প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘আইএএফ’-ৰ মাল্টিৰোল ফাইটাৰ জেট তেজছৰ ‘ছৰ্টি’ সম্পূৰ্ণ কৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
25 NOV 2023 1:07PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় বায়ু সেনাবাহিনীৰ ভিন্ন ভূমিকা পালন কৰিব পৰা যুদ্ধ বিমান ‘তেজছ’ৰ এটি ‘ছৰ্টি’ সফলতাৰে সম্পূৰ্ণ কৰিলে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত তেওঁৰ অভিজ্ঞতাৰ সহভাগ কৰে:
"তেজছ’ত সফলতাৰে এটি ‘ছৰ্টি’ সম্পূৰ্ণ কৰিলো। এই অভিজ্ঞতাই অবিশ্বাস্যভাৱে সমৃদ্ধিশালী কৰি তুলিছিল, আমাৰ দেশৰ থলুৱা সামৰ্থ্যৰ ওপৰত মোৰ আস্থা যথেষ্ট বৃদ্ধি কৰিছিল, আৰু আমাৰ ৰাষ্ট্ৰীয় সম্ভাৱনাক লৈ এক নতুন গৌৰৱ আৰু আশাবাদৰ ভাৱনাই মোক প্ৰবুদ্ধ কৰিছিল।"
"আজি ‘তেজছ’ত উৰা মাৰি মই অতি গৌৰৱেৰে ক'ব পাৰোঁ যে আমাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বাবে আমি আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত পৃথিৱীৰ আন কোনো শক্তিতকৈ কম নহয়। ‘ভাৰতীয় বায়ু সেনা’, ‘ডিআৰডিঅ' আৰু ‘এইচএএল’ৰ লগতে সকলো ভাৰতীয়ক আন্তৰিক শুভেচ্ছা জনাইছোঁ। "
***
DS/TS/KB
(ৰিলিজ আই ডি : 1980330)
অতিথি কক্ষ : 135
ত এই ৰিলিজটো পঢ়ক:
Gujarati
,
Odia
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Tamil
,
Telugu
,
Kannada
,
Malayalam