটি আৰম্ভ কৰিছিল।

*******

DS/ST/DB


(रिलीज़ आईडी: 1981908) आगंतुक पटल : 139
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam